--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ জাভাদ্বীপত আহিল আকস্মিক। পাহাৰীয়া গাঁওসমূহত অহা আকস্মিক বানে কমেও ১৭জন লোকক উটুৱাই নিয়ে আৰু গাঁওসমূহ বোকা আৰু শিলেৰে পুতি পেলায়। ১৭জন লোকৰ বানত মৃত্যু হোৱাৰ লগতে ৯জন লোক সন্ধানহীন হৈ আছে।

সোমবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নদীবোৰৰ পাৰ উপচি পৰে আৰু নদীৰ পানীয়ে মধ্য জাভা প্ৰদেশৰ পেকালংগান অঞ্চলৰ নখন গাঁও বুৰাই পেলায়। 

স্থানীয় দুর্যোগ ব্যৱস্থাপনা সংস্থাৰ মুৰব্বী বাৰ্গাছ কাটুৰছাছিয়ে প্রকাশ কৰা অনুসৰি, নদীৰ বাঢ়নী পানীয়ে পাহাৰৰ দাঁতি-কাষৰীয়া ক্ষুদ্ৰ গাঁওবোৰ বোকা, শিল আদিৰে পুতি পেলায়। তেওঁ কয় যে আকস্মিক বানত বেয়াকৈ আক্রান্ত পেটুং ক্ৰিয়ন গাঁৱত মঙলবাৰে কমেও ১৭টা মৃতদেহ উদ্ধাৰ কৰা হয়। 

ইফালে, সন্ধানহীন হৈ থকা ৯জন লোকৰ সন্ধানত উদ্ধাৰকাৰীসকলে অভিযান আৰম্ভ কৰিছে। 

গুৰুতৰভাৱে আহত ১১জন লোকক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষী, সেনা আৰু উদ্ধাৰকাৰী কৰ্মীসকলক উদ্ধাৰকাৰ্যত নিয়োজিত কৰা হৈছে। 

আকস্মিক বানৰ বাবে উদ্ভৱ হোৱা ভূমিস্খলনেও বহু গাঁৱত দুৰ্যোগৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক