--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে দেশৰ প্ৰতিৰক্ষাৰ সৈতে জড়িত গোপন নথি-পত্ৰ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। এইসমূহ অস্বীকাৰ কৰিছে ট্ৰাম্পে। ট্ৰাম্পে দেশৰ ন্যায়িক ব্যৱস্থাকে দুৰ্নীতিগ্ৰস্ত বুলি আক্ৰমণ কৰে।

আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি জো বাইডেনকো আক্ৰমণৰ লক্ষ্য কৰি কয় যে বাইডেন প্ৰশাসনে তেওঁক হাৰাশাস্তি কৰিবলৈ ন্যায়পালিকাক ব্যৱহাৰ কৰিছে।

শনিবাৰে জৰ্জিয়া আৰু নৰ্থ কেৰ’লিনাত ৰিপাব্লিকান দলৰ ৰাজহুৱা সভাত ট্ৰাম্পে ভাষণ দিয়ে। কয়, ‘’মোৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন হৈছে। দেশৰ ন্যায়পালিকাক মোৰ বিৰুদ্ধে যিদৰে আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে সেয়া দেশৰ ইতিহাসত ক্ষমতাৰ অপব্যৱহাৰৰ চূড়ান্ত উদাহৰণ।‘’

ট্ৰাম্পে সমৰ্থকসকলক একত্ৰিত হৈ থাকিবলৈ আহ্বান জনাই কয়, ‘’আপোনালোকে মনত ৰাখিব লাগিব যে আপোনালোকে কিছুমান উন্মাদ মানুহৰ সৈতে যুঁজ দিছে।‘’

তথ্য চুৰিৰ গোচৰত তেওঁৰ বিৰুদ্ধে কিয় অভিযোগ উত্থাপন হৈছে তাৰ কাৰণো ট্ৰাম্পে ব্যাখ্যা কৰে। তেওঁৰ মতে, ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হৈছে। লগতে ট্ৰাম্পে দাবী কৰিছে যে তেওঁৰ জনপ্ৰিয়তাই বাইডেনক অতিক্ৰম কৰিছে।

দেশৰ গোপন তথ্য চুৰি কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত তেওঁ ৰিপাব্লিকান দলৰ সতীৰ্থসকলৰো সমৰ্থন লাভ কৰিছে। ট্ৰাম্পৰ সৈতে তিক্ত সম্পৰ্ক থকা ৰিপাব্লিকান নেতা তথা হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ কেভিন মেককাৰ্থীয়েও প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ কাষত থিয় দিছে।

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত ৩৭টা অভিযোগৰ ভিতৰত ৩১টা অভিযোগতে কোৱা হৈছে যে তেওঁ “ইচ্ছাকৃতভাৱে গুৰুত্বপূৰ্ণ আৰু গোপনীয় নথি-পত্ৰ লগত ৰাখিছিল।”

ড’নাল্ড ট্ৰাম্পে মাজে সময়ে নিজৰ ঘৰতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। তালৈ আলহী-অতিথিসকলো আহিছিল। সেই ক্ষেত্ৰত জো বাইডেন প্ৰশাসনে দেশৰ গোপন তথ্য ফাদিল হোৱাৰ আশংকা কৰিছে। এই গোচৰৰ শুনানিৰ বাবে অহা মঙলবাৰে মিয়ামীৰ আদালতত হাজিৰ হ’ব পাৰে ট্ৰাম্প। দোষী সাব্যস্ত হ’লে তেওঁ সৰ্বোচ্চ ২০ বছৰৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন