--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ভাৰতীয় মূলৰ ব্যক্তি ৷ নাম মাইকী হোতি( নামটো বিবিচিয়ে কৰা উচ্চাৰণ অনুসৰি লিখা হৈছে)৷ শিখ সম্প্ৰদায়ৰ এইগৰাকী পুৰুষে এতিয়া মাৰ্কিন প্ৰশাসনিক ক্ষেত্ৰ খনত জোকাৰণিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ কেলিফৰ্ণিয়াৰ বাসিন্দা  প্ৰবাসী ভাৰতীয় মাইকী হোতি কেলিফ’ৰ্নিয়াৰ এখন গুৰুত্বপূৰ্ণ চহৰৰ প্ৰথমগৰাকী ভাৰতীয় মূলৰ ব্যক্তি হিচাবে অধিষ্ঠিত হৈছে৷ 

পঞ্জাৱৰ মাইকী হোতি  আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ কেলিফৰ্ণিয়াৰ লোডি চিটিৰ মেয়ৰ নিৰ্বাচিত হোৱাত স্বাভিৱকতে ভাৰততো আনন্দৰ লহৰ বৈছে । মাইকী হোতিৰ পিতৃ-মাতৃয়ে  ভাৰতৰ পঞ্জাৱৰ বাসিন্দা আছিল। সেয়ে মাইকী লোডি চহৰৰ শীৰ্ষ পদত  নিৰ্বাচিত হোৱাৰ পিছত কেলিফ’ৰ্নিয়া আৰু ভাৰতত বাস কৰা পাঞ্জাৱীসকলৰ মাজত সুখৰ পৰিৱেশে বিৰাজ কৰিছে৷   



লোডি  চহৰৰ ১১৭ সংখ্যক  মেয়ৰ হিচাপে শপত গ্ৰহণ কৰিছে মাইকী হোতিয়ে৷   মেয়ৰ নিৰ্বাচিত হোৱাৰ পিছতে মাইকী হোতিয়ে  চহৰখনৰ কাৰ্যবাহী হিচাপে কমন কাউঞ্চিল লিমিটেডৰ বৈঠকত সভাপতিত্ব কৰিছে। 

২০০৮ চনত মাইকী হোতিয়ে  ট’কে' হাই স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ৬৭০২১ গৰাকী লোৰ বাসভূমি  লোডি মিউচুৱেল কাউন্সিল লিমিটেডৰ জিলা পৰিষদৰ পৰা নিৰ্বাচিত হৈছিল। 
মাইকী হোতিৰ পৰিয়ালে আমেৰিকাৰ  আৰ্মষ্ট্ৰং ৰোডত গুৰুদ্বাৰ স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক