--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনৰ বতাহত এতিয়া কেৱল গেলি-পচি যোৱা মৃতদেহৰ গোন্ধ৷ চৌদিশে কেৱল ৰোগীৰ আৰাও৷ চাওঁতা কোনো নাই৷ স্বাস্থ কেন্দ্ৰ সমূহত নাই ৰোগীৰ বাবে ঠাই৷ মাটিয়ে-বালিয়ে পৰি ৰৈছে ৰোগী৷ এয়া বিশ্বৰ দ্ৰুত বিকাশশীল চীনৰ আজিৰ দিনটোৰ ছবি৷ প্ৰায় দুবছৰ পূৰ্বে চীনৰ ওহানৰ গৱেষণাগাৰত কোভিড নামৰ ভষ্মাসুৰৰ জন্ম দিছিল হেনো চীনেই৷ এই অভিযোগ কেৱল আমেৰিকাৰ দৰে দেশেই কৰা নাই, কৰিছে আন বহু দেশেও৷ 

সেই ভষ্মাসুৰৰেই এতিয়া কোপত পৰিছে চীন৷ চীনত ২০ ডিচেম্বৰৰ পৰা কোটি কোটি লোক কোভিডত আক্ৰান্ত হৈছে ৷ দেশ খনৰ চৰকাৰে আনকি এতিয়া কোভিডত আক্ৰান্ত ৰোগীৰ তথ্য প্ৰকাশ কৰাৰ পৰাও বিৰত আছে৷ শ্মানবোৰত ঠাইৰ অভাৱ হোৱাৰ বাবেই একেটা গাঁততে কোভিডত মৃত্যু ঘটা বহু লোকৰ মৃতদেহ পুতি থোৱা হৈছে৷ ভাঙি পৰিছে দেশ খনৰ অৰ্থনীতি৷ উদ্যোগ-কাৰখানা আদি নিজে নিজেই বন্ধ হৈ পৰিছে৷ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে জিনপিঙে৷ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে কোভিডৰ ঢৌ তৃতীয় ঢৌ  অহাৰ ফলত চীনৰ অৰ্থনীতি তীব্ৰ চাপত আছে।

বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ চীনৰ  অৰ্থনীতিয়ে এই মাহৰ আৰম্ভণিতে  কোভিড পৰিস্থিতিৰ বাবেই বিষম পৰিস্থিতিৰ মুখামুখি হৈছে৷ দেশ খনৰ কেইবাখনো চহৰ আৰু প্ৰদেশত   প্ৰতিদিনে হাজাৰ হাজাৰ কোভিডৰ নতুন ঘটনা দেখিছে৷ ফলত সেই এলেকাবোৰত উদ্যোগ আদি বন্ধ হৈ পৰিছে৷ 

দোকান আৰু ৰেষ্টুৰেণ্টবোৰ খালী হৈ পৰিছে। বহু  শ্ৰমিক অসুস্থ হোৱাৰ বাবে কাৰখানা আৰু কোম্পানীবোৰেও উৎপাদন বন্ধ বা হ্ৰাস কৰিবলৈ বাধ্য হৈছে বুলি চিএনএনৰ প্ৰতিবেদনত কোৱা হৈছে।

যোৱা সপ্তাহত কেপিটেল ইকনমিক্সৰ বিশ্লেষকসকলে কৈছিল, "ৰাজপথত মানুহৰ সংখ্যা সমগ্ৰ দেশতে ইতিমধ্যে হ্ৰাস হোৱা দেখা গৈছে।দেশ খনত ভোগ কমি গৈছে, চাহিদাও হ্ৰাস পাইছে" ৷ এনে পৰিস্থিতিত বিশ্ব অৰ্থনীতিৰ একেবাৰে তলতহে হয়তো অৱস্থান কৰিব চীনে৷ 





FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক