--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: বিশ্বৰ ভিতৰতে সৰ্বোচ্চ পৰিমাণৰ বৰ্জিত প্লাষ্টিক আৱৰ্জনা সৃষ্টিত অৰিহণা যোগাইছে আমেৰিকা যুক্তৰাষ্ট্ৰই৷ শেহতীয়াকৈ যুক্তৰাষ্ট্ৰীয় চৰকাৰত দাখিল কৰা এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে৷ ক্ৰমবৰ্ধমান এই প্ৰদূষণৰ সংকট মোকাবিলা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও যুক্তৰাষ্ট্ৰ চৰকাৰক আহ্বান জনোৱা হৈছে৷ সামগ্ৰিকভাৱে মাৰ্কিন যুক্তৰাষ্ট্ৰই ২০১৬ চনত প্ৰায় ৪২ মিলিয়ন বৰ্জ্য প্লাষ্টিক সৃষ্টি কৰিছিল৷ যি পৰিমাণ চীন আনকি ইউৰোপীয় দেশসমূহতকৈয়ো বেছি৷

গড় পৰিমাণ অনুযায়ী প্ৰতিবছৰে আমেৰিকাই ১৩০ কিলোগ্ৰাম বৰ্জ্য প্লাষ্টিক তৈয়াৰ কৰে৷ তালিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াই প্ৰতি বছৰে ৮৮ কিলোগ্ৰাম বৰ্জ্য প্লাষ্টিক উৎপাদন কৰে৷ 'কুৰি শতিকাৰ প্লাষ্টিকৰ চমকপ্ৰদ আৱিষ্কাৰৰ ফলস্বৰূপে বৰ্জ্য প্লাষ্টিকে ছানি ধৰিছে আমেৰিকাক৷'- প্ৰতিবেদন প্ৰস্তুতকৰণ সমিতিৰ সভাপতি মাৰ্গাৰেট স্প্ৰিঙে এইদৰে লিখিছে৷ প্ৰতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি বিশ্বব্যাপী ১৯৬৬ চনত প্লাষ্টিক উৎপাদন ২০ মিলিয়ন মেট্ৰিক টনৰ পৰা ২০১৫ চনত এই উৎপাদন হ’লগৈ ৩৮১ মিলিয়ন মেট্ৰিক টন৷ পঞ্চাশ বছৰত প্লাষ্টিক উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছে ২০ শতাংশ৷

প্ৰতিবেদনত কোৱা হৈছে যে প্ৰথমাৱস্থাত সমুদ্ৰবৰ্জিত প্লাষ্টিকৰ উৎস কেৱল জাহাজ আৰু সামুদ্ৰিক অন্যান্য উৎস বুলি ভবা হৈছিল৷ কিন্তু, এতিয়া জানিব পৰা গৈছে ভূ-পৃষ্ঠৰ পৰা নদীৰ মাধ্যমেৰে সাগৰলৈ বৰ্জ্য প্লাষ্টিক যোৱাৰ ফলত সাগৰপৃষ্ঠত বৰ্জ্য প্লাষ্টিক জমা হোৱাৰ তথ্য পোৱা গৈছে৷ গৱেষণাত পোহৰলৈ আহিছে যে প্ৰায় এক হাজাৰ প্ৰজাতিৰ সামুদ্ৰিক প্ৰাণীৰ বৰ্জিত প্লাষ্টিকৰ দ্বাৰা বিপদ ঘনীভূত হৈছে৷

প্ৰতিবেদনত বৰ্জ্য প্লাষ্টিকে সৃষ্টি কৰা সংকটৰে মোকাবিলা কৰিবলৈ বিশেষকৈ অনমনীয় প্লাষ্টিক উৎপাদন হ্ৰাস কৰিবলৈ প্ৰস্তাৱ দিয়া হৈছে৷ প্ৰতিবেদনত পুনৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰাৰ উপৰি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ কমাই, জল ব্যৱস্থাৰ মাধ্যমেৰে মাইক্ৰ’ প্লাষ্টিক সংকট হ্ৰাস কৰাৰ এক ব্যৱস্থাপনাৰ বিষয়ে প্ৰস্তাৱ আগবঢ়োৱা হয়৷ বৰ্জ্য দ্ৰব্যৰ শোষণ প্ৰযুক্তিৰ উত্তৰণ ঘটাই জলপথত প্লাষ্টিকৰ আৱৰ্জনা ৰোধ কৰিব পৰা যাব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামুদ্ৰিক প্লাষ্টিক সংকটক কিধৰণে ৰাষ্ট্ৰখনে মোকাবিলা কৰে, তাৰ প্ৰতি বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু