--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: বিশ্বৰ ভিতৰতে সৰ্বোচ্চ পৰিমাণৰ বৰ্জিত প্লাষ্টিক আৱৰ্জনা সৃষ্টিত অৰিহণা যোগাইছে আমেৰিকা যুক্তৰাষ্ট্ৰই৷ শেহতীয়াকৈ যুক্তৰাষ্ট্ৰীয় চৰকাৰত দাখিল কৰা এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে৷ ক্ৰমবৰ্ধমান এই প্ৰদূষণৰ সংকট মোকাবিলা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও যুক্তৰাষ্ট্ৰ চৰকাৰক আহ্বান জনোৱা হৈছে৷ সামগ্ৰিকভাৱে মাৰ্কিন যুক্তৰাষ্ট্ৰই ২০১৬ চনত প্ৰায় ৪২ মিলিয়ন বৰ্জ্য প্লাষ্টিক সৃষ্টি কৰিছিল৷ যি পৰিমাণ চীন আনকি ইউৰোপীয় দেশসমূহতকৈয়ো বেছি৷

গড় পৰিমাণ অনুযায়ী প্ৰতিবছৰে আমেৰিকাই ১৩০ কিলোগ্ৰাম বৰ্জ্য প্লাষ্টিক তৈয়াৰ কৰে৷ তালিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াই প্ৰতি বছৰে ৮৮ কিলোগ্ৰাম বৰ্জ্য প্লাষ্টিক উৎপাদন কৰে৷ 'কুৰি শতিকাৰ প্লাষ্টিকৰ চমকপ্ৰদ আৱিষ্কাৰৰ ফলস্বৰূপে বৰ্জ্য প্লাষ্টিকে ছানি ধৰিছে আমেৰিকাক৷'- প্ৰতিবেদন প্ৰস্তুতকৰণ সমিতিৰ সভাপতি মাৰ্গাৰেট স্প্ৰিঙে এইদৰে লিখিছে৷ প্ৰতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি বিশ্বব্যাপী ১৯৬৬ চনত প্লাষ্টিক উৎপাদন ২০ মিলিয়ন মেট্ৰিক টনৰ পৰা ২০১৫ চনত এই উৎপাদন হ’লগৈ ৩৮১ মিলিয়ন মেট্ৰিক টন৷ পঞ্চাশ বছৰত প্লাষ্টিক উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছে ২০ শতাংশ৷

প্ৰতিবেদনত কোৱা হৈছে যে প্ৰথমাৱস্থাত সমুদ্ৰবৰ্জিত প্লাষ্টিকৰ উৎস কেৱল জাহাজ আৰু সামুদ্ৰিক অন্যান্য উৎস বুলি ভবা হৈছিল৷ কিন্তু, এতিয়া জানিব পৰা গৈছে ভূ-পৃষ্ঠৰ পৰা নদীৰ মাধ্যমেৰে সাগৰলৈ বৰ্জ্য প্লাষ্টিক যোৱাৰ ফলত সাগৰপৃষ্ঠত বৰ্জ্য প্লাষ্টিক জমা হোৱাৰ তথ্য পোৱা গৈছে৷ গৱেষণাত পোহৰলৈ আহিছে যে প্ৰায় এক হাজাৰ প্ৰজাতিৰ সামুদ্ৰিক প্ৰাণীৰ বৰ্জিত প্লাষ্টিকৰ দ্বাৰা বিপদ ঘনীভূত হৈছে৷

প্ৰতিবেদনত বৰ্জ্য প্লাষ্টিকে সৃষ্টি কৰা সংকটৰে মোকাবিলা কৰিবলৈ বিশেষকৈ অনমনীয় প্লাষ্টিক উৎপাদন হ্ৰাস কৰিবলৈ প্ৰস্তাৱ দিয়া হৈছে৷ প্ৰতিবেদনত পুনৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰাৰ উপৰি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ কমাই, জল ব্যৱস্থাৰ মাধ্যমেৰে মাইক্ৰ’ প্লাষ্টিক সংকট হ্ৰাস কৰাৰ এক ব্যৱস্থাপনাৰ বিষয়ে প্ৰস্তাৱ আগবঢ়োৱা হয়৷ বৰ্জ্য দ্ৰব্যৰ শোষণ প্ৰযুক্তিৰ উত্তৰণ ঘটাই জলপথত প্লাষ্টিকৰ আৱৰ্জনা ৰোধ কৰিব পৰা যাব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামুদ্ৰিক প্লাষ্টিক সংকটক কিধৰণে ৰাষ্ট্ৰখনে মোকাবিলা কৰে, তাৰ প্ৰতি বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ