--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিফাৰ উপৰত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিলে ব্ৰিটিছ মডেল তথা জনপ্ৰিয় পৰ্ণ তাৰকা তানিয়া টেটে। পৰ্ণষ্টাৰগৰাকী ফুটবল অনুৰাগী। কিন্তু এইবাৰৰ বিশ্বকাপ তেওঁ চাবলৈ ইচ্ছা কৰা নাই।

কাটাৰত বিশ্বকাপ অনুষ্ঠিত কৰাৰ বাবেই তেওঁ এই অসন্তুষ্টি ব্যক্ত কৰিছে। কেৱল কাটাৰ নহয়, পশ্চিম এছিয়াৰ যিকোনো দেশতে বিশ্বকাপৰ আয়োজন কৰাটো তেওঁ নিবিচাৰে।

ইয়াৰ কাৰণ হৈছে পশ্চিম এছিয়াত বাস কৰা লোকসকলৰ মানসিকতা তেওঁৰ ভীষণ অপচন্দৰ। তানিয়াই জনাইছে যে পশ্চিম এছিয়াৰ দেশসমূহৰ পৰা তেওঁলৈ মোবাইলত অনেক যৌনতাৰ প্ৰস্তাৱ আহে।

বিশেষকৈ চৌদী আৰৱত এইধৰণৰ যৌনতাৰ চাহিদা বেছি তেওঁ দাবী কৰিছে। তেওঁ কয় যে কাটাৰ, চৌদী আৰৱ অথবা পশ্চিম এছিয়াৰ অন্ন্যান্য দেশৰ ৰক্ষণশীল দৃষ্টিভংগী অত্যন্ত আপত্তিজনক।

তানিয়াই দাবী কৰিছে যে এই দেশসমূহত ছোৱালীৰ প্ৰতি অহৰ্নিশে অন্যায় হৈ আহিছে। কাটাৰৰ সমকামীতা নিষিদ্ধ আইন সম্পৰ্কেও ক্ষুব্ধ পৰ্ণষ্টাৰগৰাকী।

উল্লেখ্য যে ৪৩ বৰ্ষীয়া তানিয়া জনপ্ৰিয় মডেল আৰু পৰ্ণষ্টাৰ। ফুটবল অনুৰাগী তানিয়া লিভাৰপুলৰ একনিষ্ঠ ভক্ত। লিভাৰপুলতে তেওঁৰ জন্ম। 

''মোৰ কেৰিয়াৰ মই ব্যক্তিগত ইচ্ছাৰ ওপৰত ভিত্তি কৰি গঢ়িছো। মই নিজকে অত্যন্ত সৌভাগ্যৱতী হিচাপে গণ্য কৰো কাৰণ নিজৰ ইচ্ছা অনুযায়ী কাম কৰিব পাৰিছো।’’- সংবাদমাধ্যমৰ আগত তানিয়াই কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক