--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জনসংখ্যা বৃদ্ধি৷ বিশ্বৰ প্ৰত্যেকখন ৰাষ্টৰ বাবে জনসংখ্যা বৃদ্ধি এক জলন্ত সমস্য ৷ কেৱল উন্নয়নশীল দেশতে নহয় উন্নত দেশবিলাকতো জনসংখ্যা বৃদ্ধিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ নিৱনুৱা সংখ্যা বৃদ্ধি, দৰিদ্ৰতা আদি সমস্যা কেৱল জনসংখ্যা বৃদ্ধিয়েই মূল কাৰণ৷ জনসংখ্যা বৃদ্ধিৰে জৰ্জৰিত দেশসমূহলৈ আহিছে এক সু-খবৰ৷

অহা শতিকাত হয়তো ব্যাপক ৰূপত হ্ৰাস পাব পাৰে বিশ্বৰ জনসংখ্যা৷ শেহতীয়া এক গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি, বৰ্তমান বিশ্বৰ মুঠ জনসংখ্যা ৭.৮ বিলিয়ন৷ বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি, ২০৬৪ বৰ্ষত পৃথিৱীৰ মুঠ বাসিন্দাৰ সংখ্যা ৯.৭ বিলিয়মলৈ বৃদ্ধি পাব আৰু জনসংখ্যা বৃদ্ধিৰ এই সংখ্যাটোৱে হ’ব সবাটোকৈ শীৰ্ষ পৰ্যায়৷ পৰৱৰ্তী সময়ত জনসংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিব আৰু অহা শতিকা অৰ্থাৎ ২১০০ শতিকাত বিশ্বৰ জনসংখ্যা ৮.৭৯ বিলিয়নলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷


‘দ্য লেনচেট’ত এই বিশেষ তথ্য প্ৰকাশ পাইছে৷ জনসংখ্যা ৫০ শতাংশলৈকে হ্ৰাস হ’ব পৰা দেশকেইখন হৈছে জাপান, থাইলেণ্ড,ইটালী স্পেইন, পৰ্তুগাল, দক্ষিণ কোৰিয়া৷ এই দেশসমূহৰ নাগৰিকসকল জন্ম নিয়ন্ত্ৰণক লৈ সচেতন হোৱাৰ বাবে জন্মৰ হাৰ যথেষ্ট হ্ৰাস পাইছে আৰু তাত বৃদ্ধ নাগৰিকৰ সংখ্যা বৃদ্ধি পাইছে৷

বিশ্বৰ সবাটোকৈ জনবহুল দেশ চীনৰ জনসংখ্যা ২১০০ শতিকাত হ্ৰাস পাই ৭৩ কোটি ২০ লাখ হ’বগৈ বুলি গৱেষকসকলে ধাৰণা কৰিছে৷ এই প্ৰতিবেদনত ২১০০ শতিকাত ভাৰততো জনসংখ্যা হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে৷ বিশ্বৰ দ্বিতীয়খন জনবহুল দেশ ভাৰতত ১০৯ কোটিলৈ জনসংখ্যা হ্ৰাস পাব৷ এই প্ৰতিবেদনত উত্তৰ আফ্ৰিকা, পশ্চিম এছিয়া আৰু ছাহাৰা মৰুভূমিৰ দেশসমূহত ২১০০ শতিকাত জনসংখ্যা বৃদ্ধি পাব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ