--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ পাৰমাণৱিক ক্ষেত্ৰৰ তথ্য লাভৰ বাবে চীনে চোৰাংচোৱা বেলুন ব্যৱহাৰ কৰি থকাৰ অভিযোগ উঠি অহাৰ মাজতে আজি আমেৰিকাই দেশ খনৰ পূব উপকূলৰ ওপৰেৰে উৰি থকা সন্দেহজনক চীনা গুপ্তচৰ বেলুন গুলীয়াই ভূপতিত কৰে৷

 আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন যুদ্ধবিমানে আটলাণ্টিক মহাসাগৰৰ ওপৰেৰে উৰি থকা চীনৰ বেলুনটো গুলীয়াই ভূপতিত কৰে। চীনে  বেলুনটো বতৰ বিজ্ঞানৰ উদ্দেশ্যে প্ৰেৰণ কৰা বুলি কৈছে যদিও আমেৰিকাই সেয়া মানি লোৱা নাই৷  কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই জোৰ দি কৈছে যে গুপ্তচরবৃত্তি কৰিবলৈয়েই চীনে এনে বেলুন প্ৰেৰণ কৰিছে৷   এজন জ্যেষ্ঠ সামৰিক বিষয়াই সাংবাদিকক কয়  যে ভাৰ্জিনিয়াৰ লেংলি বায়ু সেনা ঘাটিৰ পৰা উৰা মৰা  এফ-২২ ৰেপ্টৰ যুঁজাৰু বিমানৰ পৰা নিক্ষেপ কৰা এটা মিছাইলৰ দ্বাৰা বেলুনটো ধ্বংস কৰা হয়৷ ।

 চীনা বেলুনে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকাশসীমা অতিক্ৰম কৰি আমেৰিকাত প্ৰৱেশ কৰাৰ খবৰে লোড়ণৰ সৃষ্টি কৰিছে৷ আমেৰিকাৰ কেইবাটাও অঞ্চলত এই বেলুনৰ  জৰিয়তে চীনে  গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এন্থনি ব্লিঙ্কেনে  ৫  ফেব্ৰুৱাৰীত  চীন ভ্ৰমণ কৰিব। চোৰাংচোৱা বেলুন ধৰা পৰাৰ  পিছত সেই ভ্ৰমণ অনিশ্চিত হৈ পৰিছে৷ 

উল্লেখ্য  জানুৱাৰী মাহৰ  শেষৰ ফালে নিশাৰ আকাশত বিশাল বেলুন দেখা গৈছিল। আমেৰিকাৰ  মণ্টানা অঞ্চলৰ  পাৰমাণৱিক পৰীক্ষাস্থলীৰ কাষতে চীনৰ বেলুন উৰি আছিল৷ পেন্টাগনৰ হৈ ব্ৰিগেডিয়াৰ জেনেৰেল পেট্ৰিক ৰাইডাৰে কয়, "আমেৰিকাৰ প্ৰশাসনে এই বেলুনৰ ওপৰত নজৰ ৰাখিছে। ’'  

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ