--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনে জাপান আৰু টাইৱানৰ ওপৰেৰে চোৰাংচোৱা বেলুন উৰুৱালে। এই দাবী কৰিলে বিবিচিয়ে। প্ৰতিবেদন অনুসৰি টকিঅ’ই নিশ্চিত কৰিছে যে জাপানৰ ভূখণ্ডৰ ওপৰেৰে এনে বেলুন উৰি গৈছে। ভৱিষ্যতে এনেধৰণৰ বেলুন মাটিলৈ নমাবলৈ সাজু বুলি জাপানে জনাইছে। অৱশ্যে বিবিচিৰ এই প্ৰতিবেদন সন্দৰ্ভত চীনে কোনো মন্তব্য নকৰিলে।

উল্লেখ্য যে আমেৰিকাৰ আকাশতো চীনে বেলুন উৰুওৱা বুলি বাতৰি প্ৰকাশ পাইচিল। ‘চোৰাংচোৱা’ বেলুন উৰণ পোহৰলৈ অহাৰ পিছতে আমেৰিকা আৰু চীনৰ মাজত পুনৰ তিক্ততা দেখা গৈছিল। ইয়াৰ পিছত চীনে দাবী কৰিছিল যে জানুৱাৰীৰ শেষৰ ফালে আমেৰিকাৰ উত্তৰ-পশ্চিমৰ ওপৰত আকাশত থকা বেলুনটো অসামৰিক বিমান। এই বেলুনটো বতৰৰ দৰে বৈজ্ঞানিক বিষয়ৰ গৱেষণাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

আমেৰিকান চেণ্ট্ৰেল ইনটেলিজেন্স এজেন্সী (চিআইএ)ৰ ইষ্ট এছিয়াৰ প্ৰাক্তন বিশ্লেষক জন কালভাৰে বিবিচিক জনাইছে যে জাপানৰ আকাশত চীনে বেলুন উৰোৱাটো নতুন কথা নহয়, চীনে কমেও পাঁচ বছৰ ধৰি এনে কাম কৰি আহিছে।

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিবিচিক জনাইছে যে চৰকাৰে সকলো সাৱধানতা অৱলম্বন কৰিছে। জাপানৰ ভূখণ্ডৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে দেশৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এই বেলুনবোৰ গুলীয়াই পেলাবলৈও সাজু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ