--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত সাধাৰণ নিৰ্বাচন ২০২৪ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ বিদেশৰ পৰা নিজৰ দেশলৈ  উভতি আহিছিল। তোশাখানা গোচৰত অভিযুক্ত হৈ সম্পত্তি হেৰুৱাবলগীয়া হোৱা শ্বৰীফক এতিয়া  ইছলামাবাদৰ এখন আদালতে সকাহ দিছে৷ তোশাখানা গোচৰত নৱাজৰ জব্দ কৰা সকলো সম্পত্তি ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে আদালতে৷ 

উল্লেখ্য তোশাখানা গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত ২০২০ চনত নৱাজ শ্বৰীফৰ বহু  সম্পত্তি জব্দ কৰা হৈছিল। তেনে সম্পত্তিৰ ভিতৰত  মাটি, ব্যয়বহুল গাড়ীৰ পৰা আৰম্ভ কৰি স্থানীয় আৰু বিদেশী বেংকত ৰখা ধনলৈকে আছিল। জব্দ কৰা গাড়ীবোৰৰ ভিতৰত  এখন লেণ্ড ক্ৰুজাৰ আৰু দুখন মাৰ্চিডিজ  আছিল। আদালতে এতিয়া নৱাজক সম্পত্তি ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে।

ইমৰান খানক ক্ষমতাচ্যুত কৰাৰ পিছত নৱাজৰ ভাতৃ শ্বাহবাজ ক্ষমতালৈ আহে৷  কিন্তু তেওঁ ১৩ আগষ্টত প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল সমাপ্ত কৰে। শ্বাহবাজে তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ আগতে চৰকাৰ খন ভংগ কৰি দিছিল। ইয়াৰ ঠিক পিছতে  ৭৩ বছৰীয়া নেতাজনে ইমৰানৰ সৈতে নিৰ্বাচনত যুঁজ দিবলৈ দেশলৈ  উভতি আহিছিল। তেওঁ পৰিয়াল আৰু দলৰ শীৰ্ষ নেতাসকলৰ সৈতে এখন চাৰ্টাৰ্ড বিমানেৰে ডুবাইৰ পৰা পাকিস্তানলৈ  উভতি আহিছিল। 

 উল্লেখ্য নৱাজৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ দুটা গোচৰত পাকিস্তানৰ এখন আদালতে নৱাজক সুৰক্ষা প্ৰদান কৰিছিল। তেওঁক ২৪ অক্টোবৰলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি আদালতে ৰায় দিছিল। 

ইয়াৰ পিছতে  নৱাজে তেওঁৰ পৰিয়াল আৰু দলৰ শীৰ্ষ নেতাসকলৰ সৈতে এখন চাৰ্টাৰ্ড বিমানত ডুবাইৰ পৰা ঘৰলৈ উভতি আহে।নৱাজৰ  দলৰ কৰ্মীসকলক নিয়ন্ত্ৰণ কৰিবলৈ ৭,০০০ আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছিল।

নৱাজৰ দলৰ মুখপাত্ৰ খাজা মহম্মদ আচিফে কৈছিল  "এতিয়া আশা আৰু উদযাপনৰ সময়,   তেওঁ উভতি অহাটো পাকিস্তানৰ অৰ্থনীতি আৰু মানুহৰ বাবে ভাল খবৰ।" দেশলৈ ৰাওনা হোৱাৰ আগতে ডুবাই বিমানবন্দৰত নৱাজে কৈছিল , "মই চাৰি বছৰৰ পিছত পাকিস্তানলৈ উভতি আহিছো। যিদিনা মই পাকিস্তান এৰিছিলো, মই একেবাৰে সুখী নাছিলো। কিন্তু আজি মই সুখী। " এতিয়া তোশাখানা গোচৰত সম্পত্তি ঘূৰাই পাই আনন্দিত হৈ পৰিছে নৱাজ শ্বৰীফ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ