--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত সাধাৰণ নিৰ্বাচন ২০২৪ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ বিদেশৰ পৰা নিজৰ দেশলৈ  উভতি আহিছিল। তোশাখানা গোচৰত অভিযুক্ত হৈ সম্পত্তি হেৰুৱাবলগীয়া হোৱা শ্বৰীফক এতিয়া  ইছলামাবাদৰ এখন আদালতে সকাহ দিছে৷ তোশাখানা গোচৰত নৱাজৰ জব্দ কৰা সকলো সম্পত্তি ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে আদালতে৷ 

উল্লেখ্য তোশাখানা গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত ২০২০ চনত নৱাজ শ্বৰীফৰ বহু  সম্পত্তি জব্দ কৰা হৈছিল। তেনে সম্পত্তিৰ ভিতৰত  মাটি, ব্যয়বহুল গাড়ীৰ পৰা আৰম্ভ কৰি স্থানীয় আৰু বিদেশী বেংকত ৰখা ধনলৈকে আছিল। জব্দ কৰা গাড়ীবোৰৰ ভিতৰত  এখন লেণ্ড ক্ৰুজাৰ আৰু দুখন মাৰ্চিডিজ  আছিল। আদালতে এতিয়া নৱাজক সম্পত্তি ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে।

ইমৰান খানক ক্ষমতাচ্যুত কৰাৰ পিছত নৱাজৰ ভাতৃ শ্বাহবাজ ক্ষমতালৈ আহে৷  কিন্তু তেওঁ ১৩ আগষ্টত প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল সমাপ্ত কৰে। শ্বাহবাজে তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ আগতে চৰকাৰ খন ভংগ কৰি দিছিল। ইয়াৰ ঠিক পিছতে  ৭৩ বছৰীয়া নেতাজনে ইমৰানৰ সৈতে নিৰ্বাচনত যুঁজ দিবলৈ দেশলৈ  উভতি আহিছিল। তেওঁ পৰিয়াল আৰু দলৰ শীৰ্ষ নেতাসকলৰ সৈতে এখন চাৰ্টাৰ্ড বিমানেৰে ডুবাইৰ পৰা পাকিস্তানলৈ  উভতি আহিছিল। 

 উল্লেখ্য নৱাজৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ দুটা গোচৰত পাকিস্তানৰ এখন আদালতে নৱাজক সুৰক্ষা প্ৰদান কৰিছিল। তেওঁক ২৪ অক্টোবৰলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি আদালতে ৰায় দিছিল। 

ইয়াৰ পিছতে  নৱাজে তেওঁৰ পৰিয়াল আৰু দলৰ শীৰ্ষ নেতাসকলৰ সৈতে এখন চাৰ্টাৰ্ড বিমানত ডুবাইৰ পৰা ঘৰলৈ উভতি আহে।নৱাজৰ  দলৰ কৰ্মীসকলক নিয়ন্ত্ৰণ কৰিবলৈ ৭,০০০ আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছিল।

নৱাজৰ দলৰ মুখপাত্ৰ খাজা মহম্মদ আচিফে কৈছিল  "এতিয়া আশা আৰু উদযাপনৰ সময়,   তেওঁ উভতি অহাটো পাকিস্তানৰ অৰ্থনীতি আৰু মানুহৰ বাবে ভাল খবৰ।" দেশলৈ ৰাওনা হোৱাৰ আগতে ডুবাই বিমানবন্দৰত নৱাজে কৈছিল , "মই চাৰি বছৰৰ পিছত পাকিস্তানলৈ উভতি আহিছো। যিদিনা মই পাকিস্তান এৰিছিলো, মই একেবাৰে সুখী নাছিলো। কিন্তু আজি মই সুখী। " এতিয়া তোশাখানা গোচৰত সম্পত্তি ঘূৰাই পাই আনন্দিত হৈ পৰিছে নৱাজ শ্বৰীফ৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত