--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইলৰ বেন গুৰিয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছে এই ঘটনা। বিমানবন্দৰ কৰ্তৃপক্ষৰ এক বিবৃতিত কোৱা হৈছে যে বিমানবন্দৰ কৰ্তৃপক্ষৰ এক বিবৃতিত কোৱা হৈছে যে বিমানখনৰ বাবে বৰ্ডিং গেটত উপনীত হোৱাৰ প্ৰয়াসত দম্পতীয়ে কেঁচুৱাটোক চাইল্ড চিটত থৈ টাৰ্মিনেল ১ৰ নিৰাপত্তা চেকপইণ্টৰ ফালে দৌৰি যায়।

এক অদ্ভুত কাণ্ড ইজৰাইলৰ টেল আভিভৰ এয়াৰপৰ্ট চেক-ইন কাউণ্টাৰৰ। এহাল অচিনাক্ত দম্পতীয়ে বেবী টিকট নোহোৱাকৈ এয়াৰপৰ্ট আহি পোৱাৰ সময়ত নিজৰ কেঁচুৱাটো এৰি থৈ যায়। টিকট নোহোৱাৰ বাবেই অকনো কুণ্ঠাবোধ নকৰাকৈ কেঁচুৱাটো এৰি পলাবলৈ চেষ্টা কৰে। চিএনএনৰ মতে, বেন গুৰিয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বেলজিয়ামৰ ব্ৰাছেলছলৈ ৰিয়ান এয়াৰৰ বিমানত চেক ইন কৰি থকা অৱস্থাত দম্পতীহালে নিজৰ কেঁচুৱাটোক এৰি থৈ যায়।

ৰিয়ান এয়াৰৰ এগৰাকী মুখপাত্ৰই চিএনএনক জনোৱা মতে, বেন গুৰিয়ান বিমানবন্দৰৰ চেক-ইন এজেণ্টে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীৰ সৈতে যোগাযোগ কৰি যাত্ৰীসকলক ঘূৰাই পঠালে।

ৰিয়ান এয়াৰৰ ৱেবছাইট অনুসৰি, ‘অনলাইন বুকিং প্ৰক্ৰিয়াৰ সময়ত কেঁচুৱা এটিক বিমান ৰিজাৰ্ভচনত অন্তৰ্ভুক্ত কৰিব পাৰি।’ বিমান সংস্থাটোৱে প্ৰাপ্তবয়স্কৰ কোলাত কঢ়িয়াই নিয়া শিশুৰ বাবে প্ৰতিখন একমুখী বিমানৰ বাবে ২৭ ডলাৰ লয়। যদি প্ৰাপ্তবয়স্কজনে শিশুটিক আসনত বহি যাত্ৰা কৰাটো বিচাৰে তেন্তে পৃথক ব্যৱস্থা কৰা হয়।

চিএনএনৰ মতে, বিমানবন্দৰ কৰ্তৃপক্ষই এই কথা নিশ্চিত কৰি এক বিবৃতিত কয় যে, “বেলজিয়ামৰ পাছপ’ৰ্ট থকা এহাল দম্পতীয়ে নৱজাতক কঢ়িয়াই অনা শিশুৰ টিকট নোহোৱাকৈ বিমানৰ বাবে টাৰ্মিনেল ১ত উপস্থিত হৈছিল।” নৱজাতকটোক চাইল্ড চিটত এৰি টাৰ্মিনেল ১ ৰ নিৰাপত্তাৰক্ষীৰ চেকপইণ্টৰ ফালে দৌৰি গৈ বিমানখনৰ বাবে বৰ্ডিং গেট পোৱাৰ প্ৰয়াস কৰে দম্পতীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ