--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবিধ মাৰাত্মক ভাইৰাছে ইতিমধ্যে আফ্ৰিকাত আতংকৰ সৃষ্টি কৰিছে। ভাইৰাছবিধৰ নাম মাৰবাৰ্গ। ভয়ংকৰ সংক্ৰামক, ভয়ংকৰ প্ৰাণনাশী শক্তি থকা এই মাৰবাৰ্গে সমগ্ৰ বিশ্বতে এক নতুন আশংকাৰ সৃষ্টি কৰিছে। মধ্য পশ্চিম আফ্ৰিকাত মাৰবাৰ্গ ক্ৰমান্বয়ে বিপজ্জনক হৈ পৰিছে।

ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা আৰম্ভ হৈছিল মাৰবাৰ্গ। এতিয়া ই আৰু বৃহৎ ৰূপ ধাৰণ কৰিছে। চিন্তিত হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা। লগতে সংশ্লিষ্ট দেশসমূহক সকীয়াই দিছে।

প্ৰথম অৱস্থাত এই ভাইৰাছ বাদুলিৰ যোগেদি বিয়পে বুলি জনা গৈছিল। ৰোগীৰ মৃত্যুৰ হাৰ ৮৮ শতাংশলৈ বৃদ্ধি পাইছে যিটো আগতে মাত্ৰ ২৪ শতাংশ আছিল।

এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’লে জ্বৰৰ লগত সাধাৰণতে অতি ভাগৰুৱা, তেজবমি আৰু ডায়েৰিয়া হয়। মাৰবাৰ্গ হৈছে মাৰাত্মক ইব’লা ভাইৰাছৰ সৈতে একে ষ্ট্ৰেইনৰ। চিন্তনীয় কথাটো হ’ল এই ভাইৰাছৰ কোনো চিকিৎসা নাই, নাই কোনো ভেকচিন!

মাৰবাৰ্গত আক্ৰান্ত হ’লে ছালৰ অৱস্থা মাৰাত্মক হৈ পৰে, আক্ৰান্ত ছালৰ মাজেৰে এই ৰোগ বিয়পে। শৰীৰৰ তৰল পদাৰ্থৰ জৰিয়তেও এই ভাইৰাছ সংক্ৰমিত হ’ব পাৰে। ৰোগীৰ গাৰু, আঠুৱা, বিচনাৰ কাপোৰ আৰু পিন্ধা সাজ-পোছকৰ পৰাও মাৰবাৰ্গ ভাইৰাছ বিয়পে।

এই ভাইৰাছৰ বিষয়ে অৱশ্যে এতিয়াহে জনা গ’ল, তেনে নহয়। ১৯৬৭ চনত প্ৰথমবাৰৰ বাবে মাৰবাৰ্গ ভাইৰাছৰ বিষয়ে জনা গৈছিল। জাৰ্মানীৰ দুখন চহৰত প্ৰথমে এই ৰোগ ধৰা পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস