--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেনেৰেল পাৰভেজ মুছাৰফৰ মৃত্যু দেওবাৰে ঘটিছে৷ তেওঁক কেইবা সপ্তাহৰ আগতে  ডুবাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাতেই তেওঁৰ মৃত্যু ঘটা বুলি পাকিস্তানৰ সংবাদমাধ্যমে বাতৰি প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত মুছাৰফৰ  বয়স আছিল ৭৯ বছৰ।পাকিস্তানী সংবাদ মাধ্যম 'জিঅ' নিউজৰ মতে, মুছাৰফক  ডুবাইৰ 'আমেৰিকান হস্পিটেল'ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। দেওবাৰে তাতেই তেওঁৰ মৃত্যু হয়।

পাৰভেজ মুছাৰফৰ  জন্ম ১৯৪৩ চনৰ ১১ আগষ্টত ভাৰতৰ দিল্লীত হৈছিল। তাৰ পিছত তেওঁৰ পৰিয়াল পাকিস্তানলৈ গুচি যায়। তেওঁ কৰাচীৰ ছেইণ্ট পেট্ৰিক হাই স্কুলত অধ্যয়ন কৰিছিল। লাহোৰৰ ফ'ৰমেন খ্ৰীষ্টান মহাবিদ্যালয়ত উচ্চ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ পাকিস্তানৰ সেনাত যোগদান কৰিছিল। তাৰ পিছত ধাপে ধাপে, সেনা প্ৰধান আৰু শেষত ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল। তেওঁ ২০০১ চনৰ পৰা ২০০৮ চনলৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি পদত  আছিল। ২০১৯ চনত তেওঁ ৰাজদ্ৰোহৰ বাবে দোষী সাব্যস্ত হৈছিল। মুছাৰফক মৃত্যুদণ্ড দিয়া হৈছিল। কিন্তু পিছত মৃত্যুদণ্ডৰ ৰায়  বাতিল কৰা হৈছিল৷ 

১০ জুনত মুছাৰফৰ পৰিয়ালে টুইটাৰত এক বিবৃতি জাৰি কৰিছিল। বিবৃতিটোত কোৱা হৈছিল  যে প্ৰাক্তন সেনা প্ৰধানজন এনে এক স্থিতিত আছিল য'ৰ পৰা  "তেওঁ উভতি অহাটো সম্ভৱ নহয়। তেোঁৰ অঙ্গবোৰে কাম কৰা নাই। তেওঁ ভেণ্টিলেটৰত নাই। যোৱা তিনি সপ্তাহ ধৰি, তেওঁ 'এমাইলইডোচিছ'ত আক্ৰান্ত হৈ  চিকিৎসালয়ত ভৰ্তি হৈ আছে ।" 

যোৱা বছৰ মুছাৰফৰ পৰিয়ালৰ সদস্যসকলে টুইট কৰিছিল যে তেওঁ আৰোগ্য হোৱাটো সম্ভৱ নহয়। পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেনেৰেল পাৰভেজ মুছাৰফৰ এমাইলইডোচিছৰ ফলত মৃত্যু হৈছে।  মুছাৰফৰ পৰিয়ালে কৈছিল যে এমাইলইডোচিছৰ কাৰণে তেওঁৰ অংগবিলাকে কাম নকৰা হৈ পৰিছে৷  ৰোগটোৱে সংযোজক কলা আৰু অঙ্গবোৰৰ সক্ৰিয়তা নোহোৱা কৰি পেলায়৷  এমাইলইডোচিছ হৈছে এক বিৰল ৰোগ। শৰীৰৰ বিভিন্ন অঙ্গ আৰু কলাত এমাইলইড নামৰ এক অস্বাভাৱিক প্ৰ'টিন জমা হোৱাৰ ফলত এই ৰোগ হয়। এই ৰোগত আক্ৰান্ত  হ'লে  অঙ্গবোৰ যেনে  হৃদযন্ত্ৰ, বৃক্ক, যকৃত, প্লীহা, স্নায়ুতন্ত্ৰ  আৰু পাচন তন্ত্ৰ অকামিলা হৈ পৰে৷ 

শৰীৰৰ কোনঅংশত এমাইলইড প্ৰ'টিন জমা হয় তাৰ ওপৰত নিৰ্ভৰ কৰি এই ৰোগৰ লক্ষণবোৰো পৃথক হয়। সামগ্ৰিকভাৱে এই ৰোগৰ সাধাৰণ  লক্ষণ বোৰ হ’ল 

১) ভাগৰ আৰু শৰীৰৰ দুৰ্বলতা।

২) উশাহ লোৱাত অসুবিধা।

৩) হাত আৰু ভৰি ফুলা, বিষ বা জঠৰতা।

৪) ডায়েৰিয়া, কোষ্ঠকাঠিন্য, শৌচৰ সৈতে ৰক্তক্ষৰণ।

৫) জিভাত ঘাঁ লগা

৬) চকুৰ পতাৰ চাৰিওফালে চৰ্বিসদৃশ অংশ জমা হোৱা।

যদি এই লক্ষণবোৰে দেখা দিয়ে তেন্তে সময় অপচয় নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল৷ 











FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন