--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ বিধ্বংসী টৰ্ণেডোই জোকাৰি গ’ল আমেৰিকা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৬খন ৰাজ্যত ভয়ংকৰ টৰ্ণেডোৰ ফলত কেৱল কেনটাকীতে ৭০ জনৰো অধিক লোক নিহত হোৱাৰ খবৰ আহি পৰিছে। প্ৰায় ৩২২ কিলোমিটাৰ বেগত অহা ধুমুহাৰ ফলত অসংখ্য ঘৰ, দোকান-পোহাৰ ক্ষতিগ্ৰস্ত হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। স্থানীয় প্ৰশাসনে সদৰী কৰা মতে, কেনটাকীৰ বিভিন্ন ঠাইত ৪টা টৰ্ণেডোই আঘাত কৰিছিল।

এটা টৰ্ণেডোৰ গতি বেগ আছিল প্ৰতি ঘণ্টাত প্ৰায় ৩৬৫ কিলোমিটাৰ । কেনটাকীৰ উপৰি, টৰ্ণেডোই মিছৌৰী, আৰ্কানচাছ, ইলিনয়, টেনেচি আৰু মিচিচিপিতো প্ৰচণ্ড আঘাত কৰা বুলি জানিবলৈ পোৱা গৈছে। প্ৰতিখন চহৰতে মৃত্যুৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিছে । কেনটাকীৰ গভৰ্ণৰ এণ্ডি বেচাৰে কয়, ‘মই কেতিয়াও এনে ধৰণৰ বিধ্বংসী ধুমুহা দেখা নাই। কেনটাকীত আধা মিলিয়নতকৈও অধিক লোকৰ এতিয়ালৈকে মৃত্যু হৈছে।

’ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ১৮৯ জন ৰাষ্ট্ৰীয় সুৰক্ষা কৰ্মী প্ৰেৰণ কৰা হৈছে বুলিও জনাইছে বেচাৰে। এই বিধ্বংসী ধুমুহাৰ ফলত সৰু চহৰ মেফিল্ডোত যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ পোৱা গৈছে। বেচেৰে লগতে কয়, ‘টৰ্ণেডোই অঞ্চলটোত থকা এটা মমবাতিৰ কাৰখানা খুন্দা মাৰিছিল। সেই সময়ত তাত প্ৰায় ১১০জন লোক কৰ্মৰত অৱস্থাত আছিল। ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বতৰ সেৱাৰ ষ্টৰ্ম ফৰকাষ্টিং চেণ্টাৰৰ বতৰ বিজ্ঞানী ৰজাৰ এডৱাৰ্ডে এনে বিধ্বংসী কাণ্ডক দুৰ্ভাগ্যজনক আখ্যা দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ