--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জনসংখ্যা বৃদ্ধি৷ বিশ্বৰ প্ৰত্যেকখন ৰাষ্টৰ বাবে জনসংখ্যা বৃদ্ধি এক জলন্ত সমস্য ৷ কেৱল উন্নয়নশীল দেশতে নহয় উন্নত দেশবিলাকতো জনসংখ্যা বৃদ্ধিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ নিৱনুৱা সংখ্যা বৃদ্ধি, দৰিদ্ৰতা আদি সমস্যা কেৱল জনসংখ্যা বৃদ্ধিয়েই মূল কাৰণ৷ জনসংখ্যা বৃদ্ধিৰে জৰ্জৰিত দেশসমূহলৈ আহিছে এক সু-খবৰ৷

অহা শতিকাত হয়তো ব্যাপক ৰূপত হ্ৰাস পাব পাৰে বিশ্বৰ জনসংখ্যা৷ শেহতীয়া এক গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি, বৰ্তমান বিশ্বৰ মুঠ জনসংখ্যা ৭.৮ বিলিয়ন৷ বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি, ২০৬৪ বৰ্ষত পৃথিৱীৰ মুঠ বাসিন্দাৰ সংখ্যা ৯.৭ বিলিয়মলৈ বৃদ্ধি পাব আৰু জনসংখ্যা বৃদ্ধিৰ এই সংখ্যাটোৱে হ’ব সবাটোকৈ শীৰ্ষ পৰ্যায়৷ পৰৱৰ্তী সময়ত জনসংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিব আৰু অহা শতিকা অৰ্থাৎ ২১০০ শতিকাত বিশ্বৰ জনসংখ্যা ৮.৭৯ বিলিয়নলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷


‘দ্য লেনচেট’ত এই বিশেষ তথ্য প্ৰকাশ পাইছে৷ জনসংখ্যা ৫০ শতাংশলৈকে হ্ৰাস হ’ব পৰা দেশকেইখন হৈছে জাপান, থাইলেণ্ড,ইটালী স্পেইন, পৰ্তুগাল, দক্ষিণ কোৰিয়া৷ এই দেশসমূহৰ নাগৰিকসকল জন্ম নিয়ন্ত্ৰণক লৈ সচেতন হোৱাৰ বাবে জন্মৰ হাৰ যথেষ্ট হ্ৰাস পাইছে আৰু তাত বৃদ্ধ নাগৰিকৰ সংখ্যা বৃদ্ধি পাইছে৷

বিশ্বৰ সবাটোকৈ জনবহুল দেশ চীনৰ জনসংখ্যা ২১০০ শতিকাত হ্ৰাস পাই ৭৩ কোটি ২০ লাখ হ’বগৈ বুলি গৱেষকসকলে ধাৰণা কৰিছে৷ এই প্ৰতিবেদনত ২১০০ শতিকাত ভাৰততো জনসংখ্যা হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে৷ বিশ্বৰ দ্বিতীয়খন জনবহুল দেশ ভাৰতত ১০৯ কোটিলৈ জনসংখ্যা হ্ৰাস পাব৷ এই প্ৰতিবেদনত উত্তৰ আফ্ৰিকা, পশ্চিম এছিয়া আৰু ছাহাৰা মৰুভূমিৰ দেশসমূহত ২১০০ শতিকাত জনসংখ্যা বৃদ্ধি পাব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু