--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চৌদিশে গুলী আৰু বিস্ফোৰণৰ শব্দ, ধাৰাসাৰে বৰ্ষণ হৈছে মিছাইল। নিমিষতে ভাঙি পৰিছে সুউচ্চ একো একোটা ভৱন। চৌপাশে আহত মানুহৰ আৰ্তস্বৰ। মৃতদেহৰ দ’ম। সকলো সময়তে ঘৰৰ চালখন মূৰৰ ওপৰত খহি পৰাৰ ভয়, বোমা, বুলেটে শৰীৰ নেফানেফ কৰি পেলোৱাৰ ভয়। এনে এক বিভীষিকাময় পৰিস্থিতিৰ মাজত এতিয়াও আবদ্ধ হৈ আছে ভাৰতৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী। দুজনকৈ ছাত্ৰৰ এতিয়ালৈ মৃত্যু হৈছে যুদ্ধজৰ্জৰ ইউক্ৰেইনত। আন এগৰাকী শিক্ষাৰ্থী গুলীবিদ্ধ হৈ চিকিৎসাধীন হৈ আছে। দেশৰ শাসকীয় দলে এতিয়া যুদ্ধজৰ্জৰ দেশখনৰ পৰা দুৰ্গত ভাৰতীয় উদ্ধাৰ কৰাৰ কৃতিত্ব নিজৰ কৰিবলৈ উঠি-পৰি লগা দেখা গৈছে। দেশৰ প্ৰধান সেৱকৰ গুণানুকীৰ্তন কৰা আৰম্ভ কৰিছে শাসকীয় দলৰ নেতাই। কিন্তু বাস্তৱ ছবিখনে কৈছে কিন্তু অন্য কথাহে। যুদ্ধৰ বিভীষিকাৰ মাজৰ পৰা ওলাবলৈ কৰা চেষ্টাৰ সময়তে হাৰজট নামৰ এজন ভাৰতীয় ছাত্ৰ গুলীবিদ্ধ হৈছিল দুদিনৰ আগতে। চিকিৎসালয়ত ভৰ্তি হৈ থকা গুলীবিদ্ধ ছাত্ৰগৰাকীয়ে কৰা কিছুমান মন্তব্যই এতিয়া বহু প্ৰশ্নৰ উদ্ৰেগ ঘটাইছে। তেওঁ অভিযোগ কৰিছে যে, ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসৰ পৰা 'কোনো সঠিক সঁহাৰি' পোৱা নাছিল ছাত্ৰজনে। তেওঁ সন্মুখীন হোৱা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয় যে, যে গুলীবৰ্ষণ আৰম্ভ হোৱাৰ সময়ত তেওঁ আন দুজনৰ সৈতে টেক্সিত যাত্ৰা কৰি আছিল, কিন্তু অলপ সময়ৰ পাছতে গুলীচালনা ব্যাপক বৈ পৰে আৰু তাৰ মাজকে তেওঁ মূৰ্চ্ছা যায়। সাৰ পাই নিজকে এখন চিকিৎসালয়ৰ বিছনাত তেওঁ নিজকে আৱিষ্কাৰ কৰে আৰু চিকিৎসকে তেওঁক আহি কয় যে তেওঁৰ শৰীৰত কেইবাটাও গুলী লাগিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত দুখ-দুৰ্যোগ আৰু অনিশ্চয়তাই গ্ৰাস কৰা গুলীবিদ্ধ হৰজোতে কয়, ‘অনুগ্ৰহ কৰি মোক ইয়াৰ পৰা উলিয়াই নিয়ক। মই মৃত্যুৰ মুখামুখি হৈছিলোঁ কিন্তু মই ইমান সোনকালে মৰিব নিবিচাৰোঁ। মই মোৰ পৰিয়ালৰ সৈতে জীৱন কটাব বিচাৰোঁ। মাৰ প্ৰাৰ্থনাৰ বাবেহে মই আজি জীয়াই আছোঁ।’ উল্লেখ্য যে, তেওঁ দিল্লীৰ ছত্তৰপুৰ অঞ্চলৰ বাসিন্দা আৰু উচ্চশিক্ষা লাভৰ বাবে তেওঁ ইউক্ৰেইনলৈ গৈছিল। তেওঁ এতিয়া কিয়েভ ক্লিনিকেল হস্পিটেলত চিকিৎসাধীন হৈ আছে। ভাৰতীয় দূতাবাসৰ পৰা ২০ মিনিট দূৰত থকা হাস্পতালখনত চিকিৎসাধীন ভাৰতীয় ছাত্ৰগৰাকীৰ গুৰুতৰ অভিযোগ কিন্তু ভাৰত চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। চৰকাৰে উদ্ধাৰকাৰ্য আৰম্ভ কৰাত পলম কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে। কিন্তু প্ৰধানমন্ত্ৰী মোদীকে ধৰি বিভিন্নজন বিজেপি নেতাই নিজৰ কৃতিত্ব জাহিৰ কৰাত পিছ হোহকা নাই। এই বিষয়টোক আনকি নিৰ্বাচনী সুবিধা আদায় কৰাৰ বাবেও ব্যৱহাৰ কৰিব বিচৰা হৈছে। মোদীক অসাধাৰণ পৰিত্ৰাণকাৰীৰ ৰূপত উপস্থাপন কৰাৰ চেষ্টাও চলিছে। কিন্তু এই সকলোৰে আঁৰৰ সত্যটো হৈছে যে, ইউক্ৰেইনত এতিয়াও ভয়াৱহ পৰিস্থিতিৰ মাজত সহস্ৰাধিক ভাৰতীয় শিক্ষাৰ্থী আবদ্ধ হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক