--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লকডাউন বিৰোধী প্ৰতিবাদে স্তব্ধ কৰা চীনত এতিয়া চৰকাৰে কেতবোৰ শিথিল নিয়ম গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ কৰোনা প্ৰতিৰোধৰ বাবে চীনৰ চৰকাৰে ঘোষণা কৰা লকডাউনৰ বিৰুদ্ধে দেশখনৰ জনসাধাৰণে ৰাজপথলৈ ওলাই আহিছে। 

প্ৰশাসনে জনসাধাৰণৰ মতামতত গুৰুত্ব নিদি নিজৰ মতেই সকলো কৰি গৈছিল যদিও শেহতীয়াকৈ যেন জনতাৰ প্ৰতিবাদে চৰকাৰক কিছু সেওঁ মনাবলৈ সক্ষম হৈছে৷। বেইজিঙকে ধৰি চীনৰ আন বহু  চহৰৰ দৰে চীনৰ চৰকাৰে এইবাৰ ছাংহাইত কোভিডৰ নিয়ম শিথিল কৰিছে। সোমবাৰৰ পৰা এই চহৰখনত চৰকাৰী বাহনত উঠিবলৈ কৰোনা পৰীক্ষাৰ প্ৰমাণপত্ৰৰ কোনো প্ৰয়োজন নহ'ব। ছাংহাইৰ সকলো মল, দোকান আৰু বজাৰ সোমবাৰৰ পৰা পুনৰ মুকলি হৈছে।

চহৰখনৰ সকলো উদ্যান, খেলপথাৰ, মুকলি প্লেটফৰ্মৰ ক্ষেত্ৰতো একেই নীতি প্ৰযোজ্য হ'ব। চীনৰ এখন দৈনিক বাতৰি কাকতত স্থানীয় প্ৰশাসনৰ উদ্ধৃতি দি কোৱা হৈছে যে এই মুকলি অঞ্চলসমূহত প্ৰৱেশ কৰিবলৈ আৰু কোনো কৰোনা পৰীক্ষাৰ প্ৰতিবেদনৰ প্ৰয়োজন নহ'ব।

স্থানীয় প্ৰশাসনে কৰোনাৰ এক শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰি আহিছে। বছৰটোৰ শেষত চীনে সেই নীতি শিথিল কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পূৰ্বে চীনৰ চৰকাৰে বেইজিং, গুয়াংঝৌ চহৰ, উত্তৰৰ শিঝাউয়াং, দক্ষিণ-পশ্চিমৰ চেংডুকে ধৰি কেইবাখনো চহৰত  লকডাউন ঘোষণা কৰিছিল৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক