--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়াৰ লক্ষ্য কেৱল দক্ষিণ কোৰিয়াই নহয়, আমেৰিকাৰ ওপৰতো দশকৰ পিছত দশক ধৰি কোপদৃষ্টি নিক্ষেপ কৰি আহিছে উত্তৰ কোৰিয়াই। বিশেষকৈ কোৰিয়া যপদ্ধৰ পোতক তোলাৰ বাবেই উত্তৰ কোৰিয়াই আমেৰিকাত আক্ৰমণ চলোৱাৰ বাবে সিযোগ বিচাৰি আছে। পাঁচ বছৰ আগতে, দক্ষিণ কোৰিয়াই কৈছিল যে পিয়ংইয়ংয়ে আমেৰিকাৰ গুৰুত্বপূৰ্ণ চহৰসমূহত পাৰমাণৱিক আক্ৰমণ কৰাৰ লক্ষ্যৰে আইচিবিএম 'হোৱাচং-১৪' নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰিছে।

 দক্ষিণ কোৰিয়াই সেই সময়তে কৰা দাবীৰ পিছত উত্তৰ কোৰিয়াই অক্টোবৰৰ পৰা কেইবাটাও ক্ষেপণাস্ত্ৰ পৰীক্ষা চলাই আছে।দক্ষিণ কোৰিয়াই কেইবছৰমান আগতে উত্তৰ কোৰিয়াৰ একনায়ক কিম জং-উনৰ "গোপন পৰিকল্পনা" সম্পৰ্কে আমেৰিকাক  সতৰ্ক কৰি দিছিল। এইবাৰ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী য়াচুকাজু হামাদাই দাবী কৰিছে  যে উত্তৰ কোৰিয়াই আমেৰিকা আক্ৰমণৰ পৰিকল্পনাত সফল হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ কোৰিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ডত মিছাইল আক্ৰমণ কৰাৰ প্ৰযুক্তি আয়ত্ত কৰি পেলাইছে।

"উত্তৰ কোৰিয়াৰ ওচৰত ১৫,০০০ কিলোমিটাৰ পৰিসৰত ধ্বংস সংঘটিত কৰিব পৰা  আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম) আছে," হামাদাই শুকুৰবাৰে কয়। কিমৰ দেশখনে শেহতীয়াকৈ জাপানৰ উপকূলৰ পৰা প্ৰশান্ত মহাসাগৰত কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। জাপানৰ প্ৰতিৰক্ষা বিভাগে কৈছে যে উত্তৰ কোৰিয়াৰ যুদ্ধ বিমানৰ প্ৰকৃতিৰ পৰা দেশ খনৰ সামৰিক শক্তিৰ কথা জানিব পৰা গৈছে। 

পূৰ্বে ৬,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ 'হোৱাচং-১২'ৰ সহায়ত উত্তৰ কোৰিয়াৰ  উত্তৰ প্ৰান্তৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কা আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপ গুয়াম আক্ৰমণ কৰাৰ পৰিকল্পনা কৰা হৈছিল। সেইমতে উত্তৰ কোৰিয়াই তেনে পৰীক্ষণ সম্পন্নও কৰিছিল।  জাপানে দাবী কৰে যে নতুন ক্ষেপণাস্ত্ৰৰ সহায়ত উত্তৰ কোৰিয়াই জো বিডেনৰ দেশৰ এক বৃহৎ এলেকাক লক্ষ্য কৰি ল’ব বিচাৰিছে।

বৃহস্পতিবাৰে  উত্তৰ কোৰিয়াই এটা বেলিষ্টিক মিছাইল পৰীক্ষা কৰিছে। ইয়াৰ পিছতে দেশখনৰ চৰকাৰী সংবাদ মাধ্যম 'কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সি'য়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ বন্ধু দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ বিৰুদ্ধে  গ্ৰহণ কৰা  যিকোনো পদক্ষেপৰ  বাবে সময়ত  অনুশোচনা কৰিব লাগিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক