--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ হিন্দু মন্দিৰৰ বাহিৰত স্থাপন কৰা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি চলিত মাহৰ আৰম্ভণিতে ক্ষতিগ্ৰস্ত কৰা হৈছিল। ইয়াৰ পাছতে ছজনীয়া অচিনাক্ত লোকৰ দলে প্ৰতিমূৰ্তিটো ধ্বংস কৰে, সম্ভৱতঃ সেয়া আছিল ঘৃণাজনীত কাৰণ। এই সমগ্ৰ বিষয়টোত ভাৰতে এই জঘন্য কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে। ভাৰতৰ হৈ এই বিষয়টো আমেৰিকান কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰা হৈছে যাতে এই কৰ্মৰ বাবে দায়ীসকলক জবাবদিহি কৰিব পৰা যায়।

তুলসী মন্দিৰৰ বাহিৰত হাতুৰীৰে ভাঙিলে মূৰ্তি

নিউয়ৰ্ক চহৰৰ আৰক্ষী বিভাগে এক বিবৃতিত জনোৱা মতে, ১৬ আগষ্টৰ দিনৰ ১:৩০ বজাত আৰক্ষীক জনোৱা হৈছিল যে তুলসী মন্দিৰৰ সন্মুখত ছজনীয়া অচিনাক্ত লোকৰ এটা দলে হাতুৰীৰে কোবাই এটা ধৰ্মীয় মূৰ্তি ভাঙি পেলাইছে। আৰক্ষীয়ে এই দুষ্কৃতিকাৰীক বিচাৰি উলিওৱাত সহায় কৰিবলৈ আহ্বান জনাইছে। নিউয়ৰ্ক ৰাজ্যৰ বিধায়িনী দলৰ সদস্য জেনিফাৰ ৰাজকুমাৰে বৃহস্পতিবাৰে এক বিবৃতিত কয় যে শ্ৰী তুলসী মন্দিৰৰ বাহিৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি দ্বিতীয়বাৰৰ বাবে ভাঙি পেলোৱা হৈছে। এইবাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ’ল।

কেমেৰাৰ ফুটেজত দেখিবলৈ পোৱা গ'ল প্ৰতিমূৰ্তি ভাঙি থকা দেখিবলৈ পোৱা গৈছে

cbsnews.com ৰ খবৰ অনুসৰি  কেমেৰাৰ ফুটেজত মঙলবাৰে এজন লোকে গান্ধীৰ মূৰ্তি হাতুৰীৰে ভাঙি পেলোৱা দেখা পোৱা যায়। কেইমিনিটমান পিছত ছয় জনীয়া এটা দলে ধুমুহাৰ গতিত সোমাই আহি হাতুৰীৰে মূৰ্তিটো ভাঙি পলায়ন কৰে। খবৰত দক্ষিণ ৰিচমাউণ্ড পাহাৰত অৱস্থিত শ্ৰী তুলসী মন্দিৰৰ প্ৰতিষ্ঠাপক লখৰাম মহাৰাজৰ উদ্ধৃতিৰে কোৱা হৈছে যে সমাজৰ বহু লোক এতিয়া মন্দিৰলৈ যাবলৈ ভয় খাইছে।

মন্দিৰৰ দেৱালত লিখিলে অশ্লীল শব্দ

বুধবাৰে পুৱা মহাৰাজে লক্ষ্য কৰে যে গান্ধীৰ মূৰ্তিটো ধ্বংসাৱশেষলৈ পৰিণত কৰা হৈছে। মন্দিৰৰ দেৱালত লিখা আছিল অশ্লীল শব্দ আৰু অন্যান্য গালি-গালাজ। তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, দুসপ্তাহ পূৰ্বে একেটা গান্ধীৰ প্ৰতিমূৰ্তিৰ ক্ষতিসাধন হৈছিল। ইফালে, কনছুলেটে এক বিবৃতিত কয় ,' নিউয়ৰ্কৰ এটা মন্দিৰৰ বাহিৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়া হৈছে। আমি এই বিষয়টো আমেৰিকাৰ কৰ্তৃপক্ষৰ ওচৰত লৈছো আৰু এনে জঘন্য কাৰ্য্যৰ বাবে দায়ীসকলক জবাবদিহি কৰিব পৰাকৈ এক সম্যক তদন্তৰ আহ্বান জনাইছো।' 

ইফালে এই কাপুৰুষতাপূৰ্ণ কাৰ্যক গৰিহণা দি ফেডাৰেচন অৱ ইণ্ডিয়ান এছ’চিয়েশ্যনৰ সভাপতি অংকুৰ বৈদ্যই কয় যে, “আমি মেয়ৰ কাৰ্যালয় আৰু নিউয়ৰ্ক আৰক্ষী বিভাগক অনুৰোধ কৰিছো যে এই কু-অভিপ্ৰায় কাৰ্য্যৰ তদন্ত কৰি অপৰাধীসকলক ন্যায় ব্যৱস্থাৰ ওচৰলৈ আনিব লাগে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়