--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দ্বিতীয়বাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়ে বহু ক্ষেত্ৰত পৰিৱৰ্তন সাধনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ট্ৰাম্পে শপতগ্ৰহণ কৰিয়ে ঘোষণা কৰে যে, এতিয়াৰ পৰা আমেৰিকাত চৰকাৰী ৰেকৰ্ডত থাকিব কেৱল পুৰুষ আৰু মহিলা। তৃতীয় লিংগৰ চৰকাৰী স্বীকৃতি বাতিল কৰিছে ড’নাল্ড ট্ৰাম্পে। সোমবাৰে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে চৰকাৰী নীতি স্পষ্ট কৰিলে ট্ৰাম্পে। ট্ৰাম্পে এই বিষয়ত অতি শীঘ্ৰে কাৰ্যকৰী কৰা হ’ব বুলি উল্লেখ কৰে।

শপত গ্ৰহণ কৰাৰ পিছত ট্ৰাম্পে কয় যে এতিয়াৰ পৰা আমেৰিকা চৰকাৰৰ নীতি অনুসৰি মাত্ৰ দুটা লিংগ থাকিব পুৰুষ আৰু মহিলা। এতিয়াৰ পৰা পাছপ’ৰ্ট, ভিছা আৰু আন সকলো চৰকাৰী নথি-পত্ৰত পুৰুষ আৰু মহিলা এই দুটা লিংগ দেখা যাব। চৰকাৰী নীতি অনুসৰি এজন ব্যক্তিৰ শাৰীৰিক ৰূপৰ ওপৰত ভিত্তি কৰিহে লিংগ উল্লেখ কৰা হ’ব। চৰকাৰী নথি-পত্ৰত এজন পুৰুষে নিজকে নাৰী বুলি গণ্য কৰা, বা এগৰাকী মহিলাই নিজকে পুৰুষ বুলি গণ্য কৰিব পৰা ধাৰণাটোৰ পৰা আঁতৰি আহিবলৈ সংশ্লিষ্ট সংস্থাসমূহক নিৰ্দেশ প্ৰদান কৰা হৈছে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ’বাইডেনে তৃতীয় লিংগৰ বাবে চৰকাৰী নথি-পত্ৰৰ ওপৰত পৃথক লিংগৰ নীতি প্ৰৱৰ্তন কৰিছিল। চাৰি বছৰ পূৰ্বে অভাল অফিচত প্ৰথম দিনাই এই নীতি প্ৰৱৰ্তন কৰিছিল বাইডেনে। দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ লগে লগে ট্ৰাম্পে সেই নীতি সলনি কৰাৰ উদ্যোগ লয়।

আমেৰিকাৰ বিভিন্ন মানৱ অধিকাৰ আৰু তৃতীয় লিংগৰ অধিকাৰ সংস্থাই ট্ৰাম্পৰ এই সিদ্ধান্তৰ প্ৰতিবাদত সৰৱ হৈ পৰিছে৷ আমেৰিকাৰ সৰ্ববৃহৎ তৃতীয় লিংগৰ অধিকাৰ সংস্থা হিউমেন ৰাইটছ কেম্পেইনৰ সভানেত্ৰী কেলি ৰবিনছনে কয় যে আমি পিছুৱাই যোৱা নাই। ইয়াৰ বিৰুদ্ধে আমি সৰ্বশক্তিৰে যুঁজ দিম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক