--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক কৰুণ ঘটনা সংঘটিত হৈছে। শনিবাৰে আমেৰিকাৰ এটা শ্বপিংমলত সংঘটিত হয় এক বৰ্বৰ দুৰ্ভাগ্যজনক ঘটনা। মলটোৰ সন্মুখত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত ৯ জন লোকৰ মৃত্যু ঘটে। এই ঘটনাত এগৰাকী ভাৰতীয় যুৱতীৰো মৃত্যু হয়। মৃত্যু যুৱতীগৰাকীৰ নাম ঐশ্বৰ্য থাটিকোন্দা। তেওঁ পেছাত এগৰাকী অভিযন্তা। ঐশ্বৰ্য ভাৰতৰ তেলেংগানাৰ ৰঙাৰেড্ডী জিলাৰ বাসিন্দা আছিল। ঐশ্বৰ্যৰ পিতৃ ইয়াৰে জিলা আদালতৰ ন্যায়াধীশ। ঐশ্বৰ্যই আমেৰিকাত ‘পাৰফেক্ট জেনেৰেল কনট্ৰেক্টৰছ এল এল চি’ৰ অভিযন্তা হিচাপে এটা বিশেষ প্ৰকল্পত প্ৰজেক্ট ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছিল।

অইন দিনৰ দৰে সেইদিননাও মললৈ বজাৰ কৰিবলৈ গৈছিল ঐশ্বৰ্য। তেওঁৰ লগত আছিল এজন বন্ধু। কিন্তু কোনেনো জানিছিল যে তাতে ঐশ্বৰ্যলৈ অপেক্ষা কৰি আছিল মৃত্যুদূতে। হঠাৎ মলটোৰ সন্মুখত গাড়ীৰ পৰা নামি এজন ব্যক্তিয়ে গুলীচালনা কৰিবলৈ ধৰে।

এলেন প্ৰিমিয়াম আউটলেটৰ সন্মুখত নিৰ্বিচাৰ গুলীচালনা কৰে লোকজনে। এই ঘটনাত হুৱাদুৱাৰ সৃষ্টি হয়। যিয়ে যেনেকৈ পাৰে তেনেকৈয়ে পলাবলৈ ধৰিলে। কিন্তু বন্দুকৰ গুলীৰ আঘাত ৯ জন লোক বাগৰি পৰে। তেওঁলোকে থিতাতে মৃত্যুক সাৱটি লয়। নিহতসকলৰ ভিতৰত আছিল ২৭ বছৰীয়া ভাৰতীয় যুৱতী ঐশ্বৰ্য থাটিকোন্দা। 

উল্লেখ্য যে গুলীচালনাৰ ঠিক আগে আগে ঘৰলৈ ফোন কৰি ঐশ্বৰ্যই খা-খবৰ লৈছিল। তাৰপাছতে টিভিত গুলীচালনাৰ ঘটনা দেখি ঘৰৰ পৰা ফোন আহে ঐশ্বৰ্যলৈ। কিন্তু ঐশ্বৰ্যক ফোনত পোৱা নগল, ফলত চিন্তিত হৈ পৰিল পৰিয়াল।  

গোটেই ৰাতি চিন্তাত কটোৱাৰ পাছত ঐশ্বৰ্যৰ ঘৰখনলৈ আহিল বেয়া খবৰটো। ঐশ্বৰ্যৰ আকস্মিক মৃত্যুৰ বাতৰিত কান্দোনত ভাঙি পৰিল পৰিয়ালটো। নিথৰ শৰীৰ হৈ ঘৰলৈ আহিল ঐশ্বৰ্য থাটিকোন্দা। ঐশ্বৰ্যৰ বন্ধুজন আহত হৈছিল যদিও তেওঁ বৰ্তমান সুস্থ।

আৰক্ষীয়ে তদন্ত কৰি গুলীচালনা কৰা আক্ৰমণকাৰী মৌৰিচিঅ’ গাৰ্চিয়াক হত্যা কৰিবলৈ বাধ্য হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী