--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলীক লৈ এতিয়া সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ। দেশৰ চহৰে–নগৰে, গাঁৱে–ভূঞে এতিয়া দীপাৱলীৰ প্ৰস্তুতি তুংগত। ইপিনে, দেশৰ লগতে পোহৰৰ উৎসৱ দীপাৱলীক লৈ বিদেশতো উছাহ–উদ্দীপনা।

আমেৰিকা, ইংলেণ্ড, কানাডাৰ দৰে দেশত পালন কৰা হ’ল পোহৰৰ উৎসৱ। আমেৰিকাৰ প্ৰখ্যাত নিউয়ৰ্ক চহৰত দীপাৱলীৰ চমক। ইংলেণ্ডৰ বহুকেইখন চহৰতো পোহৰৰ উৎসৱৰ বিশেষ আয়োজন। ভাৰতৰে সম্পৰ্কত জটিলতা আহি পৰিলেও দীপাৱলীক লৈ পিছ পৰি ৰোৱা নাই কানাডা। 

ইতিমধ্যে বিশ্বৰ বহুকেইখন ৰাষ্ট্রৰ ৰাষ্ট্র প্ৰধানে আয়োজন কৰিলে পোহৰৰ উৎসৱৰ। দীপাৱলী উৎসৱ পালনৰ সময়তে পাৰ্লিয়ামেণ্ট হিলত উত্তোলন কৰা হয় ঔম লিখিত বিশেষ পতাকা। আনহাতে আমেৰিকাতো উপ–ৰাষ্ট্রপতি কমলা হেৰিছে উদযাপন কৰে দীপাৱলী। আমেৰিকা–ব্ৰিটেইন আৰু কানাডাৰ বাবে দীপাৱলী উৎসৱৰ আছে বিশেষ ৰাজনৈতিক গুৰুত্বও।

তথ্য অনুসৰি ২০২১ চনৰ লোকপিয়ল অনুসৰি কানাডাত আছে ১৬ লাখ ভাৰতীয়মূলৰ লোক। যাৰ ভিতৰত ৮.২৮ লাখ হৈছে হিন্দু সম্প্ৰদায়ৰ। কানাডাৰ ভোট বেংকৰ ৰাজনীতিত এইসকল ভোটাৰৰ আছে অপৰিসীম গুৰুত্ব। আনহাতে, আমেৰিকাত আজিৰ তাৰিখত দেশখনৰ মুঠ জনসংখ্যাৰ ০.৭ শতাংশ হৈছে হিন্দু সম্প্ৰদায়। 

শিক্ষা, আৰ্থিক দিশৰ লগতে আমেৰিকাৰ ৰাজনীতিত আছে এই বৃহৎ হিন্দু সম্প্ৰদায়ৰ যথেষ্ট গুৰুত্ব। একেদৰে, ব্ৰিটেইনৰ ৬.৭ কোটি জনসংখ্যাৰ ১.৭ শতাংশ হৈছে হিন্দু সম্প্ৰদায়ৰ। প্ৰায় ১২ লাখ হিন্দু লোকে বাস কৰা ব্ৰিটেইনৰ বহু সংসদীয় সমষ্টিত হিন্দু ভোটে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আহিছে। যাৰ বাবে এইসমূহ ৰাষ্ট্রৰ ৰাষ্ট্র প্রধানে এনেদৰে হিন্দু ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে উৎযাপন কৰি আহিছে ভাৰতীয় উৎসৱৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ