--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ পাৰমাণৱিক ক্ষেত্ৰৰ তথ্য লাভৰ বাবে চীনে চোৰাংচোৱা বেলুন ব্যৱহাৰ কৰি থকাৰ অভিযোগ উঠি অহাৰ মাজতে আজি আমেৰিকাই দেশ খনৰ পূব উপকূলৰ ওপৰেৰে উৰি থকা সন্দেহজনক চীনা গুপ্তচৰ বেলুন গুলীয়াই ভূপতিত কৰে৷

 আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন যুদ্ধবিমানে আটলাণ্টিক মহাসাগৰৰ ওপৰেৰে উৰি থকা চীনৰ বেলুনটো গুলীয়াই ভূপতিত কৰে। চীনে  বেলুনটো বতৰ বিজ্ঞানৰ উদ্দেশ্যে প্ৰেৰণ কৰা বুলি কৈছে যদিও আমেৰিকাই সেয়া মানি লোৱা নাই৷  কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই জোৰ দি কৈছে যে গুপ্তচরবৃত্তি কৰিবলৈয়েই চীনে এনে বেলুন প্ৰেৰণ কৰিছে৷   এজন জ্যেষ্ঠ সামৰিক বিষয়াই সাংবাদিকক কয়  যে ভাৰ্জিনিয়াৰ লেংলি বায়ু সেনা ঘাটিৰ পৰা উৰা মৰা  এফ-২২ ৰেপ্টৰ যুঁজাৰু বিমানৰ পৰা নিক্ষেপ কৰা এটা মিছাইলৰ দ্বাৰা বেলুনটো ধ্বংস কৰা হয়৷ ।

 চীনা বেলুনে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকাশসীমা অতিক্ৰম কৰি আমেৰিকাত প্ৰৱেশ কৰাৰ খবৰে লোড়ণৰ সৃষ্টি কৰিছে৷ আমেৰিকাৰ কেইবাটাও অঞ্চলত এই বেলুনৰ  জৰিয়তে চীনে  গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এন্থনি ব্লিঙ্কেনে  ৫  ফেব্ৰুৱাৰীত  চীন ভ্ৰমণ কৰিব। চোৰাংচোৱা বেলুন ধৰা পৰাৰ  পিছত সেই ভ্ৰমণ অনিশ্চিত হৈ পৰিছে৷ 

উল্লেখ্য  জানুৱাৰী মাহৰ  শেষৰ ফালে নিশাৰ আকাশত বিশাল বেলুন দেখা গৈছিল। আমেৰিকাৰ  মণ্টানা অঞ্চলৰ  পাৰমাণৱিক পৰীক্ষাস্থলীৰ কাষতে চীনৰ বেলুন উৰি আছিল৷ পেন্টাগনৰ হৈ ব্ৰিগেডিয়াৰ জেনেৰেল পেট্ৰিক ৰাইডাৰে কয়, "আমেৰিকাৰ প্ৰশাসনে এই বেলুনৰ ওপৰত নজৰ ৰাখিছে। ’'  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়