--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক
দেশৰ এটা এটাকৈ ৰাজহুৱা সম্পত্তিৰ ধ্বংস যজ্ঞত নামি পৰা মোদী চৰকাৰে এইবাৰ বেংক সমূহো ব্যক্তিগতকৰণত নামি পৰা দেখা গৈছে। ২০২০ চনত চৰকাৰে ১০  টা বৃহৎ চৰকাৰী বেংকৰো ব্যক্তিগতকৰণ কৰিছিল৷ ইয়াৰ ফলত চৰকাৰী বেংকৰ পৰিমাণ কমি গৈ মাত্ৰ ১২ টা হৈছেগৈ৷আনহাতে  ২০১৭ চনত দেশত চৰকাৰী বেংকৰ সংখ্যা আছিল ২৭ টা। আৰু অৱশেষত চৰকাৰক সাৱধানবাণী শুনালে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই  ৷

মোদী চৰকাৰক সাৱধান কৰি আৰ বি আইয়ে কয় যে , চৰকাৰী বেংক ব্যক্তিগতকৰণৰ ফলত  লাভতকৈ লোকচান হোৱাৰহে সম্ভাৱনা আছে। 
চৰকাৰী বেংক ব্যক্তিগতকৰণ কৰাৰ ফলত লোকচান হোৱাৰ সম্ভাৱনা এইবাবেই বেছি, কাৰণ ব্যক্তিগতখণ্ডৰ বেংক সমূহ মুনাফা অৰ্জনৰ প্ৰতিহে অধিক আগ্ৰহী৷ আৰ বি আইৰ বুলেটিনত প্ৰকাশিত এক লেখত কোৱা হৈছে যে বিত্তীয় অন্তভুক্তি ক্ষেত্ৰত ব্যক্তিগত বেংকতকৈ চৰকাৰী বেংকৰ প্ৰদৰ্শন অধিক উন্নত৷ 

মোদী চৰকাৰৰ অন্যতম সফল আঁচনিৰ ভিতৰত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অন্যতম৷ এই আঁচনিৰ জৰিয়তে নাগৰিকক কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা বহু বস্তুৰ ওপৰত পৃথক পৃথকৈ চৰকাৰী সাহাৰ্য দিয়া হয়। আৰু ইয়াৰ সফলতাৰ ক্ষেত্ৰত চৰকাৰী বেংকৰ অৰিহণা যথেষ্ট৷ 

এই লেখত কোৱা হৈছে যে চৰকাৰৰ তৰফৰ পৰা ব্যক্তিগতকৰণ দিশে ধীৰে-সুস্থিৰেহে আগবাঢ়িব লাগে যাতে বিত্তীয় অন্তভূক্তি আৰু মুদ্ৰিক সংস্কৰণৰ সামাজিক উদ্দেশ্য পূৰণ কৰিবলৈ “শূন্য” স্থিতি গ্ৰহণ কৰিবলগীয়া নহয়৷

ডি বি টি আঁচনিৰ সফলতাত চৰকাৰী বেংকৰ অগ্ৰণী ভূমিকা আছে। ২০১৩ চনৰ জানুৱাৰী মাহতেই এই আঁচনিৰ কাম আৰম্ভ কৰা হৈছিল৷ এই আঁচনি খনে ঋণ প্ৰদানত সুবিধা সৃষ্টি কৰিছিল৷ ভাৰতত এই আঁচনি যথেষ্ট সফল হৈছে আৰু বিশ্বৰ আটাইতকৈ বিস্তৃত আচঁনি হিচাপে গ্ৰিনীজ বুক ৰেকৰ্ডতো স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ