--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ইংলেণ্ডৰ খেল চাই হতাশ হ’ল ইংলিছ ফুটবলাৰসকলৰ পত্নী আৰু বান্ধৱীসকল। শুক্ৰবাৰে অনুষ্ঠিত হোৱা মেচখন গ’লশূণ্যভাৱে ড্ৰ হয়। বিশ্বকাপৰ প্ৰথমখন মেচত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা হেৰী কেন, ৰাহিম ষ্টাৰলিংহঁতে আমেৰিকা যুক্তৰাষ্ট্ৰ বিৰুদ্ধে এটাও গ’ল কৰিবলৈ সক্ষম নহ’ব।

উল্লেখ্য যে প্ৰতিখন বিশ্বকাপতে ইংলেণ্ডৰ ফুটবলাৰসকলে নিজৰ পত্নী আৰু বান্ধৱীসকলক লগত লৈ আহে। ইংলেণ্ডৰ জাৰ্চি পিন্ধি ষ্টেডিয়ামৰ আসন শুৱনি কৰে তেওঁলোকে। এইবাৰো কাইল ৱাকাৰ, জেক গ্ৰিলিছ, জৰ্ডান পিকফ’ৰ্ড, বুকায়’ চাকাহঁতৰ সু্ন্দৰী পত্নী-বান্ধৱীসকলে কাটাৰলৈ আহিছে।

কাটাৰৰ ৰাজধানী দোহাৰ কাষত এখন প্ৰমোদতৰীত বিশ্বকাপৰ সময়খিনি অতিবাহিত কৰিছে তেওঁলোকে। প্ৰমোদতৰীখনত ৬টাকৈ চুইমিং পুল আৰু ৩০খনকৈ বাৰ আছে।

কিন্তু শুকৰ্বাৰে নিজৰ স্বামী আৰু প্ৰেমিকসকলৰ ছন্দহীন খেলা দেখি ষ্টেডিয়ামৰ গেলেৰীত বিৰক্ত হোৱা দেখা গ’ল তেওঁলোকক গেলেৰীত বহি কোনোৱে যদি ঘনে ঘনে হামি মাৰিলে, কোনোৱে আকৌ মোবাইলত ব্যস্ত হৈ পৰিল। 

ইংলেণ্ডৰ ফুটবলাৰ ৰামচডেলৰ বান্ধৱী জিঅ’ৰজিনাক হামিওৱা দেখা গ’ল। জৰ্দান পিকফৰ্ডৰ পত্নী মেগানক হতাশ ৰূপত দেখা গ’ল। জেক গ্ৰিলীছৰ পত্নী সাছা এটউডক দেখা গ’ল মোবাইলত মগ্ন হৈ থকা।

উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰ বিৰুদ্ধে শুকৰ্বাৰে জয়লাভ কৰা হ’লে ইংলেণ্ডে চুপাৰ চিক্সটিনলৈ আগুৱাবলৈ সুবিধা হ’লহেঁতেন। কিন্তু ইয়াৰ বাবে দলটো এতিয়া মুখামুখি হ’ব লাগিব ৱেলছৰ স’তে খেলিব লগা পৰৱৰ্তী মেচখনৰ বাবে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন