--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হত্যাৰ আশংকাত ভুগিছে এলন মাস্ক। বিশ্বৰ আটাইতকৈ চহকী লোকগৰাকীয়ে আশংকা প্ৰকাশ কৰিছে যে গোপনে তেওঁৰ বিৰুদ্ধে ঘাতকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। সুযোগ পালেই তেওঁলৈ লক্ষ্য কৰি গোলাবৰ্ষণ কৰা হ’ব।

নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে মাস্কে। তেওঁ কয়- ''মুকলিকৈয়ে কৈছো। মোৰ স’তে খুব জঘন্য কিবা ঘটাৰ সম্ভাৱনা অত্যন্ত বেছি। মোক গুলি কৰাও হ’ব পাৰে।’’

''বিচাৰলেই কাৰোবাক হত্যা কৰাটো তেনেকুৱা কোনো কঠিন কাম নহয়। সেয়ে মই আশা কৰিছো যে ভাগ্য মোৰ বাবে সহায়ক হ’ব। মই খোলা গাড়ীত আৰু কোনোদিনেই পেৰেড নকৰো।’’- মাস্কে কয়।

উল্লেখ্য যে টুইটাৰ ক্ৰয় কৰাৰ পাছৰে পৰা বিভিন্ন বিতৰ্কত সোমাই পৰিছে এলন মাস্ক। এইসমূহৰ বাবেই এলন মাস্কে এনেদৰে ভাবিবলৈ বাধ্য হৈছে বুলি বহুতে ক’ব বিচাৰে।

শেহতীয়াকৈ টুইটাৰৰ ভৱিষ্যৎ আৰু বাকস্বাধিনতাৰ ওপৰতো মুখ খোলে এলন মাস্কে। কয়- ''যেতিয়ালৈকে আপুনি কাৰোৰে ক্ষতি কৰা নাই, তেতিয়ালৈকে আপোনাৰ মতপ্ৰকাশৰ স্বাধিনতা থকা উচিত। দিনটোৰ শেষত আমি সকলো এনেকুৱা এটা ভৱিষ্যতৰ কামনা কৰো, য’ত আমাক অৱদমন কৰি ৰখা নহ’ব। য’ত আমি স্বাধীনভাৱে কথা ক’ব পাৰো। য’ত মতপ্ৰকাশৰ পাছত কোনো ধৰণৰ সংঘাতৰ আশংকা নাথাকিব।

উল্লেখ্য যে নিজকে মতপ্ৰকাশৰ স্বাধীনতাৰ সকলোতকৈ ডাঙৰ সমৰ্থক হিচাপে দাবী কৰে মাস্কে। ৪৪ বিলিয়ন ডলাৰ খৰচ কৰি টুইটাৰ ক্ৰয়ৰ কাৰণো মতপ্ৰকাশৰ স্বাধনীনতা বুলি কৈছে তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী