--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ দেশীয় নহয় বিদেশী কাকতৰ সাংবাদিকক অনলাইন আতিশয্য একাংশ মোদী অনুৰাগীৰ৷আমেৰিকাত ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে হোৱা যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ গণতন্ত্ৰ সন্দৰ্ভত প্ৰশ্ন কৰা ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিক ছাব্ৰিনা ছিদ্দিকীক তীব্ৰ অনলাইন হাৰাশাস্তি প্ৰদান কৰা তথ্য পোহৰলৈ আহিছে৷ এই কামটোক হোৱাইট হাউছেও ধিক্কাৰ জনাইছে৷

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিকক সোধা প্ৰশ্নৰ উত্তৰত শীৰ্ষ বিষয়া জন কিৰ্বিয়ে কয় যে হোৱাইট হাউছ “সেই হাৰাশাস্তিৰ বাতৰিৰ বিষয়ে হোৱাইট হাউচ অৱগত”। ৱাল ষ্ট্ৰীট জাৰ্নেলে কয় যে তেওঁ এই প্ৰশ্ন কৰাৰ পাছৰে পৰা ছিদ্দিকীয়ে ভাৰতৰ ভিতৰৰ কিছু লোকৰ পৰা অনলাইন হাৰাশাস্তিৰ সন্মুখীন হৈছে। 

উল্লেখযোগ্য যে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ পাছৰ সংবাদমেলত ছিদ্দিকীৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে সংবিধান মানি চলাৰ বাবে ভাৰতত বৈষম্যৰ কোনো প্ৰশ্ন নাই।

সাংবাদিকগৰাকীয়ে সুধিছিল যে, "ভাৰতত বহু মানৱ অধিকাৰ সংগঠনে বৈষম্য আৰু সমালোচকক নীৰৱ কৰাৰ কথা কয়। আপুনি আৰু আপোনাৰ চৰকাৰে আপোনাৰ দেশৰ মুছলমান আৰু অন্যান্য সংখ্যালঘুৰ অধিকাৰ উন্নত কৰাৰ লগতে বাক স্বাধীনতা ৰক্ষাৰ বাবে কি পদক্ষেপ ল'বলৈ ইচ্ছুক?" 


উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে, "আপুনি যি ক’লে তাত মই আচৰিত হৈছো। আমি এখন গণতন্ত্ৰ। গণতন্ত্ৰ আমাৰ আত্মাত আছে, আৰু আমাৰ শিৰাত বৈ থাকে। আমি গণতন্ত্ৰত জীয়াই থাকোঁ আৰু উশাহ লওঁ৷"

অনলাইনত ছিদ্দিকীৰ ওপৰত কৰা সমালোচনাৰ প্ৰতি সঁহাৰি জনাই মহিলা সাংবাদিকগৰাকীয়ে ভাৰতত জন্মগ্ৰহণ কৰা পিতৃৰ সৈতে টিম ইণ্ডিয়াৰ টি-চাৰ্ট পিন্ধি ভাৰতীয় ক্ৰিকেট দলৰ বাবে উল্লাস কৰা ফটো শ্বেয়াৰ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ