--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দ্বিতীয়বাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়ে বহু ক্ষেত্ৰত পৰিৱৰ্তন সাধনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ট্ৰাম্পে শপতগ্ৰহণ কৰিয়ে ঘোষণা কৰে যে, এতিয়াৰ পৰা আমেৰিকাত চৰকাৰী ৰেকৰ্ডত থাকিব কেৱল পুৰুষ আৰু মহিলা। তৃতীয় লিংগৰ চৰকাৰী স্বীকৃতি বাতিল কৰিছে ড’নাল্ড ট্ৰাম্পে। সোমবাৰে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে চৰকাৰী নীতি স্পষ্ট কৰিলে ট্ৰাম্পে। ট্ৰাম্পে এই বিষয়ত অতি শীঘ্ৰে কাৰ্যকৰী কৰা হ’ব বুলি উল্লেখ কৰে।

শপত গ্ৰহণ কৰাৰ পিছত ট্ৰাম্পে কয় যে এতিয়াৰ পৰা আমেৰিকা চৰকাৰৰ নীতি অনুসৰি মাত্ৰ দুটা লিংগ থাকিব পুৰুষ আৰু মহিলা। এতিয়াৰ পৰা পাছপ’ৰ্ট, ভিছা আৰু আন সকলো চৰকাৰী নথি-পত্ৰত পুৰুষ আৰু মহিলা এই দুটা লিংগ দেখা যাব। চৰকাৰী নীতি অনুসৰি এজন ব্যক্তিৰ শাৰীৰিক ৰূপৰ ওপৰত ভিত্তি কৰিহে লিংগ উল্লেখ কৰা হ’ব। চৰকাৰী নথি-পত্ৰত এজন পুৰুষে নিজকে নাৰী বুলি গণ্য কৰা, বা এগৰাকী মহিলাই নিজকে পুৰুষ বুলি গণ্য কৰিব পৰা ধাৰণাটোৰ পৰা আঁতৰি আহিবলৈ সংশ্লিষ্ট সংস্থাসমূহক নিৰ্দেশ প্ৰদান কৰা হৈছে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ’বাইডেনে তৃতীয় লিংগৰ বাবে চৰকাৰী নথি-পত্ৰৰ ওপৰত পৃথক লিংগৰ নীতি প্ৰৱৰ্তন কৰিছিল। চাৰি বছৰ পূৰ্বে অভাল অফিচত প্ৰথম দিনাই এই নীতি প্ৰৱৰ্তন কৰিছিল বাইডেনে। দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ লগে লগে ট্ৰাম্পে সেই নীতি সলনি কৰাৰ উদ্যোগ লয়।

আমেৰিকাৰ বিভিন্ন মানৱ অধিকাৰ আৰু তৃতীয় লিংগৰ অধিকাৰ সংস্থাই ট্ৰাম্পৰ এই সিদ্ধান্তৰ প্ৰতিবাদত সৰৱ হৈ পৰিছে৷ আমেৰিকাৰ সৰ্ববৃহৎ তৃতীয় লিংগৰ অধিকাৰ সংস্থা হিউমেন ৰাইটছ কেম্পেইনৰ সভানেত্ৰী কেলি ৰবিনছনে কয় যে আমি পিছুৱাই যোৱা নাই। ইয়াৰ বিৰুদ্ধে আমি সৰ্বশক্তিৰে যুঁজ দিম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন