--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনে জাপান আৰু টাইৱানৰ ওপৰেৰে চোৰাংচোৱা বেলুন উৰুৱালে। এই দাবী কৰিলে বিবিচিয়ে। প্ৰতিবেদন অনুসৰি টকিঅ’ই নিশ্চিত কৰিছে যে জাপানৰ ভূখণ্ডৰ ওপৰেৰে এনে বেলুন উৰি গৈছে। ভৱিষ্যতে এনেধৰণৰ বেলুন মাটিলৈ নমাবলৈ সাজু বুলি জাপানে জনাইছে। অৱশ্যে বিবিচিৰ এই প্ৰতিবেদন সন্দৰ্ভত চীনে কোনো মন্তব্য নকৰিলে।

উল্লেখ্য যে আমেৰিকাৰ আকাশতো চীনে বেলুন উৰুওৱা বুলি বাতৰি প্ৰকাশ পাইচিল। ‘চোৰাংচোৱা’ বেলুন উৰণ পোহৰলৈ অহাৰ পিছতে আমেৰিকা আৰু চীনৰ মাজত পুনৰ তিক্ততা দেখা গৈছিল। ইয়াৰ পিছত চীনে দাবী কৰিছিল যে জানুৱাৰীৰ শেষৰ ফালে আমেৰিকাৰ উত্তৰ-পশ্চিমৰ ওপৰত আকাশত থকা বেলুনটো অসামৰিক বিমান। এই বেলুনটো বতৰৰ দৰে বৈজ্ঞানিক বিষয়ৰ গৱেষণাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

আমেৰিকান চেণ্ট্ৰেল ইনটেলিজেন্স এজেন্সী (চিআইএ)ৰ ইষ্ট এছিয়াৰ প্ৰাক্তন বিশ্লেষক জন কালভাৰে বিবিচিক জনাইছে যে জাপানৰ আকাশত চীনে বেলুন উৰোৱাটো নতুন কথা নহয়, চীনে কমেও পাঁচ বছৰ ধৰি এনে কাম কৰি আহিছে।

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিবিচিক জনাইছে যে চৰকাৰে সকলো সাৱধানতা অৱলম্বন কৰিছে। জাপানৰ ভূখণ্ডৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে দেশৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এই বেলুনবোৰ গুলীয়াই পেলাবলৈও সাজু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ