--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰেক্ষাপটত উজ্বলি উঠিছে আন এগৰাকী অসম সন্তান৷ লণ্ডনস্থিত প্ৰখ্যাত বেংক তথা ব্যৱসায়ী সংস্থা ‘লয়ড’ গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে চিৰন্তন বৰুৱাই৷

অৰ্থনীতিবিদ বৰুৱাৰ নিযুক্তিক লৈ ব্যৱসায়ী সংস্থাটোৱে উত্ফুলল্তি হৈ পৰিছে৷ বহুকেইজন শীৰ্ষস্থানীয় অৰ্থনীতিবিদে বৰুৱাক বিশ্বৰ ফাইনেঞ্চ জগতৰ এক নতুন নক্ষত্ৰ বুলিও আখ্যা দিছে৷ এনে এজন যোগ্য ব্যক্তিক লয়ডৰ বিষয়া হিচাপে নিযুক্তি দিয়াটো পৰম সৌভাগ্যৰ বিষয় বুলি সংস্থাটোৰ বেংকিং গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া চাৰ্লি নানে মত প্ৰকাশ কৰিছে৷

উল্লেখ্য যে বৰুৱাৰ জন্ম হৈছিল যোৰহাটত৷ যোৰহাটৰ তৰুণ ৰাম ফুকন পথৰ সমীপত তেওঁ একালত বাস কৰিছিল৷ যোৰহাটৰ প্ৰাক্তন সাংসদ ৰাজেন্দ্ৰনাথ বৰুৱাৰ নাতি চিৰন্তন বৰুৱাই শিক্ষা গ্ৰহণ কৰিছিল অসমীয়া মাধ্যমত৷ নামৰূপ মডেল স্কুলত তেওঁ স্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল৷

অসমীয়া মাধ্যমক লৈ শেহতীয়াকৈ বিতৰ্ক চলি থকাৰ সময়তে বৰুৱাই বিশ্বৰ এটা প্ৰখ্যাত ব্যৱলায়ী সংস্থাৰ শীৰ্ষস্থানীয় পদবী লাভ কৰাটোৱে বিশেষ মহত্ব লাভ কৰিছে৷

ইয়াৰ পূৰ্বেও বৰুৱাই এইছ এচ বি চি নামৰ আন এটা প্ৰখ্যাত সংস্থাত ষ্ট্ৰেটেজী বিভাগৰ গ্ল’বেল হেডৰূপে কৰ্মৰত আছিল৷ এনে এটা সৌভাগ্যৰ মুহূৰ্তত প্ৰাগ ডিজিটেলৰ তৰফৰ পৰা অসম সন্তান চিৰন্তন বৰুৱালৈ শুভকামনা জ্ঞাপন কৰা হ’ল৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এই ৩ টা ফল দৈনিক খালে ছাল জিলিকি উঠে
বহনক্ষম উন্নয়ন, শীৰ্ষৰ ১০০ দেশৰ তালিকাত ভাৰত
কুঁৱাত পৰা গৰু পোৱালিক বচাবলৈ গৈ ৫ জনৰ মৃত্যু
চাউলখোৱাৰ ১২৮ বছৰীয়া জামা মছজিদ প্ৰশাসনে ভাঙি পেলোৱাক লৈ সংবাদমেল
অক্টোবৰৰ পৰা প্রতিটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব ৫টাকৈ স্বাস্থ্য শিবিৰ, ঘোষণা মুখ্যমন্ত্ৰীৰ
'জয় আই অসম' ধ্বনিৰে মুখৰ হ'ব চিকাগো
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা