--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ভাৰতীয় মূলৰ ব্যক্তি ৷ নাম মাইকী হোতি( নামটো বিবিচিয়ে কৰা উচ্চাৰণ অনুসৰি লিখা হৈছে)৷ শিখ সম্প্ৰদায়ৰ এইগৰাকী পুৰুষে এতিয়া মাৰ্কিন প্ৰশাসনিক ক্ষেত্ৰ খনত জোকাৰণিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ কেলিফৰ্ণিয়াৰ বাসিন্দা  প্ৰবাসী ভাৰতীয় মাইকী হোতি কেলিফ’ৰ্নিয়াৰ এখন গুৰুত্বপূৰ্ণ চহৰৰ প্ৰথমগৰাকী ভাৰতীয় মূলৰ ব্যক্তি হিচাবে অধিষ্ঠিত হৈছে৷ 

পঞ্জাৱৰ মাইকী হোতি  আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ কেলিফৰ্ণিয়াৰ লোডি চিটিৰ মেয়ৰ নিৰ্বাচিত হোৱাত স্বাভিৱকতে ভাৰততো আনন্দৰ লহৰ বৈছে । মাইকী হোতিৰ পিতৃ-মাতৃয়ে  ভাৰতৰ পঞ্জাৱৰ বাসিন্দা আছিল। সেয়ে মাইকী লোডি চহৰৰ শীৰ্ষ পদত  নিৰ্বাচিত হোৱাৰ পিছত কেলিফ’ৰ্নিয়া আৰু ভাৰতত বাস কৰা পাঞ্জাৱীসকলৰ মাজত সুখৰ পৰিৱেশে বিৰাজ কৰিছে৷   



লোডি  চহৰৰ ১১৭ সংখ্যক  মেয়ৰ হিচাপে শপত গ্ৰহণ কৰিছে মাইকী হোতিয়ে৷   মেয়ৰ নিৰ্বাচিত হোৱাৰ পিছতে মাইকী হোতিয়ে  চহৰখনৰ কাৰ্যবাহী হিচাপে কমন কাউঞ্চিল লিমিটেডৰ বৈঠকত সভাপতিত্ব কৰিছে। 

২০০৮ চনত মাইকী হোতিয়ে  ট’কে' হাই স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ৬৭০২১ গৰাকী লোৰ বাসভূমি  লোডি মিউচুৱেল কাউন্সিল লিমিটেডৰ জিলা পৰিষদৰ পৰা নিৰ্বাচিত হৈছিল। 
মাইকী হোতিৰ পৰিয়ালে আমেৰিকাৰ  আৰ্মষ্ট্ৰং ৰোডত গুৰুদ্বাৰ স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ