--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক
দেশৰ এটা এটাকৈ ৰাজহুৱা সম্পত্তিৰ ধ্বংস যজ্ঞত নামি পৰা মোদী চৰকাৰে এইবাৰ বেংক সমূহো ব্যক্তিগতকৰণত নামি পৰা দেখা গৈছে। ২০২০ চনত চৰকাৰে ১০  টা বৃহৎ চৰকাৰী বেংকৰো ব্যক্তিগতকৰণ কৰিছিল৷ ইয়াৰ ফলত চৰকাৰী বেংকৰ পৰিমাণ কমি গৈ মাত্ৰ ১২ টা হৈছেগৈ৷আনহাতে  ২০১৭ চনত দেশত চৰকাৰী বেংকৰ সংখ্যা আছিল ২৭ টা। আৰু অৱশেষত চৰকাৰক সাৱধানবাণী শুনালে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই  ৷

মোদী চৰকাৰক সাৱধান কৰি আৰ বি আইয়ে কয় যে , চৰকাৰী বেংক ব্যক্তিগতকৰণৰ ফলত  লাভতকৈ লোকচান হোৱাৰহে সম্ভাৱনা আছে। 
চৰকাৰী বেংক ব্যক্তিগতকৰণ কৰাৰ ফলত লোকচান হোৱাৰ সম্ভাৱনা এইবাবেই বেছি, কাৰণ ব্যক্তিগতখণ্ডৰ বেংক সমূহ মুনাফা অৰ্জনৰ প্ৰতিহে অধিক আগ্ৰহী৷ আৰ বি আইৰ বুলেটিনত প্ৰকাশিত এক লেখত কোৱা হৈছে যে বিত্তীয় অন্তভুক্তি ক্ষেত্ৰত ব্যক্তিগত বেংকতকৈ চৰকাৰী বেংকৰ প্ৰদৰ্শন অধিক উন্নত৷ 

মোদী চৰকাৰৰ অন্যতম সফল আঁচনিৰ ভিতৰত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অন্যতম৷ এই আঁচনিৰ জৰিয়তে নাগৰিকক কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা বহু বস্তুৰ ওপৰত পৃথক পৃথকৈ চৰকাৰী সাহাৰ্য দিয়া হয়। আৰু ইয়াৰ সফলতাৰ ক্ষেত্ৰত চৰকাৰী বেংকৰ অৰিহণা যথেষ্ট৷ 

এই লেখত কোৱা হৈছে যে চৰকাৰৰ তৰফৰ পৰা ব্যক্তিগতকৰণ দিশে ধীৰে-সুস্থিৰেহে আগবাঢ়িব লাগে যাতে বিত্তীয় অন্তভূক্তি আৰু মুদ্ৰিক সংস্কৰণৰ সামাজিক উদ্দেশ্য পূৰণ কৰিবলৈ “শূন্য” স্থিতি গ্ৰহণ কৰিবলগীয়া নহয়৷

ডি বি টি আঁচনিৰ সফলতাত চৰকাৰী বেংকৰ অগ্ৰণী ভূমিকা আছে। ২০১৩ চনৰ জানুৱাৰী মাহতেই এই আঁচনিৰ কাম আৰম্ভ কৰা হৈছিল৷ এই আঁচনি খনে ঋণ প্ৰদানত সুবিধা সৃষ্টি কৰিছিল৷ ভাৰতত এই আঁচনি যথেষ্ট সফল হৈছে আৰু বিশ্বৰ আটাইতকৈ বিস্তৃত আচঁনি হিচাপে গ্ৰিনীজ বুক ৰেকৰ্ডতো স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু