--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ জনপ্ৰিয় পপ আইকণ মেডোনা গুৰুতৰভাৱে অসুস্থ। গুৰুতৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ কবলত পৰিছে মেডোনা। এই সমস্যাৰ বাবেই মেডোনাক চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰা হৈছে। খবৰ অনুসৰি ৬৪ বছৰীয়া কণ্ঠশিল্পীগৰাকীক চিকিৎসালয়লৈ নিয়াৰ পিছত কমেও এৰাতি চিকিৎসকৰ তত্বাৱধানত ৰাখিব লগা হৈছিল। দৰাচলতে শনিবাৰে মেডোনাক অচেতন অৱস্থাত উদ্ধাৰ কৰি নিউয়ৰ্ক চহৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

মেডোনাৰ মেনেজাৰে কয় যে তেওঁৰ অৱস্থা উন্নত হৈছে যদিও এতিয়াও তেওঁক চিকিৎসা সেৱাৰ প্ৰয়োজন। আশাকৰোঁ তেওঁ সোনকালে সুস্থ হৈ উঠিব। মেডোনাৰ বেক্টেৰিয়াৰ সংক্ৰমণ হৈছে যাৰ বাবে তেওঁ কেইবাদিনো আই চি ইউত কটাবলগীয়া হৈছে। বৰ্তমান তেওঁৰ সকলো কমিটমেণ্ট আৰু শ্ব’ স্থগিত ৰখা হৈছে। মেডোনাই দিনটোত ১২ ঘণ্টা আখৰা কৰি আছিল। অতিমাত্ৰা কামৰ বাবে তেওঁৰ অৱস্থা অধিক বেয়া হৈ পৰে। তেওঁ হঠাতে অচেতন হৈ পৰিছিল। মেডোনাৰ অৱস্থা দেখি লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।

মেডোনাৰ কন্যা লৌৰ্ডছ লিঅ’নে প্ৰতিটো মুহূৰ্ততে তেওঁৰ লগত আছে আৰু তেওঁৰ যত্ন লৈ আছে।


মেডোনাৰ অসুস্থতাৰ বাবে তেওঁৰ আগন্তুক ভ্ৰমণো পিছুৱাই দিবলগীয়া হৈছে। মেডোনাই চলিত বৰ্ষৰ আৰম্ভণিতে নিজৰ গায়িকা জীৱনৰ ৪০ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে ভ্ৰমণৰ কথা ঘোষণা কৰিছিল। অহা মাহৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল মেডোনাৰ ৮৪ দিনীয়া বিশ্ব ভ্ৰমণ। ১৫ জুলাইত ভেংকুৱাৰত আৰম্ভ হোৱাৰ কথা আছিল আৰু তাৰ পিছত ১ ডিচেম্বৰত আমেৰিকা আৰু তাৰ পিছত ইউৰোপ আৰু আমষ্টাৰডামত এই ভ্ৰমণ কৰাৰ কথা আছিল। মে়ডোনাৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ হোৱাৰ পাছতহে তেওঁৰ দলে ভ্ৰমণৰ নতুন তাৰিখ ঘোষণা কৰিব।

উল্লেখ্য যে ২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২০ চনৰ মাৰ্চলৈকে শেহতীয়া বিশ্ব ভ্ৰমণ ‘মেডাম এক্স’ত অংশগ্ৰহণ কৰিছিল মেডোনাই। তিনি বছৰৰ পাছত তেওঁৰ এই ভ্ৰমণক লৈ আগ্ৰহী হৈ পৰিছিল অনুৰাগীসকল।














FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস