--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসপ্তাহত যিমান প্ৰেম কৰিবলৈ মন আছে কৰি লোৱা! শুনিবলৈ আচৰিত লাগিলেও চীনৰ কলেজসমূহে ছাত্ৰ-ছাত্ৰীসকলক ‘প্ৰেম আৰু ৰোমাঞ্চ’ৰ বাবে এসপ্তাহৰ ছুটী দিছে। কিন্তু কিয় এই সিদ্ধান্ত লোৱা হ’ল? সংবাদ মাধ্যমে এই সিদ্ধান্ত পৰীক্ষামূলকভাৱে লোৱা বুলি দাবী কৰিছে।

বাতৰিসমূহৰ মতে, যোৱা ২১ মাৰ্চত প্ৰথমবাৰৰ বাবে এই সিদ্ধান্ত ঘোষণা কৰা হৈছিল। বৰ্তমান কলেজসমূহত ১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ বন্ধ ঘোষণা কৰা হৈছে। যাক কলেজ কৰ্তৃপক্ষই ‘বসন্ত বিৰতি’ (Spring Break) বুলি কৈছে।

এই বন্ধৰ সময়ছোৱাত কৰ্তৃপক্ষই শিক্ষাৰ্থীসকলক নিজৰ সংগীৰ সৈতে যিমান বিচাৰে সিমান প্ৰেম আৰু ৰোমাঞ্চ কৰিবলৈ কয়। প্ৰয়োজন হ’লে সংগী বিচাৰি এসপ্তাহ সময় কটাবলৈও পৰামৰ্শ দিয়া হৈছে। ইয়াৰ দ্বাৰা শিক্ষাৰ্থীৰ চিন্তা-চৰ্চা বিকাশ হোৱাই নহয়, তেওঁলোকৰ শিক্ষণ ক্ষমতাও সমৃদ্ধ হ’ব বুলি আশা কৰা হৈছে।

এই সময়ছোৱাত কোনো শিক্ষাৰ্থীয়ে ‘হোমৱৰ্ক’ কৰিব নালাগে। শিক্ষাৰ্থীসকলক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে কেৱল তেওঁলোকে যি দেখিলে, যি শিকিলে, যি অনুভৱ কৰিলে কেবল সেইখিনিহে ডায়েৰীত লিপিবদ্ধ কৰিব লাগে।

কিন্তু প্ৰশ্ন হ’ল কিয় লোৱা হৈছে এনে সিদ্ধান্ত? স্থানীয় একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চীনৰ জন্মৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে। সেই লৈ চিন্তিত হৈ পৰিছে চৰকাৰ। জন্মৰ হাৰ কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন পৰিকল্পনা কৰা হৈছে। কলেজসমূহেও সেই কামত চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল