--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়াৰ লক্ষ্য কেৱল দক্ষিণ কোৰিয়াই নহয়, আমেৰিকাৰ ওপৰতো দশকৰ পিছত দশক ধৰি কোপদৃষ্টি নিক্ষেপ কৰি আহিছে উত্তৰ কোৰিয়াই। বিশেষকৈ কোৰিয়া যপদ্ধৰ পোতক তোলাৰ বাবেই উত্তৰ কোৰিয়াই আমেৰিকাত আক্ৰমণ চলোৱাৰ বাবে সিযোগ বিচাৰি আছে। পাঁচ বছৰ আগতে, দক্ষিণ কোৰিয়াই কৈছিল যে পিয়ংইয়ংয়ে আমেৰিকাৰ গুৰুত্বপূৰ্ণ চহৰসমূহত পাৰমাণৱিক আক্ৰমণ কৰাৰ লক্ষ্যৰে আইচিবিএম 'হোৱাচং-১৪' নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰিছে।

 দক্ষিণ কোৰিয়াই সেই সময়তে কৰা দাবীৰ পিছত উত্তৰ কোৰিয়াই অক্টোবৰৰ পৰা কেইবাটাও ক্ষেপণাস্ত্ৰ পৰীক্ষা চলাই আছে।দক্ষিণ কোৰিয়াই কেইবছৰমান আগতে উত্তৰ কোৰিয়াৰ একনায়ক কিম জং-উনৰ "গোপন পৰিকল্পনা" সম্পৰ্কে আমেৰিকাক  সতৰ্ক কৰি দিছিল। এইবাৰ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী য়াচুকাজু হামাদাই দাবী কৰিছে  যে উত্তৰ কোৰিয়াই আমেৰিকা আক্ৰমণৰ পৰিকল্পনাত সফল হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ কোৰিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ডত মিছাইল আক্ৰমণ কৰাৰ প্ৰযুক্তি আয়ত্ত কৰি পেলাইছে।

"উত্তৰ কোৰিয়াৰ ওচৰত ১৫,০০০ কিলোমিটাৰ পৰিসৰত ধ্বংস সংঘটিত কৰিব পৰা  আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম) আছে," হামাদাই শুকুৰবাৰে কয়। কিমৰ দেশখনে শেহতীয়াকৈ জাপানৰ উপকূলৰ পৰা প্ৰশান্ত মহাসাগৰত কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। জাপানৰ প্ৰতিৰক্ষা বিভাগে কৈছে যে উত্তৰ কোৰিয়াৰ যুদ্ধ বিমানৰ প্ৰকৃতিৰ পৰা দেশ খনৰ সামৰিক শক্তিৰ কথা জানিব পৰা গৈছে। 

পূৰ্বে ৬,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ 'হোৱাচং-১২'ৰ সহায়ত উত্তৰ কোৰিয়াৰ  উত্তৰ প্ৰান্তৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কা আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপ গুয়াম আক্ৰমণ কৰাৰ পৰিকল্পনা কৰা হৈছিল। সেইমতে উত্তৰ কোৰিয়াই তেনে পৰীক্ষণ সম্পন্নও কৰিছিল।  জাপানে দাবী কৰে যে নতুন ক্ষেপণাস্ত্ৰৰ সহায়ত উত্তৰ কোৰিয়াই জো বিডেনৰ দেশৰ এক বৃহৎ এলেকাক লক্ষ্য কৰি ল’ব বিচাৰিছে।

বৃহস্পতিবাৰে  উত্তৰ কোৰিয়াই এটা বেলিষ্টিক মিছাইল পৰীক্ষা কৰিছে। ইয়াৰ পিছতে দেশখনৰ চৰকাৰী সংবাদ মাধ্যম 'কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সি'য়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ বন্ধু দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ বিৰুদ্ধে  গ্ৰহণ কৰা  যিকোনো পদক্ষেপৰ  বাবে সময়ত  অনুশোচনা কৰিব লাগিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস