--°C
Loading...
Listen to Article
2 min read
80%

ইয়াত দেখা গৈছে যে এজন দৃশ্যত ৰাছিয়াৰ নাগৰিকে এটা আইপেডক হাতুৰিৰে ভাঙি পেলাইছে। ভিডিঅ’টো ৰাছিয়াৰ চৰকাৰী দূৰদৰ্শনত সম্প্ৰচাৰ কৰা হৈছিল আৰু সম্ভৱতঃ এটা প্ৰতিবাদী কাৰ্যক প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্যে কৰা হৈছে।

ডিজিটেল ডেস্ক: ‘আমেৰিকাৰ নিষেধাজ্ঞাৰ প্ৰতি আমাৰ সঁহাৰি! আমি আপোনাক ভয় নকৰোঁ! আমি আপোনাৰ সুন্দৰ ধুনীয়া বস্তু অবিহনে জীয়াই থাকিম!’ এটি ভাইৰেল ভিডিঅ’ই অবাক কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক৷ মুহূৰ্ততে এটি আইফোন হাতুৰিয়ে কোৱাই ভাগি পেলায়৷ আইফোন কিনাৰ সপোন দেখিও উদং জেপৰ বাবে বহুতৰে সপোন ভাগি যায়৷ এই ভিডিঅ'টো প্ৰত্যক্ষ কৰাৰ ফলত সমবেদনা এইসকল লোকলৈ যিয়ে আইফোন কিনাৰ সপোন দেখি আছে৷ ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে যে, ব্যক্তি এজনে তেওঁৰ ব্যৱহাৰ কৰা আইপেডটো ভাগি পুত্ৰক কয় যে, তেওঁ এপলৰ অবিহনে ভালদৰে জীয়াই থাকিব পাৰে। তেওঁৰ বিবৃতিটো সম্ভৱতঃ ৰাছিয়াত এপ’লৰ বিক্ৰী বন্ধৰ বিৰুদ্ধে নিৰ্দেশিত হৈছিল। অৱশ্যে, তেওঁৰ আইপেডটো প্ৰায় ১০ বছৰ পুৰণি৷ স্পষ্টতঃ তেওঁ দীৰ্ঘদিন ধৰি এপল সামগ্ৰী অবিহনে বাস কৰি আছে। https://twitter.com/i/status/1498998487324807168 ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষৰ মাজতেই এই ভিডিঅ’ই তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া৷ ভিডিঅ'টো ৰাছিয়াৰ চৰকাৰী দূৰদৰ্শনত সম্প্ৰচাৰ কৰা হৈছিল আৰু সম্ভৱতঃ এটা প্ৰতিবাদী কাৰ্যক প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্যে কৰা হৈছে। এই ভিডিঅ'টোৰ দ্বাৰা এক বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে৷ বাৰ্তাটো আমেৰিকালৈ পোণপটীয়াকৈ আছিল৷ য'ত এটা ভাৱেই প্ৰকাশ পাইছিল, ৰাছিয়াৰ নাগৰিকে আমেৰিকাৰ সামগ্ৰী ব্যৱহাৰ নকৰাকৈ জীয়াই থাকিব পাৰিব৷ উল্লেখ্য যে, ইউক্ৰেইনৰ এজন বৃদ্ধ ব্যক্তিয়ে আক্ৰমণকাৰী সৈনিকসকলক শিশুৰ দৰে গালি-গালাজ কৰা এটি ভিডিঅ' দেখা গৈছিল৷ ভিডিঅ'টোত বৃদ্ধ ব্যক্তিজনে ৰাছিয়ান আৰু তেওঁলোকৰ কাৰ্যৰ দ্বাৰা বিৰক্ত হোৱা দেখিবলৈ পোৱা গৈছিল। যাৰ ফলত ৰাছিয়াৰ নাগৰিকে সন্মুখীন হৈছিল বিভিন্ন প্ৰতিবন্ধকতাৰ৷ ৰাছিয়াত এপ’লৰ সামগ্ৰী বিক্ৰী বন্ধ কৰাৰ পৰিণামৰ প্ৰকাশ পাইছিল ভিডিঅ’টোৰ জৰিয়তে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন