--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আফ্ৰিকাৰ নাইজেৰিয়াত সংঘটিত হয় ভয়ংকৰ ঘটনা। দেশখনৰ এখন কেন্দ্ৰীয় কাৰাগাৰত অচিনাক্ত দুৰ্বৃত্তৰ দলে চলোৱা অতৰ্কিত আক্ৰমণত মুঠ এঘাৰজন লোক নিহত হয়। আনহাতে দুৰ্বৃত্তৰ আক্ৰমণৰ সময়ত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ সময়ত কাৰাগাৰখনৰ পৰা পলায়ন কৰে ২৫২ কয়দী।

দেওবাৰে ঘটনাটো সংঘটিত হৈছে নাইজেৰিয়াৰ প্লেটু প্ৰদেশৰ এখন কাৰাগাৰত। কাৰাগাৰখন অৱস্থিত নাইজেৰিয়াৰ ৰাজধানী চহৰ জোছত। দুৰ্বৃত্তৰ বৃহৎ দলটোৱে বন্দুক, গ্ৰেনেড, মৰ্টাৰ ব্যৱহাৰ কৰিছিল আক্ৰমণৰ সময়ত। আক্ৰমণত নিহত হোৱা ১১ লোকৰ ভিতৰত আছিল এটা দুৰ্বৃত্ত, এজন জে’লৰক্ষী আৰু বাকী ৯জন কয়দী। আক্ৰমণৰ সময়ত ৬ জন কয়দী গুৰুতৰভাৱে আহত হয়। আনহাতে পলায়ন কৰা কাৰাবন্দীসকলৰ ভিতৰত ১০ জনক পুনৰ বিভিন্ন স্থানৰ পৰা কৰায়ত্ত কৰি পুনৰ কাৰাবন্দী কৰিবলৈ সক্ষম হয় জে’ল কৰ্তৃপক্ষই। পলাতক কাৰাবন্দীসকলক কৰায়ত্ত কৰিবলৈ জে’ল কৰ্তৃপক্ষক স্থানীয় লোকেও সহায় কৰিছিল।

ঘটনাটো সংঘটিত হোৱাৰ সময়ত কেন্দ্ৰীয় কাৰাগাৰখনত আছিল এহেজাৰৰো অধিক কয়দী। ইয়াৰে ৫৬০ জনক শেহতীয়াকৈ কাৰাবন্দী কৰিছিল জে’লখনত। নাইজেৰিয়াৰ জে’লত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা এয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বে দেশখন অয়ো প্ৰদেশৰ এখন জে’লত আক্ৰমণ কৰি মোকলাই নিছিল প্ৰায় ৫০০ কাৰাবন্দীক। কাৰাগাৰখনত আছিল প্ৰায় ৮০০ কাৰাবন্দী। দুৰ্বৃত্তই কাৰাগাৰখনৰ কৰ্তৃপক্ষক বন্দুকেৰে আক্ৰমণ কৰি প্ৰৱেশ কৰিছিল ভিতৰত। পিছত ডিনামাইট বিস্ফোৰণেৰে কাৰাগাৰৰ বৃহৎ দেৱাল ধ্বংস কৰি কাৰাবন্দীসকলক পলোৱাত সহায় কৰিছিল।

অয়ো প্ৰদেশৰ ঘটনাৰ পূৰ্বে চলিত এপ্ৰিল মাহত দেশখনৰ ইমো প্ৰদেশৰ কাৰাগাৰতো সংঘটিত হৈছিল একে ঘটনা। এখন কাৰাগাৰৰ পৰা দুৰ্বৃত্তই আক্ৰমণ কৰি মোকলাই নিছিল কাৰাবন্দীক। দেশখনৰ কোগী প্ৰদেশৰ কাৰাগাৰৰ পৰাও জোৰ-জবৰদস্তি মোকলাই নিছিল ২৬৬ কাৰাবন্দীক। নাইজেৰিয়াত শেহতীয়াকৈ বৃদ্ধি পাইছে কাৰাগাৰত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা। এনে প্ৰেক্ষাপটত দেশখনত যে সাধাৰণ নাগৰিকৰ নিৰাপত্তা ব্যৱস্থা নাইকীয়া হৈ পৰিছে সেয়া স্পষ্ট। মূলত দেশখনত দিনে দিনে অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ইছলামিক সন্ত্ৰাস। চৰকাৰে সন্ত্ৰাসবাদী দমনৰ বাবে যিমানেই কঠোৰ হৈছে সিমানেই উপদ্ৰৱ বৃদ্ধি হৈছে জঘন্য সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান