ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰত বিধ্বংসী ধুমুহা। ধুমুহাই ধ্বংসস্তূপত পৰিণত কৰিছে দেশখনৰ দক্ষিণ-মধ্য আৰু পূব অঞ্চলত। প্ৰাণ হেৰুৱাইছে ২৬ গৰাকী আমেৰিকানে। আহত হৈছে অসংখ্য লোক।
যোৱা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে এই বিধ্বংসী ধুমুহা। প্ৰধানকৈ টেনেচি প্ৰদেশত সংহাৰী ৰূপ ধাৰণ কৰিছে। আমেৰিকাৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি টেনেচিত ধুমুহাৰ ফলত মৃতকৰ সংখ্যা ৯ গৰাকীলৈ বৃদ্ধি পাইছে।
এছ’চিয়েটেড প্ৰেছে প্ৰকাশ কৰা অনুসৰি টেনেচিৰ উপৰিও আৰ্কানচাছ, মিচিচিপি, আলাবামা, মধ্য পশ্চিমৰ চহৰ ইণ্ডিয়ানা আৰু ইলিনয়, মধ্য আটলাণ্টিকৰ ডেলাৱেৰ প্ৰদেশতো প্ৰাণহানি হৈছে স্থানীয় বাসিন্দাৰ।
প্ৰকৃতিৰ ৰোষত পৰা এই আমেৰিকান চহৰসমূহত ৫ কোটিতকৈ অধিক লোক ভাবুকিৰ সন্মুখীন হৈছে বুলি আন্ত: ৰাষ্ট্ৰীয় সংবাদ সংস্থা চিএনএনে এক প্ৰতিবেদনত প্ৰকাশ কৰিছে।