--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ দেশীয় নহয় বিদেশী কাকতৰ সাংবাদিকক অনলাইন আতিশয্য একাংশ মোদী অনুৰাগীৰ৷আমেৰিকাত ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে হোৱা যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ গণতন্ত্ৰ সন্দৰ্ভত প্ৰশ্ন কৰা ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিক ছাব্ৰিনা ছিদ্দিকীক তীব্ৰ অনলাইন হাৰাশাস্তি প্ৰদান কৰা তথ্য পোহৰলৈ আহিছে৷ এই কামটোক হোৱাইট হাউছেও ধিক্কাৰ জনাইছে৷

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিকক সোধা প্ৰশ্নৰ উত্তৰত শীৰ্ষ বিষয়া জন কিৰ্বিয়ে কয় যে হোৱাইট হাউছ “সেই হাৰাশাস্তিৰ বাতৰিৰ বিষয়ে হোৱাইট হাউচ অৱগত”। ৱাল ষ্ট্ৰীট জাৰ্নেলে কয় যে তেওঁ এই প্ৰশ্ন কৰাৰ পাছৰে পৰা ছিদ্দিকীয়ে ভাৰতৰ ভিতৰৰ কিছু লোকৰ পৰা অনলাইন হাৰাশাস্তিৰ সন্মুখীন হৈছে। 

উল্লেখযোগ্য যে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ পাছৰ সংবাদমেলত ছিদ্দিকীৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে সংবিধান মানি চলাৰ বাবে ভাৰতত বৈষম্যৰ কোনো প্ৰশ্ন নাই।

সাংবাদিকগৰাকীয়ে সুধিছিল যে, "ভাৰতত বহু মানৱ অধিকাৰ সংগঠনে বৈষম্য আৰু সমালোচকক নীৰৱ কৰাৰ কথা কয়। আপুনি আৰু আপোনাৰ চৰকাৰে আপোনাৰ দেশৰ মুছলমান আৰু অন্যান্য সংখ্যালঘুৰ অধিকাৰ উন্নত কৰাৰ লগতে বাক স্বাধীনতা ৰক্ষাৰ বাবে কি পদক্ষেপ ল'বলৈ ইচ্ছুক?" 


উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে, "আপুনি যি ক’লে তাত মই আচৰিত হৈছো। আমি এখন গণতন্ত্ৰ। গণতন্ত্ৰ আমাৰ আত্মাত আছে, আৰু আমাৰ শিৰাত বৈ থাকে। আমি গণতন্ত্ৰত জীয়াই থাকোঁ আৰু উশাহ লওঁ৷"

অনলাইনত ছিদ্দিকীৰ ওপৰত কৰা সমালোচনাৰ প্ৰতি সঁহাৰি জনাই মহিলা সাংবাদিকগৰাকীয়ে ভাৰতত জন্মগ্ৰহণ কৰা পিতৃৰ সৈতে টিম ইণ্ডিয়াৰ টি-চাৰ্ট পিন্ধি ভাৰতীয় ক্ৰিকেট দলৰ বাবে উল্লাস কৰা ফটো শ্বেয়াৰ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত