--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ হিন্দু মন্দিৰৰ বাহিৰত স্থাপন কৰা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি চলিত মাহৰ আৰম্ভণিতে ক্ষতিগ্ৰস্ত কৰা হৈছিল। ইয়াৰ পাছতে ছজনীয়া অচিনাক্ত লোকৰ দলে প্ৰতিমূৰ্তিটো ধ্বংস কৰে, সম্ভৱতঃ সেয়া আছিল ঘৃণাজনীত কাৰণ। এই সমগ্ৰ বিষয়টোত ভাৰতে এই জঘন্য কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে। ভাৰতৰ হৈ এই বিষয়টো আমেৰিকান কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰা হৈছে যাতে এই কৰ্মৰ বাবে দায়ীসকলক জবাবদিহি কৰিব পৰা যায়।

তুলসী মন্দিৰৰ বাহিৰত হাতুৰীৰে ভাঙিলে মূৰ্তি

নিউয়ৰ্ক চহৰৰ আৰক্ষী বিভাগে এক বিবৃতিত জনোৱা মতে, ১৬ আগষ্টৰ দিনৰ ১:৩০ বজাত আৰক্ষীক জনোৱা হৈছিল যে তুলসী মন্দিৰৰ সন্মুখত ছজনীয়া অচিনাক্ত লোকৰ এটা দলে হাতুৰীৰে কোবাই এটা ধৰ্মীয় মূৰ্তি ভাঙি পেলাইছে। আৰক্ষীয়ে এই দুষ্কৃতিকাৰীক বিচাৰি উলিওৱাত সহায় কৰিবলৈ আহ্বান জনাইছে। নিউয়ৰ্ক ৰাজ্যৰ বিধায়িনী দলৰ সদস্য জেনিফাৰ ৰাজকুমাৰে বৃহস্পতিবাৰে এক বিবৃতিত কয় যে শ্ৰী তুলসী মন্দিৰৰ বাহিৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি দ্বিতীয়বাৰৰ বাবে ভাঙি পেলোৱা হৈছে। এইবাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ’ল।

কেমেৰাৰ ফুটেজত দেখিবলৈ পোৱা গ'ল প্ৰতিমূৰ্তি ভাঙি থকা দেখিবলৈ পোৱা গৈছে

cbsnews.com ৰ খবৰ অনুসৰি  কেমেৰাৰ ফুটেজত মঙলবাৰে এজন লোকে গান্ধীৰ মূৰ্তি হাতুৰীৰে ভাঙি পেলোৱা দেখা পোৱা যায়। কেইমিনিটমান পিছত ছয় জনীয়া এটা দলে ধুমুহাৰ গতিত সোমাই আহি হাতুৰীৰে মূৰ্তিটো ভাঙি পলায়ন কৰে। খবৰত দক্ষিণ ৰিচমাউণ্ড পাহাৰত অৱস্থিত শ্ৰী তুলসী মন্দিৰৰ প্ৰতিষ্ঠাপক লখৰাম মহাৰাজৰ উদ্ধৃতিৰে কোৱা হৈছে যে সমাজৰ বহু লোক এতিয়া মন্দিৰলৈ যাবলৈ ভয় খাইছে।

মন্দিৰৰ দেৱালত লিখিলে অশ্লীল শব্দ

বুধবাৰে পুৱা মহাৰাজে লক্ষ্য কৰে যে গান্ধীৰ মূৰ্তিটো ধ্বংসাৱশেষলৈ পৰিণত কৰা হৈছে। মন্দিৰৰ দেৱালত লিখা আছিল অশ্লীল শব্দ আৰু অন্যান্য গালি-গালাজ। তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, দুসপ্তাহ পূৰ্বে একেটা গান্ধীৰ প্ৰতিমূৰ্তিৰ ক্ষতিসাধন হৈছিল। ইফালে, কনছুলেটে এক বিবৃতিত কয় ,' নিউয়ৰ্কৰ এটা মন্দিৰৰ বাহিৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়া হৈছে। আমি এই বিষয়টো আমেৰিকাৰ কৰ্তৃপক্ষৰ ওচৰত লৈছো আৰু এনে জঘন্য কাৰ্য্যৰ বাবে দায়ীসকলক জবাবদিহি কৰিব পৰাকৈ এক সম্যক তদন্তৰ আহ্বান জনাইছো।' 

ইফালে এই কাপুৰুষতাপূৰ্ণ কাৰ্যক গৰিহণা দি ফেডাৰেচন অৱ ইণ্ডিয়ান এছ’চিয়েশ্যনৰ সভাপতি অংকুৰ বৈদ্যই কয় যে, “আমি মেয়ৰ কাৰ্যালয় আৰু নিউয়ৰ্ক আৰক্ষী বিভাগক অনুৰোধ কৰিছো যে এই কু-অভিপ্ৰায় কাৰ্য্যৰ তদন্ত কৰি অপৰাধীসকলক ন্যায় ব্যৱস্থাৰ ওচৰলৈ আনিব লাগে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু