--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৭৬ বছৰৰ পিছত হঠাতে ফুটিল দ্বিতীয় বিশ্বযুদ্ধৰ ২৫০ কেজি ওজনৰ বোমা। এই ঘটনাই বিশ্বযুদ্ধৰ বিভীষিকাক পুনৰ স্মৰণ কৰালে জনসাধাৰণক। জাৰ্মানীৰ মিউনিখ চহৰত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা বোমা হঠাতে ফুটি যায়। ইয়াৰ ফলত সমগ্ৰ চহৰখনতে আতংক বিয়পি পৰে। বোমাৰ বিস্ফোৰণ জনসমাগমস্থলীত হোৱা নাছিল যদিও এই আকস্মিক দুৰ্ঘটনাত চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। এজনৰ অৱস্থা সংকটজনক বুলি বুলি জানিব পৰা গৈছে।

বিবিচিৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বুধবাৰে চহৰখনৰ ৰে'ল সুৰংগৰ বাবে ড্ৰিলিং কৰোঁতে বোমাটো বিস্ফোৰণ হয়। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰিছিল ১৯৪৫ চনত অৰ্থাৎ বোমাটো উক্ত ঠাইত কমেও ৭৬ বছৰ ধৰি পৰি আছিল। বিশ্বযুদ্ধৰ সময়ৰ অবিস্ফোৰিত বোমা জাৰ্মানীত পোৱাটো এটা সাধাৰণ ঘটনা। দেশখনত বহু বোমা বিশেষজ্ঞসকলে নিষ্ক্ৰিয় কৰিছিল। কিন্তু ২৫০ কিলোগ্ৰামৰ এই আকাশীযানৰ পৰা পেলোৱা বোমাটোৰ কথা কোনেও গম পোৱা নাছিল। এই বোমাৰ তথ্য কাৰো হাততে নাছিল।

এখন দলঙৰ ওচৰত সুৰংগ নিৰ্মাণৰ কামৰ সময়ত বোমাটো বিস্ফোৰণ হৈছিল। এটা প্ৰচণ্ড শব্দ কৰি বোমাটো ফুটিছিল আৰু চৌদিশে ধোঁৱাই আঁৱৰি ধৰিছিল। বিস্ফোৰণৰ ফলত এটা ডাঙৰ খনন যন্ত্ৰ ছিটিকি যায়। হয়তো এনেদৰে পৰি ৰোৱা বোমা আৰু থাকিবও পাৰে, এই কথা ভাবি জামাৰ্নীবাসী আতংকিত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ