--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত ত্ৰাসৰ সৃষ্টি  কৰা কৰোনা ভাইৰাছ মানুহে সৃষ্টি কৰা ভাইৰাছহে! চীনে আমেৰিকাৰ সহায়ত এই মাৰাত্মক ভাইৰাছবিধ সৃষ্টি  কৰিছে! উহান চহৰৰ বিতৰ্কিত গৱেষণাগাৰটোৰ এজন প্ৰাক্তন বিজ্ঞানীয়ে এই বিস্ফোৰক দাবী কৰিছে। কোভিডৰ আৰম্ভনিৰে পৰাই বহুতে দাবী কৰি আহিছিল যে চীনেই কৰোনা ভাইৰাছৰ সৃষ্টি কৰিছিল৷ আনকি আমেৰিকায়ো সেই একে দাবীয়েই কৰিছিল৷

২০১৯ চনৰ শেষৰ পিনে চীনৰ  উহানত প্ৰথম কৰোনা ভাইৰাছ ধৰা পৰিছিল। পৰৱৰ্তী সময়ত কৰোনা ভাইৰাছ সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল৷   সমগ্ৰ বিশ্বতে আৰম্ভ হৈছিল মৃত্যুযজ্ঞ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত দেশসমূহো মহামাৰীৰ কবলত পৰিছিল। ৱাশ্বিংটনে অভিযোগ কৰিছিল যে মাৰাত্মক ভাইৰাছ বিধ  চীনৰ উহান ইনষ্টিটিউট অৱ ভাইৰোলজীৰ পৰা বিয়পিছে৷ । ২০২১ চনত এনে দাবীৰ মাজতে  চীনে বিতৰ্কিত প্ৰতিষ্ঠানটোক সৰ্বোচ্চ সন্মানৰ বাবে মনোনীত কৰিছিল।

উহানৰ বিতৰ্কিত গৱেষণাগাৰটোৰ এজন প্ৰাক্তন বিজ্ঞানী এণ্ড্ৰিউ হাউগে ব্ৰিটিছ বাতৰি কাকত 'দ্য চান'ত মহামাৰীৰ উৎপত্তিৰ বিষয়ে বহু বিস্ফোৰক কথা কৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা গৱেষকজনে দাবী কৰিছে যে কৰোনা ভাইৰাছ চীনৰ 'উহান ইনষ্টিটিউট অৱ ভাইৰোলজী'ৰ পৰা বিয়পিছিল। কেনেবাকৈ মানুহে সৃষ্টি কৰা  ভাইৰাছবিধ  পৰীক্ষাগাৰৰ পৰা বিয়পি পৰিছিল। বিজ্ঞানী এণ্ড্ৰিউ হাউগে তেওঁৰ 'দ্য ট্ৰুথ এবাউট উহান' শীৰ্ষক গ্ৰন্থখনত  দাবী কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰই কৰোনা ভাইৰাছ সম্পৰ্কীয় গৱেষণাৰ বাবে চীনক ধন পৰিশোধ কৰিছিল। 

তেওঁ কয় , "কৰোনা ভাইৰাছ মানুহে সৃষ্টি কৰা বুলি  চীনে প্ৰথম দিনৰে পৰাই জানিছিল । আমেৰিকা এনে ভয়ানক জৈৱিক সামগ্ৰী চীনক হস্তান্তৰ কৰাৰ বাবে দায়বদ্ধ। এণ্ড্ৰিউ হাফে লগতে দাবী কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী সংস্থা নেচনেল ইনষ্টিটিউট অৱ হেল্থে প্ৰায় দহ বছৰ ধৰি উহান গৱেষণাগাৰৰ সৈতে কৰোনা সম্পৰ্কীয় গৱেষণা চলাই আহিছিল। 

লক্ষণীয় যে আমেৰিকাই বাৰে বাৰে এই বিষয়টো উত্থাপন কৰিছে যে চীনেই হৈছে কৰোনাৰ উৎস। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন বিদেশ সচিব মাইক পম্পিঅ'ই আৰু এখোজ আগুৱাই গৈ চীনৰ পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)য়ো এই ভাইৰাছ বিধৰ সৈতে জড়িত বুলি দাবী কৰিছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী