--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আফ্ৰিকাৰ নাইজেৰিয়াত সংঘটিত হয় ভয়ংকৰ ঘটনা। দেশখনৰ এখন কেন্দ্ৰীয় কাৰাগাৰত অচিনাক্ত দুৰ্বৃত্তৰ দলে চলোৱা অতৰ্কিত আক্ৰমণত মুঠ এঘাৰজন লোক নিহত হয়। আনহাতে দুৰ্বৃত্তৰ আক্ৰমণৰ সময়ত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ সময়ত কাৰাগাৰখনৰ পৰা পলায়ন কৰে ২৫২ কয়দী।

দেওবাৰে ঘটনাটো সংঘটিত হৈছে নাইজেৰিয়াৰ প্লেটু প্ৰদেশৰ এখন কাৰাগাৰত। কাৰাগাৰখন অৱস্থিত নাইজেৰিয়াৰ ৰাজধানী চহৰ জোছত। দুৰ্বৃত্তৰ বৃহৎ দলটোৱে বন্দুক, গ্ৰেনেড, মৰ্টাৰ ব্যৱহাৰ কৰিছিল আক্ৰমণৰ সময়ত। আক্ৰমণত নিহত হোৱা ১১ লোকৰ ভিতৰত আছিল এটা দুৰ্বৃত্ত, এজন জে’লৰক্ষী আৰু বাকী ৯জন কয়দী। আক্ৰমণৰ সময়ত ৬ জন কয়দী গুৰুতৰভাৱে আহত হয়। আনহাতে পলায়ন কৰা কাৰাবন্দীসকলৰ ভিতৰত ১০ জনক পুনৰ বিভিন্ন স্থানৰ পৰা কৰায়ত্ত কৰি পুনৰ কাৰাবন্দী কৰিবলৈ সক্ষম হয় জে’ল কৰ্তৃপক্ষই। পলাতক কাৰাবন্দীসকলক কৰায়ত্ত কৰিবলৈ জে’ল কৰ্তৃপক্ষক স্থানীয় লোকেও সহায় কৰিছিল।

ঘটনাটো সংঘটিত হোৱাৰ সময়ত কেন্দ্ৰীয় কাৰাগাৰখনত আছিল এহেজাৰৰো অধিক কয়দী। ইয়াৰে ৫৬০ জনক শেহতীয়াকৈ কাৰাবন্দী কৰিছিল জে’লখনত। নাইজেৰিয়াৰ জে’লত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা এয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বে দেশখন অয়ো প্ৰদেশৰ এখন জে’লত আক্ৰমণ কৰি মোকলাই নিছিল প্ৰায় ৫০০ কাৰাবন্দীক। কাৰাগাৰখনত আছিল প্ৰায় ৮০০ কাৰাবন্দী। দুৰ্বৃত্তই কাৰাগাৰখনৰ কৰ্তৃপক্ষক বন্দুকেৰে আক্ৰমণ কৰি প্ৰৱেশ কৰিছিল ভিতৰত। পিছত ডিনামাইট বিস্ফোৰণেৰে কাৰাগাৰৰ বৃহৎ দেৱাল ধ্বংস কৰি কাৰাবন্দীসকলক পলোৱাত সহায় কৰিছিল।

অয়ো প্ৰদেশৰ ঘটনাৰ পূৰ্বে চলিত এপ্ৰিল মাহত দেশখনৰ ইমো প্ৰদেশৰ কাৰাগাৰতো সংঘটিত হৈছিল একে ঘটনা। এখন কাৰাগাৰৰ পৰা দুৰ্বৃত্তই আক্ৰমণ কৰি মোকলাই নিছিল কাৰাবন্দীক। দেশখনৰ কোগী প্ৰদেশৰ কাৰাগাৰৰ পৰাও জোৰ-জবৰদস্তি মোকলাই নিছিল ২৬৬ কাৰাবন্দীক। নাইজেৰিয়াত শেহতীয়াকৈ বৃদ্ধি পাইছে কাৰাগাৰত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা। এনে প্ৰেক্ষাপটত দেশখনত যে সাধাৰণ নাগৰিকৰ নিৰাপত্তা ব্যৱস্থা নাইকীয়া হৈ পৰিছে সেয়া স্পষ্ট। মূলত দেশখনত দিনে দিনে অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ইছলামিক সন্ত্ৰাস। চৰকাৰে সন্ত্ৰাসবাদী দমনৰ বাবে যিমানেই কঠোৰ হৈছে সিমানেই উপদ্ৰৱ বৃদ্ধি হৈছে জঘন্য সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ