--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে দেশৰ প্ৰতিৰক্ষাৰ সৈতে জড়িত গোপন নথি-পত্ৰ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। এইসমূহ অস্বীকাৰ কৰিছে ট্ৰাম্পে। ট্ৰাম্পে দেশৰ ন্যায়িক ব্যৱস্থাকে দুৰ্নীতিগ্ৰস্ত বুলি আক্ৰমণ কৰে।

আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি জো বাইডেনকো আক্ৰমণৰ লক্ষ্য কৰি কয় যে বাইডেন প্ৰশাসনে তেওঁক হাৰাশাস্তি কৰিবলৈ ন্যায়পালিকাক ব্যৱহাৰ কৰিছে।

শনিবাৰে জৰ্জিয়া আৰু নৰ্থ কেৰ’লিনাত ৰিপাব্লিকান দলৰ ৰাজহুৱা সভাত ট্ৰাম্পে ভাষণ দিয়ে। কয়, ‘’মোৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন হৈছে। দেশৰ ন্যায়পালিকাক মোৰ বিৰুদ্ধে যিদৰে আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে সেয়া দেশৰ ইতিহাসত ক্ষমতাৰ অপব্যৱহাৰৰ চূড়ান্ত উদাহৰণ।‘’

ট্ৰাম্পে সমৰ্থকসকলক একত্ৰিত হৈ থাকিবলৈ আহ্বান জনাই কয়, ‘’আপোনালোকে মনত ৰাখিব লাগিব যে আপোনালোকে কিছুমান উন্মাদ মানুহৰ সৈতে যুঁজ দিছে।‘’

তথ্য চুৰিৰ গোচৰত তেওঁৰ বিৰুদ্ধে কিয় অভিযোগ উত্থাপন হৈছে তাৰ কাৰণো ট্ৰাম্পে ব্যাখ্যা কৰে। তেওঁৰ মতে, ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হৈছে। লগতে ট্ৰাম্পে দাবী কৰিছে যে তেওঁৰ জনপ্ৰিয়তাই বাইডেনক অতিক্ৰম কৰিছে।

দেশৰ গোপন তথ্য চুৰি কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত তেওঁ ৰিপাব্লিকান দলৰ সতীৰ্থসকলৰো সমৰ্থন লাভ কৰিছে। ট্ৰাম্পৰ সৈতে তিক্ত সম্পৰ্ক থকা ৰিপাব্লিকান নেতা তথা হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ কেভিন মেককাৰ্থীয়েও প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ কাষত থিয় দিছে।

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত ৩৭টা অভিযোগৰ ভিতৰত ৩১টা অভিযোগতে কোৱা হৈছে যে তেওঁ “ইচ্ছাকৃতভাৱে গুৰুত্বপূৰ্ণ আৰু গোপনীয় নথি-পত্ৰ লগত ৰাখিছিল।”

ড’নাল্ড ট্ৰাম্পে মাজে সময়ে নিজৰ ঘৰতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। তালৈ আলহী-অতিথিসকলো আহিছিল। সেই ক্ষেত্ৰত জো বাইডেন প্ৰশাসনে দেশৰ গোপন তথ্য ফাদিল হোৱাৰ আশংকা কৰিছে। এই গোচৰৰ শুনানিৰ বাবে অহা মঙলবাৰে মিয়ামীৰ আদালতত হাজিৰ হ’ব পাৰে ট্ৰাম্প। দোষী সাব্যস্ত হ’লে তেওঁ সৰ্বোচ্চ ২০ বছৰৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস