--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৭৬ বছৰৰ পিছত হঠাতে ফুটিল দ্বিতীয় বিশ্বযুদ্ধৰ ২৫০ কেজি ওজনৰ বোমা। এই ঘটনাই বিশ্বযুদ্ধৰ বিভীষিকাক পুনৰ স্মৰণ কৰালে জনসাধাৰণক। জাৰ্মানীৰ মিউনিখ চহৰত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা বোমা হঠাতে ফুটি যায়। ইয়াৰ ফলত সমগ্ৰ চহৰখনতে আতংক বিয়পি পৰে। বোমাৰ বিস্ফোৰণ জনসমাগমস্থলীত হোৱা নাছিল যদিও এই আকস্মিক দুৰ্ঘটনাত চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। এজনৰ অৱস্থা সংকটজনক বুলি বুলি জানিব পৰা গৈছে।

বিবিচিৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বুধবাৰে চহৰখনৰ ৰে'ল সুৰংগৰ বাবে ড্ৰিলিং কৰোঁতে বোমাটো বিস্ফোৰণ হয়। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰিছিল ১৯৪৫ চনত অৰ্থাৎ বোমাটো উক্ত ঠাইত কমেও ৭৬ বছৰ ধৰি পৰি আছিল। বিশ্বযুদ্ধৰ সময়ৰ অবিস্ফোৰিত বোমা জাৰ্মানীত পোৱাটো এটা সাধাৰণ ঘটনা। দেশখনত বহু বোমা বিশেষজ্ঞসকলে নিষ্ক্ৰিয় কৰিছিল। কিন্তু ২৫০ কিলোগ্ৰামৰ এই আকাশীযানৰ পৰা পেলোৱা বোমাটোৰ কথা কোনেও গম পোৱা নাছিল। এই বোমাৰ তথ্য কাৰো হাততে নাছিল।

এখন দলঙৰ ওচৰত সুৰংগ নিৰ্মাণৰ কামৰ সময়ত বোমাটো বিস্ফোৰণ হৈছিল। এটা প্ৰচণ্ড শব্দ কৰি বোমাটো ফুটিছিল আৰু চৌদিশে ধোঁৱাই আঁৱৰি ধৰিছিল। বিস্ফোৰণৰ ফলত এটা ডাঙৰ খনন যন্ত্ৰ ছিটিকি যায়। হয়তো এনেদৰে পৰি ৰোৱা বোমা আৰু থাকিবও পাৰে, এই কথা ভাবি জামাৰ্নীবাসী আতংকিত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু