--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট এৰাৰ পাছত ড্ৰাগছ আসক্ত হৈ পৰিছিল ৱাছিম আক্ৰাম। নিজৰ আত্মজীৱনীত তেওঁ এই কথা ইতিমধ্যে উল্লেখ কৰি থৈছে। এইবাৰ আক্ৰমামে এই সন্দৰ্ভত নতুন এটা ভাষ্য আগবঢ়াইছে।

পাকিস্তানৰ প্ৰসিদ্ধ বেগী বলাৰগৰাকীয়ে কয় যে তেওঁক জোৰ কৰি নিজৰ প্ৰাক্তন পত্নীয়ে নিচামুক্তি কেন্দ্ৰত থাকিবলৈ ব্যৱস্থা কৰিছিল। 

উল্লেখ্য যে খেলপথাৰত এগৰাকী ভদ্ৰ ক্ৰিকেটাৰ হিচাপে সুনাম থকা আক্ৰামে নিচাৰ আশ্ৰয় লোৱা বুলি স্বীকাৰোক্তি কৰোতে অনুৰাগীসকল অবাক হৈ পৰিছিল। সেই সময়ত তেওঁ জনাইছিল যে প্ৰায় ছয় বছৰ ধৰি নিয়মিতভাৱে কোকেইন সেৱন কৰিছিল তেওঁ। কিন্তু প্ৰাক্তন পত্নী হুমাৰ সহায়ত নিচাৰ পৰা হাত সাৰিব পাৰিছিল।

''পৰিস্থিতি হাতৰ বাহিৰলৈ গুছি গৈছিল। নিজক নিয়ন্ত্ৰণ কৰিব পৰা নাছিলো। এটাৰ পৰা দুটা, দুটাৰ পৰা চাৰিটা, মোৰ কোকেইন সেৱৰ পৰিমাণ বাঢ়ি গৈছিল। ৰাতি শুব পৰা নাছিলো। খাব পাৰিছিলো। ডায়েবেটিছ বাঢ়ি গৈছিল।’’- আক্ৰমে কয়।

''হুমাই এদিন মোক ধৰা পেলালে। মোৰ ৱালেটত কোকেইনৰ পেকেট দেখি ক’লে যে মোক সহায়ৰ প্ৰয়োজন। মই ৰাজি হৈ গৈছিলো।’’- প্ৰাক্তন পত্নীৰ সম্বন্ধে আক্ৰামে কয়।

কিন্তু এইবাৰ প্ৰাক্তন পত্নীগৰাকীৰ বিৰুদ্ধে অভিযোগ তুলিলে আক্ৰামে। কয় যে তেওঁ এমাহৰ বাবে নিচামুক্তি কেন্দ্ৰত থাকিব বিচাৰিছিল। কিন্তু তেওঁৰ ইচ্ছাৰ বিপৰীতে আঢ়ৈ মাহৰ বাবে তাত ৰখা হৈছিল। 

উল্লেখ্য যে হুমাৰ স’তে আক্ৰামে ১৯৯৫ চনত বিবাহপাশত আৱদ্ধ হৈছিল। আক্ৰমাৰ কেৰিয়াৰৰ সোণালী সময়ত হুমাই সহযোগ কৰিছিল। কিন্তু ২০০৯ চনত হুমাৰ মৃত্যু হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক