--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্ব দৰবাৰত জিলিকি উঠিল দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ উন্নত চৰকাৰী শিক্ষা ব্যৱস্থাৰ কথা। যিটো সময়ত দেশৰ প্ৰায় ভাগ ৰাজ্যতে চৰকাৰী শিক্ষা ব্যৱস্থাৰ পয়ালগা ৰূপে সকলোকে চিন্তিত কৰি তুলিছে সেই সময়তে আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থা জাকত জিলিকা হৈ পৰিছে। দিল্লীৰ উন্নত চৰকাৰী শিক্ষা ব্যৱস্থাৰ কথা দেশৰ প্ৰায়ভাগ মিডিয়াৰে চকুত নপৰিলেও পিছে আমেৰিকাৰ সৰ্বাধিক প্ৰচাৰিত কাকত ’নিউয়ৰ্ক টাইমছ’ৰ প্ৰথম পৃষ্ঠাৰ আধাতকৈও বেছি ঠাই দখল কৰিলে দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ খবৰে। 

দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ কথা বিশ্বই জনাৰ সময়তে আজি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিছোডিয়াৰ ঘৰত চলিল চিবিআইৰ তালাচী। উল্লেখ্য স্বাস্থ্য, বিদ্যুৎ, পানী যোগান আৰু শিক্ষাৰ মৌলিক সেৱা উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰে আম আদমী পাৰ্টীয়ে দিল্লীত ক্ষমতালৈ আহিছিল। ২০১৫ চনত দিল্লীৰ মুখ্যমন্ত্ৰী পদত অধিস্ঠিত হোৱা দলটোৰ নেতা অৰবিন্দ কেজৰিৱালে কৈছিল যে তেওঁ শিক্ষা  ব্যৱস্থাটোক এনে এক পৰ্যায়লৈ নিব  বিচাৰে য'ত চৰকাৰৰ মন্ত্ৰীসকলে তেওঁলোকৰ সন্তানক চৰকাৰী বিদ্যালয়লৈ পঠিয়াবলৈ অনুপ্ৰাণিত হ’ব।নতুন দিল্লীৰ দ্বাৰকা অঞ্চলত বিশেষ উৎকৰ্ষ বিদ্যালয় স্থাপনেৰে কেজৰিৱালে সেই যাত্ৰা আৰম্ভ কৰিছিল। 


নতুন পাঠ্যক্ৰম ৰচনা কৰিবলৈ শীৰ্ষ বিশেষজ্ঞ আৰু বিশ্ববিদ্যালয়সমূহৰ সৈতে কেজৰিৱালৰ চৰকাৰে যোগযোগ  কৰিছিল।
মুম্বাইৰ টাটা সামাজিক বিজ্ঞান প্ৰতিষ্ঠানৰ শিক্ষা বিষয়ৰ অধ্যাপক পদ্ম সৰঙ্গপানীয়ে কয়, "দিল্লীয়ে বুজাই  দিয়া প্ৰথম শক্তিশালী কথাটো হ'ল এয়ে যে আমাৰ ল'ৰা-ছোৱালীসকল মূল্যৱান, আমাৰ বিদ্যালয়সমূহ মূল্যৱান আৰু আমাৰ শিক্ষকসকল যোগ্য।"

কেজৰিৱালে বিগত বৰ্ষৰ  ডিচেম্বৰত ঘোষণা কৰিছিল যে যোৱা পাঁচ বছৰত ২৫০,০০০শিক্ষাৰ্থীয়ে ব্যক্তিগত বিদ্যালয় ত্যাগ কৰি চৰকাৰী বিদ্যালয়ত নাম লগাইছে।

দিল্লী চৰকাৰৰ তথ্য অনুসৰি যোৱা বছৰ তেওঁলোকৰ চূড়ান্ত উচ্চ বিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰায় ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে৷  তেলেংগানা আৰু তামিলনাডুকে ধৰি অন্যান্য ৰাজ্য চৰকাৰসমূহেও এতিয়া "দিল্লী আৰ্হি" গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ এনেবোৰ কথাই এতিয়া আমেৰিকাৰ সৰ্বাধিক প্ৰচাৰিত কাকত ’নিউয়ৰ্ক টাইমছ’ৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement