--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনৰ বতাহত এতিয়া কেৱল গেলি-পচি যোৱা মৃতদেহৰ গোন্ধ৷ চৌদিশে কেৱল ৰোগীৰ আৰাও৷ চাওঁতা কোনো নাই৷ স্বাস্থ কেন্দ্ৰ সমূহত নাই ৰোগীৰ বাবে ঠাই৷ মাটিয়ে-বালিয়ে পৰি ৰৈছে ৰোগী৷ এয়া বিশ্বৰ দ্ৰুত বিকাশশীল চীনৰ আজিৰ দিনটোৰ ছবি৷ প্ৰায় দুবছৰ পূৰ্বে চীনৰ ওহানৰ গৱেষণাগাৰত কোভিড নামৰ ভষ্মাসুৰৰ জন্ম দিছিল হেনো চীনেই৷ এই অভিযোগ কেৱল আমেৰিকাৰ দৰে দেশেই কৰা নাই, কৰিছে আন বহু দেশেও৷ 

সেই ভষ্মাসুৰৰেই এতিয়া কোপত পৰিছে চীন৷ চীনত ২০ ডিচেম্বৰৰ পৰা কোটি কোটি লোক কোভিডত আক্ৰান্ত হৈছে ৷ দেশ খনৰ চৰকাৰে আনকি এতিয়া কোভিডত আক্ৰান্ত ৰোগীৰ তথ্য প্ৰকাশ কৰাৰ পৰাও বিৰত আছে৷ শ্মানবোৰত ঠাইৰ অভাৱ হোৱাৰ বাবেই একেটা গাঁততে কোভিডত মৃত্যু ঘটা বহু লোকৰ মৃতদেহ পুতি থোৱা হৈছে৷ ভাঙি পৰিছে দেশ খনৰ অৰ্থনীতি৷ উদ্যোগ-কাৰখানা আদি নিজে নিজেই বন্ধ হৈ পৰিছে৷ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে জিনপিঙে৷ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে কোভিডৰ ঢৌ তৃতীয় ঢৌ  অহাৰ ফলত চীনৰ অৰ্থনীতি তীব্ৰ চাপত আছে।

বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ চীনৰ  অৰ্থনীতিয়ে এই মাহৰ আৰম্ভণিতে  কোভিড পৰিস্থিতিৰ বাবেই বিষম পৰিস্থিতিৰ মুখামুখি হৈছে৷ দেশ খনৰ কেইবাখনো চহৰ আৰু প্ৰদেশত   প্ৰতিদিনে হাজাৰ হাজাৰ কোভিডৰ নতুন ঘটনা দেখিছে৷ ফলত সেই এলেকাবোৰত উদ্যোগ আদি বন্ধ হৈ পৰিছে৷ 

দোকান আৰু ৰেষ্টুৰেণ্টবোৰ খালী হৈ পৰিছে। বহু  শ্ৰমিক অসুস্থ হোৱাৰ বাবে কাৰখানা আৰু কোম্পানীবোৰেও উৎপাদন বন্ধ বা হ্ৰাস কৰিবলৈ বাধ্য হৈছে বুলি চিএনএনৰ প্ৰতিবেদনত কোৱা হৈছে।

যোৱা সপ্তাহত কেপিটেল ইকনমিক্সৰ বিশ্লেষকসকলে কৈছিল, "ৰাজপথত মানুহৰ সংখ্যা সমগ্ৰ দেশতে ইতিমধ্যে হ্ৰাস হোৱা দেখা গৈছে।দেশ খনত ভোগ কমি গৈছে, চাহিদাও হ্ৰাস পাইছে" ৷ এনে পৰিস্থিতিত বিশ্ব অৰ্থনীতিৰ একেবাৰে তলতহে হয়তো অৱস্থান কৰিব চীনে৷ 





FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ