--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ জনপ্ৰিয় পপ আইকণ মেডোনা গুৰুতৰভাৱে অসুস্থ। গুৰুতৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ কবলত পৰিছে মেডোনা। এই সমস্যাৰ বাবেই মেডোনাক চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰা হৈছে। খবৰ অনুসৰি ৬৪ বছৰীয়া কণ্ঠশিল্পীগৰাকীক চিকিৎসালয়লৈ নিয়াৰ পিছত কমেও এৰাতি চিকিৎসকৰ তত্বাৱধানত ৰাখিব লগা হৈছিল। দৰাচলতে শনিবাৰে মেডোনাক অচেতন অৱস্থাত উদ্ধাৰ কৰি নিউয়ৰ্ক চহৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

মেডোনাৰ মেনেজাৰে কয় যে তেওঁৰ অৱস্থা উন্নত হৈছে যদিও এতিয়াও তেওঁক চিকিৎসা সেৱাৰ প্ৰয়োজন। আশাকৰোঁ তেওঁ সোনকালে সুস্থ হৈ উঠিব। মেডোনাৰ বেক্টেৰিয়াৰ সংক্ৰমণ হৈছে যাৰ বাবে তেওঁ কেইবাদিনো আই চি ইউত কটাবলগীয়া হৈছে। বৰ্তমান তেওঁৰ সকলো কমিটমেণ্ট আৰু শ্ব’ স্থগিত ৰখা হৈছে। মেডোনাই দিনটোত ১২ ঘণ্টা আখৰা কৰি আছিল। অতিমাত্ৰা কামৰ বাবে তেওঁৰ অৱস্থা অধিক বেয়া হৈ পৰে। তেওঁ হঠাতে অচেতন হৈ পৰিছিল। মেডোনাৰ অৱস্থা দেখি লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।

মেডোনাৰ কন্যা লৌৰ্ডছ লিঅ’নে প্ৰতিটো মুহূৰ্ততে তেওঁৰ লগত আছে আৰু তেওঁৰ যত্ন লৈ আছে।


মেডোনাৰ অসুস্থতাৰ বাবে তেওঁৰ আগন্তুক ভ্ৰমণো পিছুৱাই দিবলগীয়া হৈছে। মেডোনাই চলিত বৰ্ষৰ আৰম্ভণিতে নিজৰ গায়িকা জীৱনৰ ৪০ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে ভ্ৰমণৰ কথা ঘোষণা কৰিছিল। অহা মাহৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল মেডোনাৰ ৮৪ দিনীয়া বিশ্ব ভ্ৰমণ। ১৫ জুলাইত ভেংকুৱাৰত আৰম্ভ হোৱাৰ কথা আছিল আৰু তাৰ পিছত ১ ডিচেম্বৰত আমেৰিকা আৰু তাৰ পিছত ইউৰোপ আৰু আমষ্টাৰডামত এই ভ্ৰমণ কৰাৰ কথা আছিল। মে়ডোনাৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ হোৱাৰ পাছতহে তেওঁৰ দলে ভ্ৰমণৰ নতুন তাৰিখ ঘোষণা কৰিব।

উল্লেখ্য যে ২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২০ চনৰ মাৰ্চলৈকে শেহতীয়া বিশ্ব ভ্ৰমণ ‘মেডাম এক্স’ত অংশগ্ৰহণ কৰিছিল মেডোনাই। তিনি বছৰৰ পাছত তেওঁৰ এই ভ্ৰমণক লৈ আগ্ৰহী হৈ পৰিছিল অনুৰাগীসকল।














FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান