--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত ত্ৰাসৰ সৃষ্টি  কৰা কৰোনা ভাইৰাছ মানুহে সৃষ্টি কৰা ভাইৰাছহে! চীনে আমেৰিকাৰ সহায়ত এই মাৰাত্মক ভাইৰাছবিধ সৃষ্টি  কৰিছে! উহান চহৰৰ বিতৰ্কিত গৱেষণাগাৰটোৰ এজন প্ৰাক্তন বিজ্ঞানীয়ে এই বিস্ফোৰক দাবী কৰিছে। কোভিডৰ আৰম্ভনিৰে পৰাই বহুতে দাবী কৰি আহিছিল যে চীনেই কৰোনা ভাইৰাছৰ সৃষ্টি কৰিছিল৷ আনকি আমেৰিকায়ো সেই একে দাবীয়েই কৰিছিল৷

২০১৯ চনৰ শেষৰ পিনে চীনৰ  উহানত প্ৰথম কৰোনা ভাইৰাছ ধৰা পৰিছিল। পৰৱৰ্তী সময়ত কৰোনা ভাইৰাছ সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল৷   সমগ্ৰ বিশ্বতে আৰম্ভ হৈছিল মৃত্যুযজ্ঞ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত দেশসমূহো মহামাৰীৰ কবলত পৰিছিল। ৱাশ্বিংটনে অভিযোগ কৰিছিল যে মাৰাত্মক ভাইৰাছ বিধ  চীনৰ উহান ইনষ্টিটিউট অৱ ভাইৰোলজীৰ পৰা বিয়পিছে৷ । ২০২১ চনত এনে দাবীৰ মাজতে  চীনে বিতৰ্কিত প্ৰতিষ্ঠানটোক সৰ্বোচ্চ সন্মানৰ বাবে মনোনীত কৰিছিল।

উহানৰ বিতৰ্কিত গৱেষণাগাৰটোৰ এজন প্ৰাক্তন বিজ্ঞানী এণ্ড্ৰিউ হাউগে ব্ৰিটিছ বাতৰি কাকত 'দ্য চান'ত মহামাৰীৰ উৎপত্তিৰ বিষয়ে বহু বিস্ফোৰক কথা কৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা গৱেষকজনে দাবী কৰিছে যে কৰোনা ভাইৰাছ চীনৰ 'উহান ইনষ্টিটিউট অৱ ভাইৰোলজী'ৰ পৰা বিয়পিছিল। কেনেবাকৈ মানুহে সৃষ্টি কৰা  ভাইৰাছবিধ  পৰীক্ষাগাৰৰ পৰা বিয়পি পৰিছিল। বিজ্ঞানী এণ্ড্ৰিউ হাউগে তেওঁৰ 'দ্য ট্ৰুথ এবাউট উহান' শীৰ্ষক গ্ৰন্থখনত  দাবী কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰই কৰোনা ভাইৰাছ সম্পৰ্কীয় গৱেষণাৰ বাবে চীনক ধন পৰিশোধ কৰিছিল। 

তেওঁ কয় , "কৰোনা ভাইৰাছ মানুহে সৃষ্টি কৰা বুলি  চীনে প্ৰথম দিনৰে পৰাই জানিছিল । আমেৰিকা এনে ভয়ানক জৈৱিক সামগ্ৰী চীনক হস্তান্তৰ কৰাৰ বাবে দায়বদ্ধ। এণ্ড্ৰিউ হাফে লগতে দাবী কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী সংস্থা নেচনেল ইনষ্টিটিউট অৱ হেল্থে প্ৰায় দহ বছৰ ধৰি উহান গৱেষণাগাৰৰ সৈতে কৰোনা সম্পৰ্কীয় গৱেষণা চলাই আহিছিল। 

লক্ষণীয় যে আমেৰিকাই বাৰে বাৰে এই বিষয়টো উত্থাপন কৰিছে যে চীনেই হৈছে কৰোনাৰ উৎস। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন বিদেশ সচিব মাইক পম্পিঅ'ই আৰু এখোজ আগুৱাই গৈ চীনৰ পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)য়ো এই ভাইৰাছ বিধৰ সৈতে জড়িত বুলি দাবী কৰিছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক