--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰাহুল গান্ধীয়ে ক’ৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব তাকেলৈ বিভিন্ন জনৰ মাজত চৰ্চা চলি আছিল। ৰাহুল গান্ধীয়ে এটা সময়ত  লোকসভা নিৰ্বাচনত আমেঠিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। সমষ্টিটোত তেওঁ বিজেপি প্ৰাৰ্থী স্মৃতি ইৰাণীৰ মুখামুখি হ'ব লগা হৈছিল। কিন্তু ৰাহুল সেইবেলি সমষ্টিটোত  পৰাজিত হৈছিল। কিন্তু সেই পৰাজয়ে যেন তেওঁৰ মনোবল  ভাঙিব  পৰা নাই। যদি সকলো ঠিকে থাকে তেন্তে  ৰাহুল গান্ধীয়ে আমেঠিৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দিতা কৰিব। উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়েও এই  দাবী কৰিছে।

মোদী উপাধিৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ৰাহুল গান্ধীক সকাহ দিয়া হৈছে। তেওঁ তেওঁৰ হেৰুওৱা সাংসদ পদটো পুনৰ লাভ  কৰিছে। এই আদেশৰ ফলস্বৰূপে, তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব।  ৰাহুলক এজন সাংসদ হিচাপে পাবলৈ আৰু তেওঁৰ নিৰ্বাচনী যুঁজক লৈ বহুতৰে মাজত  জল্পনা-কল্পনা চলি আছে। কাৰণ এইবাৰ বিৰোধী মিত্ৰতা ইণ্ডিয়াই   বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈছে। 

এনে সময়তে ৰাহুল গান্ধীয়ে কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে সেয়া সমগ্ৰ দেশে লক্ষ্য ৰাখিছে। এনে পৰিস্থিতিত অজয় ৰায়ে শুকুৰবাৰে  আত্মবিশ্বাসেৰে ঘোষণা কৰে যে ৰাহুল গান্ধীয়ে অহা বছৰ আমেঠিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।
স্মৰ্তব্য  যে আমেঠি এসময়ত গান্ধী পৰিয়ালৰ দুৰ্গ হিচাপে পৰিচিত আছিল। সঞ্জয় গান্ধী, ৰাজীৱ গান্ধীৰ পৰা ছোনিয়া গান্ধীলৈকে সকলোৱে আমেঠিৰ জনসাধাৰণৰ হৃদয় জয় কৰাত সফল হৈছিল। 

ছোনিয়াই একাধিকবাৰ সেই আসনখনত জিকিছে। কিন্তু ১৯৯৯ চনত ৰাহুল স্মৃতি ইৰাণীৰ হাতত ৫৫,০০০টা  ভোটত পৰাজিত হৈছিল। তেওঁ অৱশ্যে  ৱায়ানাড সমষ্টিত বিজয়ী হৈছিল।  

ৰায়ে লগতে  কয় যে আগন্তুক লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীক আমেঠিৰ প্ৰাৰ্থী হিচাপে দেখা যাব  আৰু যদি প্ৰিয়ংকা গান্ধীয়ে বিচাৰে তেন্তে তেওঁ বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰিব পাৰে। বাৰাণসী হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমষ্টি। যোৱাবাৰ মোদীয়ে কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ক বৃহৎ ব্যৱধানত সমষ্টিটোত  পৰাজিত কৰিছিল। আনহাতে, প্ৰিয়ংকা গান্ধীৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কোনো অভিজ্ঞতা নাই। এনে পৰিস্থিতিত, অজয় ৰায়ৰ মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস