--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্ব স্বাস্থ্য সংগঠনলৈ পুঁজি আগবঢ়োৱা দেশবোৰৰ ভিতৰত আমেৰিকা সকলোৰে আগত আছিল। ২০২৪-২৫ বর্ষত দেশখনে ডব্লিউ এইচ অ'লৈ প্রায় ৯৫৮ মার্কিন ডলাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

ডিজিটেল ডেস্ক: আমেৰিকা কালি আনুষ্ঠানিকভাৱে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা বাহিৰ হয়। সংগঠনৰ (WHO) আমেৰিকাৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলে কয়, 'আমি পুনৰ বিশ্ব স্বাস্থ্য সংগঠনত অন্তর্ভুক্ত হোৱাৰ কোনো পৰিকল্পনা নাই।' বিশ্ব স্বাস্থ্য সংগঠনৰ জেনেভাত থকা কাৰ্যালয়ৰ পৰা আমেৰিকাৰ পতাকাও আঁতৰোৱা হয়। ইয়াৰ আগতে কেইবাটাও দশক আমেৰিকা বিশ্ব স্বাস্থ্য সংগঠনৰ সিদ্ধান্তসমূহত অংশ গ্রহণ কৰিছিল। ডব্লিউ এইচ অ'ত আমেৰিকাৰ ভোট দিয়াৰ লগতে নীতি তৈয়াৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 


বিশ্ব স্বাস্থ্য সংগঠনলৈ পুঁজি আগবঢ়োৱা দেশবোৰৰ ভিতৰত আমেৰিকা সকলোৰে আগত আছিল। ২০২৪-২৫ বর্ষত দেশখনে ডব্লিউ এইচ অ'লৈ প্রায় ৯৫৮ মার্কিন ডলাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল। ই আছিল বিশ্ব স্বাস্থ্য সংগঠনৰ মুঠ ব্যয়ৰ প্ৰায় ১৮%। WHOই বিভিন্ন দেশৰ পৰা লাভ কৰা পুঁজিৰ সৰ্ববৃহৎ অংশটো আছিল আমেৰিকাৰ। এতিয়া এই পুঁজিৰ পৰা বঞ্চিত হ'ব বিশ্ব স্বাস্থ্য সংগঠন। 


উল্লেখযোগ্য যে আমেৰিকাই বিশ্ব স্বাস্থ্য সংগঠনক এতিয়াও প্রায় ২,৩৮০ কোটি টকাৰ বকেয়া দিবলৈ আছে। কিন্তু ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ প্রশাসনে বিশ্ব স্বাস্থ্য সংগঠনক এপইচাও নিদিয়ে বুলি ঘোষণা কৰি কয় যে দেশখনে ইতিমধ্যে সংগঠনটোক প্রয়োজনতকৈ বহুত বেছি ধন দিলে। বিশেষজ্ঞসকলৰ মতে, দেশখনৰ এই সিদ্ধান্তই আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বৰ স্বাস্থ্য প্রণালীক ব্যাপক প্ৰভাৱ পেলাব। ট্রাম্প প্রশাসনৰ এই সিদ্ধান্ত আইন বিৰোধী বুলিও কোৱা হৈছে। 


উল্লেখযোগ্য যে ট্রাম্পে যোৱা বছৰ দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ পদ গ্ৰহণ কৰাৰ সময়তে আমেৰিকা বিশ্ব স্বাস্থ্য সংগঠনৰ পৰা ওলাই অহাৰ কথা ঘোষণা কৰিছিল। বৃহস্পতিবাৰে আমেৰিকাৰ বিদেশ বিভাগে এটা বিবৃতিত কয় যে বিশ্ব স্বাস্থ্য সংগঠন ৰোগ প্ৰতিৰোধ, নিয়ন্ত্ৰণ কৰা আৰু তথ্যৰ আদান-প্ৰদান কৰাত ব্যৰ্থ হৈছে। উল্লেখযোগ্য যে আমেৰিকাই এবছৰৰ আগতে ডব্লিউ এইচ অ' ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল আৰু কালি এই ঘোষণাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে বিশ্ব সংগঠনটো ত্যাগ কৰে। আমেৰিকাৰ আইন মতে, কোনো এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন ত্যাগ কৰাৰ বাবে এবছৰৰ আগতে জাননী দিব লাগে আৰু সকলো বকেয়া ধন পৰিশোধ কৰিব লাগে। কিন্তু দেশখনৰ বিদেশ বিভাগৰ এজন বিষয়াই এই কথা খণ্ডন কৰি কয় যে সংগঠন ত্যাগ কৰাৰ আগতে পূৰ্বৰ বকেয়া ধন পৰিশোধ কৰিব লাগে বুলি কোনো ধৰণৰ চৰ্ত নাই। বিষয়াজনে লগতে প্রকাশ কৰে যে ৰাষ্ট্ৰপতি ট্রাম্পে ডব্লিউ এইচ অ'ক ভবিষ্যতে দিব লগা যিকোনো ধৰণৰ সাহায্য আৰু সম্পদত নিষেধাজ্ঞা আৰোপ কৰিছে। 


উল্লেখযোগ্য যে আমেৰিকা ডব্লিউ এইচ অ'ৰ পৰা বাহিৰ হোৱাৰ ফলত এতিয়া বিশ্ব সংগঠনটো আর্থিকভাৱে চাপৰ সন্মুখীন হৈছে। সংগঠনে নিজৰ মেনেজমেন্ট টীমৰ সদস্য সংখ্যা আধাখিনি কর্তন কৰে। ডব্লিউ এইচ অই লগতে প্রকাশ কৰে যে চলিত বছৰত সংগঠনটোৰ কৰ্মচাৰীৰ সংখ্যা প্রায় এক চতুর্থাংশ চাটাই কৰিব লগা হ'ব পাৰে। ডব্লিউ এইচ অ'ই লগতে প্রকাশ কৰে যে যোৱা বছৰলৈকে তেওঁলোকে আমেৰিকাৰ সৈতে মিলি কাম কৰিছিল আৰু তথ্যৰ আদান-প্রদান কৰিছিল। এতিয়া এই সহযোগিতা কেনেদৰে আগবাঢ়িব সেইটো স্পষ্ট নহয়। বিশেষজ্ঞসকলৰ মতে, ট্রাম্প প্রশাসনৰ এই সিদ্ধান্তই আমেৰিকাৰ লগতে বিশ্ব স্বাস্থ্য সংগঠন আৰু সমগ্ৰ বিশ্বৰ বাবে বিপদ মাতি আনিব। ইয়াৰ প্ৰভাৱ ব্যাপক আৰু দীর্ঘম্যাদী হ'ব। আটাইতকৈ বেছি প্রভাৱ পৰিব মহামাৰীৰ নিৰীক্ষণ আৰু সতৰ্ক কৰাৰ প্ৰণালীত। ফ্লু আৰু কৰ'নাৰ দৰে নতুন ভাইৰাছ চিনাক্ত কৰা তথা সময়মতে সতৰ্ক কৰাৰ নেটৱৰ্কত পুঁজিৰ অভাৱ ঘাটিব। ইয়াৰ উপৰি দৰিদ্ৰ দেশসমূহ আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হ'ব। 


ভূমিকম্প, যুদ্ধ বা মহামাৰীৰ সময়ত চিকিৎসা সাহায্য তথা দল প্ৰেৰণ কৰাৰ দৰে জৰুৰীকালীন সেৱাসমূহ ক্ষতিগ্রস্ত হ'ব। উল্লেখযোগ্য যে ট্রাম্পে দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ পদ গ্ৰহণ কৰাৰ পাছত আমেৰিকাই মুঠ ৬৬টাতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় সংগঠন বা সন্ধি ত্যাগ কৰাৰ কথা ঘোষাণা কৰে। ইয়াৰে ৩১টা সংগঠন ৰাষ্ট্ৰসংঘৰ অধীনৰ। বাকী সংগঠনবোৰৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ অধীনৰ নোহোৱা ৩৫টা আৰু পেৰিছ জলবায়ু সন্ধিও আছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ