--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক কৰুণ ঘটনা সংঘটিত হৈছে। শনিবাৰে আমেৰিকাৰ এটা শ্বপিংমলত সংঘটিত হয় এক বৰ্বৰ দুৰ্ভাগ্যজনক ঘটনা। মলটোৰ সন্মুখত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত ৯ জন লোকৰ মৃত্যু ঘটে। এই ঘটনাত এগৰাকী ভাৰতীয় যুৱতীৰো মৃত্যু হয়। মৃত্যু যুৱতীগৰাকীৰ নাম ঐশ্বৰ্য থাটিকোন্দা। তেওঁ পেছাত এগৰাকী অভিযন্তা। ঐশ্বৰ্য ভাৰতৰ তেলেংগানাৰ ৰঙাৰেড্ডী জিলাৰ বাসিন্দা আছিল। ঐশ্বৰ্যৰ পিতৃ ইয়াৰে জিলা আদালতৰ ন্যায়াধীশ। ঐশ্বৰ্যই আমেৰিকাত ‘পাৰফেক্ট জেনেৰেল কনট্ৰেক্টৰছ এল এল চি’ৰ অভিযন্তা হিচাপে এটা বিশেষ প্ৰকল্পত প্ৰজেক্ট ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছিল।

অইন দিনৰ দৰে সেইদিননাও মললৈ বজাৰ কৰিবলৈ গৈছিল ঐশ্বৰ্য। তেওঁৰ লগত আছিল এজন বন্ধু। কিন্তু কোনেনো জানিছিল যে তাতে ঐশ্বৰ্যলৈ অপেক্ষা কৰি আছিল মৃত্যুদূতে। হঠাৎ মলটোৰ সন্মুখত গাড়ীৰ পৰা নামি এজন ব্যক্তিয়ে গুলীচালনা কৰিবলৈ ধৰে।

এলেন প্ৰিমিয়াম আউটলেটৰ সন্মুখত নিৰ্বিচাৰ গুলীচালনা কৰে লোকজনে। এই ঘটনাত হুৱাদুৱাৰ সৃষ্টি হয়। যিয়ে যেনেকৈ পাৰে তেনেকৈয়ে পলাবলৈ ধৰিলে। কিন্তু বন্দুকৰ গুলীৰ আঘাত ৯ জন লোক বাগৰি পৰে। তেওঁলোকে থিতাতে মৃত্যুক সাৱটি লয়। নিহতসকলৰ ভিতৰত আছিল ২৭ বছৰীয়া ভাৰতীয় যুৱতী ঐশ্বৰ্য থাটিকোন্দা। 

উল্লেখ্য যে গুলীচালনাৰ ঠিক আগে আগে ঘৰলৈ ফোন কৰি ঐশ্বৰ্যই খা-খবৰ লৈছিল। তাৰপাছতে টিভিত গুলীচালনাৰ ঘটনা দেখি ঘৰৰ পৰা ফোন আহে ঐশ্বৰ্যলৈ। কিন্তু ঐশ্বৰ্যক ফোনত পোৱা নগল, ফলত চিন্তিত হৈ পৰিল পৰিয়াল।  

গোটেই ৰাতি চিন্তাত কটোৱাৰ পাছত ঐশ্বৰ্যৰ ঘৰখনলৈ আহিল বেয়া খবৰটো। ঐশ্বৰ্যৰ আকস্মিক মৃত্যুৰ বাতৰিত কান্দোনত ভাঙি পৰিল পৰিয়ালটো। নিথৰ শৰীৰ হৈ ঘৰলৈ আহিল ঐশ্বৰ্য থাটিকোন্দা। ঐশ্বৰ্যৰ বন্ধুজন আহত হৈছিল যদিও তেওঁ বৰ্তমান সুস্থ।

আৰক্ষীয়ে তদন্ত কৰি গুলীচালনা কৰা আক্ৰমণকাৰী মৌৰিচিঅ’ গাৰ্চিয়াক হত্যা কৰিবলৈ বাধ্য হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস