--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰাহুল গান্ধীয়ে ক’ৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব তাকেলৈ বিভিন্ন জনৰ মাজত চৰ্চা চলি আছিল। ৰাহুল গান্ধীয়ে এটা সময়ত  লোকসভা নিৰ্বাচনত আমেঠিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। সমষ্টিটোত তেওঁ বিজেপি প্ৰাৰ্থী স্মৃতি ইৰাণীৰ মুখামুখি হ'ব লগা হৈছিল। কিন্তু ৰাহুল সেইবেলি সমষ্টিটোত  পৰাজিত হৈছিল। কিন্তু সেই পৰাজয়ে যেন তেওঁৰ মনোবল  ভাঙিব  পৰা নাই। যদি সকলো ঠিকে থাকে তেন্তে  ৰাহুল গান্ধীয়ে আমেঠিৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দিতা কৰিব। উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়েও এই  দাবী কৰিছে।

মোদী উপাধিৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ৰাহুল গান্ধীক সকাহ দিয়া হৈছে। তেওঁ তেওঁৰ হেৰুওৱা সাংসদ পদটো পুনৰ লাভ  কৰিছে। এই আদেশৰ ফলস্বৰূপে, তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব।  ৰাহুলক এজন সাংসদ হিচাপে পাবলৈ আৰু তেওঁৰ নিৰ্বাচনী যুঁজক লৈ বহুতৰে মাজত  জল্পনা-কল্পনা চলি আছে। কাৰণ এইবাৰ বিৰোধী মিত্ৰতা ইণ্ডিয়াই   বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈছে। 

এনে সময়তে ৰাহুল গান্ধীয়ে কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে সেয়া সমগ্ৰ দেশে লক্ষ্য ৰাখিছে। এনে পৰিস্থিতিত অজয় ৰায়ে শুকুৰবাৰে  আত্মবিশ্বাসেৰে ঘোষণা কৰে যে ৰাহুল গান্ধীয়ে অহা বছৰ আমেঠিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।
স্মৰ্তব্য  যে আমেঠি এসময়ত গান্ধী পৰিয়ালৰ দুৰ্গ হিচাপে পৰিচিত আছিল। সঞ্জয় গান্ধী, ৰাজীৱ গান্ধীৰ পৰা ছোনিয়া গান্ধীলৈকে সকলোৱে আমেঠিৰ জনসাধাৰণৰ হৃদয় জয় কৰাত সফল হৈছিল। 

ছোনিয়াই একাধিকবাৰ সেই আসনখনত জিকিছে। কিন্তু ১৯৯৯ চনত ৰাহুল স্মৃতি ইৰাণীৰ হাতত ৫৫,০০০টা  ভোটত পৰাজিত হৈছিল। তেওঁ অৱশ্যে  ৱায়ানাড সমষ্টিত বিজয়ী হৈছিল।  

ৰায়ে লগতে  কয় যে আগন্তুক লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীক আমেঠিৰ প্ৰাৰ্থী হিচাপে দেখা যাব  আৰু যদি প্ৰিয়ংকা গান্ধীয়ে বিচাৰে তেন্তে তেওঁ বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰিব পাৰে। বাৰাণসী হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমষ্টি। যোৱাবাৰ মোদীয়ে কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ক বৃহৎ ব্যৱধানত সমষ্টিটোত  পৰাজিত কৰিছিল। আনহাতে, প্ৰিয়ংকা গান্ধীৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কোনো অভিজ্ঞতা নাই। এনে পৰিস্থিতিত, অজয় ৰায়ৰ মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা