--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেনেৰেল পাৰভেজ মুছাৰফৰ মৃত্যু দেওবাৰে ঘটিছে৷ তেওঁক কেইবা সপ্তাহৰ আগতে  ডুবাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাতেই তেওঁৰ মৃত্যু ঘটা বুলি পাকিস্তানৰ সংবাদমাধ্যমে বাতৰি প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত মুছাৰফৰ  বয়স আছিল ৭৯ বছৰ।পাকিস্তানী সংবাদ মাধ্যম 'জিঅ' নিউজৰ মতে, মুছাৰফক  ডুবাইৰ 'আমেৰিকান হস্পিটেল'ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। দেওবাৰে তাতেই তেওঁৰ মৃত্যু হয়।

পাৰভেজ মুছাৰফৰ  জন্ম ১৯৪৩ চনৰ ১১ আগষ্টত ভাৰতৰ দিল্লীত হৈছিল। তাৰ পিছত তেওঁৰ পৰিয়াল পাকিস্তানলৈ গুচি যায়। তেওঁ কৰাচীৰ ছেইণ্ট পেট্ৰিক হাই স্কুলত অধ্যয়ন কৰিছিল। লাহোৰৰ ফ'ৰমেন খ্ৰীষ্টান মহাবিদ্যালয়ত উচ্চ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ পাকিস্তানৰ সেনাত যোগদান কৰিছিল। তাৰ পিছত ধাপে ধাপে, সেনা প্ৰধান আৰু শেষত ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল। তেওঁ ২০০১ চনৰ পৰা ২০০৮ চনলৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি পদত  আছিল। ২০১৯ চনত তেওঁ ৰাজদ্ৰোহৰ বাবে দোষী সাব্যস্ত হৈছিল। মুছাৰফক মৃত্যুদণ্ড দিয়া হৈছিল। কিন্তু পিছত মৃত্যুদণ্ডৰ ৰায়  বাতিল কৰা হৈছিল৷ 

১০ জুনত মুছাৰফৰ পৰিয়ালে টুইটাৰত এক বিবৃতি জাৰি কৰিছিল। বিবৃতিটোত কোৱা হৈছিল  যে প্ৰাক্তন সেনা প্ৰধানজন এনে এক স্থিতিত আছিল য'ৰ পৰা  "তেওঁ উভতি অহাটো সম্ভৱ নহয়। তেোঁৰ অঙ্গবোৰে কাম কৰা নাই। তেওঁ ভেণ্টিলেটৰত নাই। যোৱা তিনি সপ্তাহ ধৰি, তেওঁ 'এমাইলইডোচিছ'ত আক্ৰান্ত হৈ  চিকিৎসালয়ত ভৰ্তি হৈ আছে ।" 

যোৱা বছৰ মুছাৰফৰ পৰিয়ালৰ সদস্যসকলে টুইট কৰিছিল যে তেওঁ আৰোগ্য হোৱাটো সম্ভৱ নহয়। পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেনেৰেল পাৰভেজ মুছাৰফৰ এমাইলইডোচিছৰ ফলত মৃত্যু হৈছে।  মুছাৰফৰ পৰিয়ালে কৈছিল যে এমাইলইডোচিছৰ কাৰণে তেওঁৰ অংগবিলাকে কাম নকৰা হৈ পৰিছে৷  ৰোগটোৱে সংযোজক কলা আৰু অঙ্গবোৰৰ সক্ৰিয়তা নোহোৱা কৰি পেলায়৷  এমাইলইডোচিছ হৈছে এক বিৰল ৰোগ। শৰীৰৰ বিভিন্ন অঙ্গ আৰু কলাত এমাইলইড নামৰ এক অস্বাভাৱিক প্ৰ'টিন জমা হোৱাৰ ফলত এই ৰোগ হয়। এই ৰোগত আক্ৰান্ত  হ'লে  অঙ্গবোৰ যেনে  হৃদযন্ত্ৰ, বৃক্ক, যকৃত, প্লীহা, স্নায়ুতন্ত্ৰ  আৰু পাচন তন্ত্ৰ অকামিলা হৈ পৰে৷ 

শৰীৰৰ কোনঅংশত এমাইলইড প্ৰ'টিন জমা হয় তাৰ ওপৰত নিৰ্ভৰ কৰি এই ৰোগৰ লক্ষণবোৰো পৃথক হয়। সামগ্ৰিকভাৱে এই ৰোগৰ সাধাৰণ  লক্ষণ বোৰ হ’ল 

১) ভাগৰ আৰু শৰীৰৰ দুৰ্বলতা।

২) উশাহ লোৱাত অসুবিধা।

৩) হাত আৰু ভৰি ফুলা, বিষ বা জঠৰতা।

৪) ডায়েৰিয়া, কোষ্ঠকাঠিন্য, শৌচৰ সৈতে ৰক্তক্ষৰণ।

৫) জিভাত ঘাঁ লগা

৬) চকুৰ পতাৰ চাৰিওফালে চৰ্বিসদৃশ অংশ জমা হোৱা।

যদি এই লক্ষণবোৰে দেখা দিয়ে তেন্তে সময় অপচয় নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল৷ 











FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ