--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসপ্তাহত যিমান প্ৰেম কৰিবলৈ মন আছে কৰি লোৱা! শুনিবলৈ আচৰিত লাগিলেও চীনৰ কলেজসমূহে ছাত্ৰ-ছাত্ৰীসকলক ‘প্ৰেম আৰু ৰোমাঞ্চ’ৰ বাবে এসপ্তাহৰ ছুটী দিছে। কিন্তু কিয় এই সিদ্ধান্ত লোৱা হ’ল? সংবাদ মাধ্যমে এই সিদ্ধান্ত পৰীক্ষামূলকভাৱে লোৱা বুলি দাবী কৰিছে।

বাতৰিসমূহৰ মতে, যোৱা ২১ মাৰ্চত প্ৰথমবাৰৰ বাবে এই সিদ্ধান্ত ঘোষণা কৰা হৈছিল। বৰ্তমান কলেজসমূহত ১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ বন্ধ ঘোষণা কৰা হৈছে। যাক কলেজ কৰ্তৃপক্ষই ‘বসন্ত বিৰতি’ (Spring Break) বুলি কৈছে।

এই বন্ধৰ সময়ছোৱাত কৰ্তৃপক্ষই শিক্ষাৰ্থীসকলক নিজৰ সংগীৰ সৈতে যিমান বিচাৰে সিমান প্ৰেম আৰু ৰোমাঞ্চ কৰিবলৈ কয়। প্ৰয়োজন হ’লে সংগী বিচাৰি এসপ্তাহ সময় কটাবলৈও পৰামৰ্শ দিয়া হৈছে। ইয়াৰ দ্বাৰা শিক্ষাৰ্থীৰ চিন্তা-চৰ্চা বিকাশ হোৱাই নহয়, তেওঁলোকৰ শিক্ষণ ক্ষমতাও সমৃদ্ধ হ’ব বুলি আশা কৰা হৈছে।

এই সময়ছোৱাত কোনো শিক্ষাৰ্থীয়ে ‘হোমৱৰ্ক’ কৰিব নালাগে। শিক্ষাৰ্থীসকলক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে কেৱল তেওঁলোকে যি দেখিলে, যি শিকিলে, যি অনুভৱ কৰিলে কেবল সেইখিনিহে ডায়েৰীত লিপিবদ্ধ কৰিব লাগে।

কিন্তু প্ৰশ্ন হ’ল কিয় লোৱা হৈছে এনে সিদ্ধান্ত? স্থানীয় একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চীনৰ জন্মৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে। সেই লৈ চিন্তিত হৈ পৰিছে চৰকাৰ। জন্মৰ হাৰ কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন পৰিকল্পনা কৰা হৈছে। কলেজসমূহেও সেই কামত চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস