--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলীক লৈ এতিয়া সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ। দেশৰ চহৰে–নগৰে, গাঁৱে–ভূঞে এতিয়া দীপাৱলীৰ প্ৰস্তুতি তুংগত। ইপিনে, দেশৰ লগতে পোহৰৰ উৎসৱ দীপাৱলীক লৈ বিদেশতো উছাহ–উদ্দীপনা।

আমেৰিকা, ইংলেণ্ড, কানাডাৰ দৰে দেশত পালন কৰা হ’ল পোহৰৰ উৎসৱ। আমেৰিকাৰ প্ৰখ্যাত নিউয়ৰ্ক চহৰত দীপাৱলীৰ চমক। ইংলেণ্ডৰ বহুকেইখন চহৰতো পোহৰৰ উৎসৱৰ বিশেষ আয়োজন। ভাৰতৰে সম্পৰ্কত জটিলতা আহি পৰিলেও দীপাৱলীক লৈ পিছ পৰি ৰোৱা নাই কানাডা। 

ইতিমধ্যে বিশ্বৰ বহুকেইখন ৰাষ্ট্রৰ ৰাষ্ট্র প্ৰধানে আয়োজন কৰিলে পোহৰৰ উৎসৱৰ। দীপাৱলী উৎসৱ পালনৰ সময়তে পাৰ্লিয়ামেণ্ট হিলত উত্তোলন কৰা হয় ঔম লিখিত বিশেষ পতাকা। আনহাতে আমেৰিকাতো উপ–ৰাষ্ট্রপতি কমলা হেৰিছে উদযাপন কৰে দীপাৱলী। আমেৰিকা–ব্ৰিটেইন আৰু কানাডাৰ বাবে দীপাৱলী উৎসৱৰ আছে বিশেষ ৰাজনৈতিক গুৰুত্বও।

তথ্য অনুসৰি ২০২১ চনৰ লোকপিয়ল অনুসৰি কানাডাত আছে ১৬ লাখ ভাৰতীয়মূলৰ লোক। যাৰ ভিতৰত ৮.২৮ লাখ হৈছে হিন্দু সম্প্ৰদায়ৰ। কানাডাৰ ভোট বেংকৰ ৰাজনীতিত এইসকল ভোটাৰৰ আছে অপৰিসীম গুৰুত্ব। আনহাতে, আমেৰিকাত আজিৰ তাৰিখত দেশখনৰ মুঠ জনসংখ্যাৰ ০.৭ শতাংশ হৈছে হিন্দু সম্প্ৰদায়। 

শিক্ষা, আৰ্থিক দিশৰ লগতে আমেৰিকাৰ ৰাজনীতিত আছে এই বৃহৎ হিন্দু সম্প্ৰদায়ৰ যথেষ্ট গুৰুত্ব। একেদৰে, ব্ৰিটেইনৰ ৬.৭ কোটি জনসংখ্যাৰ ১.৭ শতাংশ হৈছে হিন্দু সম্প্ৰদায়ৰ। প্ৰায় ১২ লাখ হিন্দু লোকে বাস কৰা ব্ৰিটেইনৰ বহু সংসদীয় সমষ্টিত হিন্দু ভোটে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আহিছে। যাৰ বাবে এইসমূহ ৰাষ্ট্রৰ ৰাষ্ট্র প্রধানে এনেদৰে হিন্দু ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে উৎযাপন কৰি আহিছে ভাৰতীয় উৎসৱৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে