--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ পাৰমাণৱিক কাৰ্যসূচীৰ গোপন নথি-পত্ৰ নিজৰ ব্যক্তিগত বাসগৃহৰ বাথৰুমত ৰাখিছিল  আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইয়াৰ উপৰিও আমেৰিকা চৰকাৰৰ বহু গোপন নথি ব্যক্তিগত জিম্মাত ৰাখিছিল ট্ৰাম্পে৷

এই সন্দৰ্ভত দেশৰ ন্যায় বিভাগে ট্ৰাম্পৰ বিৰুদ্ধে ৩৭টা অপৰাধমূলক অভিযোগ উত্থাপন কৰে। শুকুৰবাৰে ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ৰাজহুৱা কৰা হয়।

অভিযোগনামাত উল্লেখ কৰা অনুসৰি ট্ৰাম্পৰ হাতত থকা গোপনীয় নথি-পত্ৰত আমেৰিকাৰ পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচী, আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ নিৰাপত্তাৰ ব্যৱধান, আক্ৰমণৰ সন্মুখীন হ’লে আমেৰিকাই সামৰিক আক্ৰমণৰ দ্বাৰা কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব তাৰ পৰিকল্পনাও সন্নিবিষ্ট কৰা আছে। কোৱা হয় যে যদি এই গোপনীয় নথি-পত্ৰসমূহ উন্মোচিত হয় তেন্তে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব পাৰে।

সেই সকলোবোৰ গোপন নথি-পত্ৰ তেওঁ কেনেকৈ তদন্তকাৰী আৰু তেওঁৰ অধিবক্তাৰ পৰা লুকুৱাই ৰাখিছিল তাৰ সবিশেষো প্ৰকাশ পাইছে। অভিযোগ অনুসৰি নথি-পত্ৰসমূহ কেইবাটাও বাকচত ভৰাই ফ্ল’ৰিডাৰ মাৰ-এ-লাগো ৰিজ’ৰ্টৰ আশে-পাশে বিভিন্ন স্থানলৈ লৈ যোৱা হৈছিল। পিছলৈ তাৰ পৰা কিছুমান নথি-পত্ৰ উৰাজাহাজেৰে নিউ জাৰ্ছিৰ বেডমিনিষ্টাৰত তেওঁৰ মালিকানাধীন গলফ ক্লাবলৈ লৈ যোৱা হয়।

অভিযোগনামা অনুসৰি ২০২১ চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত দুবাৰকৈ ট্ৰাম্পে আনক গোপনীয় পাৰমাণৱিক অস্ত্ৰ সম্পৰ্কীয় নথি-পত্ৰ দেখুৱাইছিল। ইয়াৰে প্ৰথম ঘটনাটো আছিল বেডমিনিষ্টাৰৰ ট্ৰাম্প নেশ্যনেল গ’ল্ফ ক্লাবত। এজন লেখক, এজন প্ৰকাশক আৰু তেওঁৰ দুজন কৰ্মচাৰীৰ সৈতে হোৱা বৈঠকৰ সময়ত তেওঁ এই গোপন নথি প্ৰকাশ কৰে। এই লোকসকলৰ কোনো এজনৰেই নথি-পত্ৰ চোৱাৰ কৰ্তৃত্ব নাছিল।

ট্ৰাম্পে নিজেই নিশ্চিত কৰিছে যে তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ গোপনীয়তাৰ সৈতে জড়িত এটা গোচৰত অভিযুক্ত কৰা হৈছে। যোৱা বৃহস্পতিবাৰে ট্ৰাম্পে ছ’চিয়েল মিডিয়া চাইট ট্ৰুথ ছ’চিয়েলত লিখিছিল যে তেওঁক মিয়ামিৰ ফেডাৰেল আদালতত হাজিৰ হ’বলৈ চমন জাৰি কৰা হৈছে। তেওঁ নিজকে নিৰ্দোষী বুলি দাবী কৰিছে।

এই গোচৰত দোষী সাব্যস্ত হ’লে ট্ৰাম্পক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব পাৰে। ইয়াৰ পূৰ্বে মাৰ্চ মাহত ট্ৰাম্পৰ বিৰুদ্ধে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছৰ উৎকোচৰ সৈতে জড়িত অপৰাধমূলক গোচৰত অভিযুক্ত হৈছিল। ট্ৰাম্প এনে অপৰাধৰ অভিযোগত অভিযুক্ত হোৱা প্ৰথমজন আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী