--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ বিধ্বংসী টৰ্ণেডোই জোকাৰি গ’ল আমেৰিকা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৬খন ৰাজ্যত ভয়ংকৰ টৰ্ণেডোৰ ফলত কেৱল কেনটাকীতে ৭০ জনৰো অধিক লোক নিহত হোৱাৰ খবৰ আহি পৰিছে। প্ৰায় ৩২২ কিলোমিটাৰ বেগত অহা ধুমুহাৰ ফলত অসংখ্য ঘৰ, দোকান-পোহাৰ ক্ষতিগ্ৰস্ত হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। স্থানীয় প্ৰশাসনে সদৰী কৰা মতে, কেনটাকীৰ বিভিন্ন ঠাইত ৪টা টৰ্ণেডোই আঘাত কৰিছিল।

এটা টৰ্ণেডোৰ গতি বেগ আছিল প্ৰতি ঘণ্টাত প্ৰায় ৩৬৫ কিলোমিটাৰ । কেনটাকীৰ উপৰি, টৰ্ণেডোই মিছৌৰী, আৰ্কানচাছ, ইলিনয়, টেনেচি আৰু মিচিচিপিতো প্ৰচণ্ড আঘাত কৰা বুলি জানিবলৈ পোৱা গৈছে। প্ৰতিখন চহৰতে মৃত্যুৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিছে । কেনটাকীৰ গভৰ্ণৰ এণ্ডি বেচাৰে কয়, ‘মই কেতিয়াও এনে ধৰণৰ বিধ্বংসী ধুমুহা দেখা নাই। কেনটাকীত আধা মিলিয়নতকৈও অধিক লোকৰ এতিয়ালৈকে মৃত্যু হৈছে।

’ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ১৮৯ জন ৰাষ্ট্ৰীয় সুৰক্ষা কৰ্মী প্ৰেৰণ কৰা হৈছে বুলিও জনাইছে বেচাৰে। এই বিধ্বংসী ধুমুহাৰ ফলত সৰু চহৰ মেফিল্ডোত যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ পোৱা গৈছে। বেচেৰে লগতে কয়, ‘টৰ্ণেডোই অঞ্চলটোত থকা এটা মমবাতিৰ কাৰখানা খুন্দা মাৰিছিল। সেই সময়ত তাত প্ৰায় ১১০জন লোক কৰ্মৰত অৱস্থাত আছিল। ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বতৰ সেৱাৰ ষ্টৰ্ম ফৰকাষ্টিং চেণ্টাৰৰ বতৰ বিজ্ঞানী ৰজাৰ এডৱাৰ্ডে এনে বিধ্বংসী কাণ্ডক দুৰ্ভাগ্যজনক আখ্যা দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু