--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লকডাউন বিৰোধী প্ৰতিবাদে স্তব্ধ কৰা চীনত এতিয়া চৰকাৰে কেতবোৰ শিথিল নিয়ম গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ কৰোনা প্ৰতিৰোধৰ বাবে চীনৰ চৰকাৰে ঘোষণা কৰা লকডাউনৰ বিৰুদ্ধে দেশখনৰ জনসাধাৰণে ৰাজপথলৈ ওলাই আহিছে। 

প্ৰশাসনে জনসাধাৰণৰ মতামতত গুৰুত্ব নিদি নিজৰ মতেই সকলো কৰি গৈছিল যদিও শেহতীয়াকৈ যেন জনতাৰ প্ৰতিবাদে চৰকাৰক কিছু সেওঁ মনাবলৈ সক্ষম হৈছে৷। বেইজিঙকে ধৰি চীনৰ আন বহু  চহৰৰ দৰে চীনৰ চৰকাৰে এইবাৰ ছাংহাইত কোভিডৰ নিয়ম শিথিল কৰিছে। সোমবাৰৰ পৰা এই চহৰখনত চৰকাৰী বাহনত উঠিবলৈ কৰোনা পৰীক্ষাৰ প্ৰমাণপত্ৰৰ কোনো প্ৰয়োজন নহ'ব। ছাংহাইৰ সকলো মল, দোকান আৰু বজাৰ সোমবাৰৰ পৰা পুনৰ মুকলি হৈছে।

চহৰখনৰ সকলো উদ্যান, খেলপথাৰ, মুকলি প্লেটফৰ্মৰ ক্ষেত্ৰতো একেই নীতি প্ৰযোজ্য হ'ব। চীনৰ এখন দৈনিক বাতৰি কাকতত স্থানীয় প্ৰশাসনৰ উদ্ধৃতি দি কোৱা হৈছে যে এই মুকলি অঞ্চলসমূহত প্ৰৱেশ কৰিবলৈ আৰু কোনো কৰোনা পৰীক্ষাৰ প্ৰতিবেদনৰ প্ৰয়োজন নহ'ব।

স্থানীয় প্ৰশাসনে কৰোনাৰ এক শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰি আহিছে। বছৰটোৰ শেষত চীনে সেই নীতি শিথিল কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পূৰ্বে চীনৰ চৰকাৰে বেইজিং, গুয়াংঝৌ চহৰ, উত্তৰৰ শিঝাউয়াং, দক্ষিণ-পশ্চিমৰ চেংডুকে ধৰি কেইবাখনো চহৰত  লকডাউন ঘোষণা কৰিছিল৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক