--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্ব দৰবাৰত জিলিকি উঠিল দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ উন্নত চৰকাৰী শিক্ষা ব্যৱস্থাৰ কথা। যিটো সময়ত দেশৰ প্ৰায় ভাগ ৰাজ্যতে চৰকাৰী শিক্ষা ব্যৱস্থাৰ পয়ালগা ৰূপে সকলোকে চিন্তিত কৰি তুলিছে সেই সময়তে আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থা জাকত জিলিকা হৈ পৰিছে। দিল্লীৰ উন্নত চৰকাৰী শিক্ষা ব্যৱস্থাৰ কথা দেশৰ প্ৰায়ভাগ মিডিয়াৰে চকুত নপৰিলেও পিছে আমেৰিকাৰ সৰ্বাধিক প্ৰচাৰিত কাকত ’নিউয়ৰ্ক টাইমছ’ৰ প্ৰথম পৃষ্ঠাৰ আধাতকৈও বেছি ঠাই দখল কৰিলে দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ খবৰে। 

দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ কথা বিশ্বই জনাৰ সময়তে আজি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিছোডিয়াৰ ঘৰত চলিল চিবিআইৰ তালাচী। উল্লেখ্য স্বাস্থ্য, বিদ্যুৎ, পানী যোগান আৰু শিক্ষাৰ মৌলিক সেৱা উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰে আম আদমী পাৰ্টীয়ে দিল্লীত ক্ষমতালৈ আহিছিল। ২০১৫ চনত দিল্লীৰ মুখ্যমন্ত্ৰী পদত অধিস্ঠিত হোৱা দলটোৰ নেতা অৰবিন্দ কেজৰিৱালে কৈছিল যে তেওঁ শিক্ষা  ব্যৱস্থাটোক এনে এক পৰ্যায়লৈ নিব  বিচাৰে য'ত চৰকাৰৰ মন্ত্ৰীসকলে তেওঁলোকৰ সন্তানক চৰকাৰী বিদ্যালয়লৈ পঠিয়াবলৈ অনুপ্ৰাণিত হ’ব।নতুন দিল্লীৰ দ্বাৰকা অঞ্চলত বিশেষ উৎকৰ্ষ বিদ্যালয় স্থাপনেৰে কেজৰিৱালে সেই যাত্ৰা আৰম্ভ কৰিছিল। 


নতুন পাঠ্যক্ৰম ৰচনা কৰিবলৈ শীৰ্ষ বিশেষজ্ঞ আৰু বিশ্ববিদ্যালয়সমূহৰ সৈতে কেজৰিৱালৰ চৰকাৰে যোগযোগ  কৰিছিল।
মুম্বাইৰ টাটা সামাজিক বিজ্ঞান প্ৰতিষ্ঠানৰ শিক্ষা বিষয়ৰ অধ্যাপক পদ্ম সৰঙ্গপানীয়ে কয়, "দিল্লীয়ে বুজাই  দিয়া প্ৰথম শক্তিশালী কথাটো হ'ল এয়ে যে আমাৰ ল'ৰা-ছোৱালীসকল মূল্যৱান, আমাৰ বিদ্যালয়সমূহ মূল্যৱান আৰু আমাৰ শিক্ষকসকল যোগ্য।"

কেজৰিৱালে বিগত বৰ্ষৰ  ডিচেম্বৰত ঘোষণা কৰিছিল যে যোৱা পাঁচ বছৰত ২৫০,০০০শিক্ষাৰ্থীয়ে ব্যক্তিগত বিদ্যালয় ত্যাগ কৰি চৰকাৰী বিদ্যালয়ত নাম লগাইছে।

দিল্লী চৰকাৰৰ তথ্য অনুসৰি যোৱা বছৰ তেওঁলোকৰ চূড়ান্ত উচ্চ বিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰায় ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে৷  তেলেংগানা আৰু তামিলনাডুকে ধৰি অন্যান্য ৰাজ্য চৰকাৰসমূহেও এতিয়া "দিল্লী আৰ্হি" গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ এনেবোৰ কথাই এতিয়া আমেৰিকাৰ সৰ্বাধিক প্ৰচাৰিত কাকত ’নিউয়ৰ্ক টাইমছ’ৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু