--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিফাৰ উপৰত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিলে ব্ৰিটিছ মডেল তথা জনপ্ৰিয় পৰ্ণ তাৰকা তানিয়া টেটে। পৰ্ণষ্টাৰগৰাকী ফুটবল অনুৰাগী। কিন্তু এইবাৰৰ বিশ্বকাপ তেওঁ চাবলৈ ইচ্ছা কৰা নাই।

কাটাৰত বিশ্বকাপ অনুষ্ঠিত কৰাৰ বাবেই তেওঁ এই অসন্তুষ্টি ব্যক্ত কৰিছে। কেৱল কাটাৰ নহয়, পশ্চিম এছিয়াৰ যিকোনো দেশতে বিশ্বকাপৰ আয়োজন কৰাটো তেওঁ নিবিচাৰে।

ইয়াৰ কাৰণ হৈছে পশ্চিম এছিয়াত বাস কৰা লোকসকলৰ মানসিকতা তেওঁৰ ভীষণ অপচন্দৰ। তানিয়াই জনাইছে যে পশ্চিম এছিয়াৰ দেশসমূহৰ পৰা তেওঁলৈ মোবাইলত অনেক যৌনতাৰ প্ৰস্তাৱ আহে।

বিশেষকৈ চৌদী আৰৱত এইধৰণৰ যৌনতাৰ চাহিদা বেছি তেওঁ দাবী কৰিছে। তেওঁ কয় যে কাটাৰ, চৌদী আৰৱ অথবা পশ্চিম এছিয়াৰ অন্ন্যান্য দেশৰ ৰক্ষণশীল দৃষ্টিভংগী অত্যন্ত আপত্তিজনক।

তানিয়াই দাবী কৰিছে যে এই দেশসমূহত ছোৱালীৰ প্ৰতি অহৰ্নিশে অন্যায় হৈ আহিছে। কাটাৰৰ সমকামীতা নিষিদ্ধ আইন সম্পৰ্কেও ক্ষুব্ধ পৰ্ণষ্টাৰগৰাকী।

উল্লেখ্য যে ৪৩ বৰ্ষীয়া তানিয়া জনপ্ৰিয় মডেল আৰু পৰ্ণষ্টাৰ। ফুটবল অনুৰাগী তানিয়া লিভাৰপুলৰ একনিষ্ঠ ভক্ত। লিভাৰপুলতে তেওঁৰ জন্ম। 

''মোৰ কেৰিয়াৰ মই ব্যক্তিগত ইচ্ছাৰ ওপৰত ভিত্তি কৰি গঢ়িছো। মই নিজকে অত্যন্ত সৌভাগ্যৱতী হিচাপে গণ্য কৰো কাৰণ নিজৰ ইচ্ছা অনুযায়ী কাম কৰিব পাৰিছো।’’- সংবাদমাধ্যমৰ আগত তানিয়াই কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু