--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ইংলেণ্ডৰ খেল চাই হতাশ হ’ল ইংলিছ ফুটবলাৰসকলৰ পত্নী আৰু বান্ধৱীসকল। শুক্ৰবাৰে অনুষ্ঠিত হোৱা মেচখন গ’লশূণ্যভাৱে ড্ৰ হয়। বিশ্বকাপৰ প্ৰথমখন মেচত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা হেৰী কেন, ৰাহিম ষ্টাৰলিংহঁতে আমেৰিকা যুক্তৰাষ্ট্ৰ বিৰুদ্ধে এটাও গ’ল কৰিবলৈ সক্ষম নহ’ব।

উল্লেখ্য যে প্ৰতিখন বিশ্বকাপতে ইংলেণ্ডৰ ফুটবলাৰসকলে নিজৰ পত্নী আৰু বান্ধৱীসকলক লগত লৈ আহে। ইংলেণ্ডৰ জাৰ্চি পিন্ধি ষ্টেডিয়ামৰ আসন শুৱনি কৰে তেওঁলোকে। এইবাৰো কাইল ৱাকাৰ, জেক গ্ৰিলিছ, জৰ্ডান পিকফ’ৰ্ড, বুকায়’ চাকাহঁতৰ সু্ন্দৰী পত্নী-বান্ধৱীসকলে কাটাৰলৈ আহিছে।

কাটাৰৰ ৰাজধানী দোহাৰ কাষত এখন প্ৰমোদতৰীত বিশ্বকাপৰ সময়খিনি অতিবাহিত কৰিছে তেওঁলোকে। প্ৰমোদতৰীখনত ৬টাকৈ চুইমিং পুল আৰু ৩০খনকৈ বাৰ আছে।

কিন্তু শুকৰ্বাৰে নিজৰ স্বামী আৰু প্ৰেমিকসকলৰ ছন্দহীন খেলা দেখি ষ্টেডিয়ামৰ গেলেৰীত বিৰক্ত হোৱা দেখা গ’ল তেওঁলোকক গেলেৰীত বহি কোনোৱে যদি ঘনে ঘনে হামি মাৰিলে, কোনোৱে আকৌ মোবাইলত ব্যস্ত হৈ পৰিল। 

ইংলেণ্ডৰ ফুটবলাৰ ৰামচডেলৰ বান্ধৱী জিঅ’ৰজিনাক হামিওৱা দেখা গ’ল। জৰ্দান পিকফৰ্ডৰ পত্নী মেগানক হতাশ ৰূপত দেখা গ’ল। জেক গ্ৰিলীছৰ পত্নী সাছা এটউডক দেখা গ’ল মোবাইলত মগ্ন হৈ থকা।

উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰ বিৰুদ্ধে শুকৰ্বাৰে জয়লাভ কৰা হ’লে ইংলেণ্ডে চুপাৰ চিক্সটিনলৈ আগুৱাবলৈ সুবিধা হ’লহেঁতেন। কিন্তু ইয়াৰ বাবে দলটো এতিয়া মুখামুখি হ’ব লাগিব ৱেলছৰ স’তে খেলিব লগা পৰৱৰ্তী মেচখনৰ বাবে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক