--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত সংঘটিত এক গাড়ী দুৰ্ঘটনাত নিহত হৈছে ৭ জন লোক। আহত হৈছে ৬ জন লোক। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। টেক্সাছ প্ৰদেশৰ ব্ৰাউনছভিল চহৰত দেওবাৰে পুৱা প্ৰায় ৮:৩০ বজাত এই ঘটনা সংঘটিত হয়।

স্থানীয় আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা মতে, প্ৰব্ৰজনকাৰী শিবিৰ এটাৰ বাহিৰৰ বাছ ষ্টপেজত অনেক লোক ৰৈ আছিল। সেই সময়তে এখন SUV গাড়ীয়ে তেওঁলোকক খুন্দিয়ায়।

আশে-পাশে থকা লোকসকলে গাড়ীখনৰ চালকজনক আটক কৰে। পিছত তেওঁক আৰক্ষীৰ হাতত গতাই দিয়া হয়। অসাৱধানতাৰে গাড়ী চলোৱাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মেক্সিকোৰ সীমান্তত ব্ৰাউনছভিল চহৰ। সীমান্ত পাৰ হৈ বহু প্ৰব্ৰজনকাৰীয়ে চহৰখনত আশ্ৰয় লয়। দুৰ্ঘটনাস্থলীত থকা অট্টালিকাটো প্ৰথমে এই লোকসকলৰ বাবে নিৰ্মাণ কৰা হৈছিল। অৱশ্যে কালিৰ ঘটনাত নিহতসকলৰ মাজত কোনো প্ৰব্ৰজনকাৰী আছে নে নাই সেয়া তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস