--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ এজন সাংবাদিকক তেওঁৰ নিজৰ  ঘৰতে  চিনেমাৰ কায়দাত  হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে চাৰিজন দুৰ্বৃত্তই হঠাতে সাংবাদিক বিমল যাদৱৰ ঘৰত উপস্থিত হয়। তেওঁলোকে তেওঁক বাহিৰৰ পৰা মাতে আৰু সাংবাদিক জনে ঘৰৰ বাহিৰলৈ ওলাই অহাৰ সময়তে  নিৰ্বিচাৰে  গুলীচালনা কৰি হত্যা কৰে। সাংবাদিকজনৰ  লগে লগে  মৃত্যু হয়। ঘটনাটোৱে বিহাৰৰ ৰাজনৈতিক চক্ৰত  আলোড়নৰ সৃষ্টি কৰিছে। চিৰাগ পাছোৱানে নীতিশ কুমাৰ চৰকাৰক আইন-শৃংখলা বজাই ৰখাত ব্যৰ্থ হোৱা বুলি  সমালোচনা কৰিছে।

ঘটনাটো শুক্ৰবাৰে সংঘটিত হয় । সাংবাদিক বিমল যাদৱ বিহাৰৰ আৰাছিয়া অঞ্চলৰ বাসিন্দা আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি  চাৰিজন দুৰ্বৃত্তই বিমল যাদৱৰ ঘৰলৈ আহিছিল। দৈনিক জাগৰণ কাকতৰ সাংবাদিক বিমলে কিছুদিন ধৰি মৃত্যুৰ ভাবুকি পাই অহা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। । গুলীয়ে  বিমলৰ বুকু ভেদ কৰি যায়। তেওঁক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ঘটনাটোত শোক প্ৰকাশ কৰিছে। শীৰ্ষ আৰক্ষী  বিষয়াসকলক ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ আৰু দোষীক আটক কৰিবলৈ মুখ্যমন্ত্ৰী কুমাৰে নিৰ্দেশ দিছে।উল্লেখ্য সাংবাদিকজনৰ ভায়েককো ২০১৯ চনত হত্যা কৰা হৈছিল । সেই সময়ত বিমল যাদৱ ঘটনাটোৰ অন্যতম মুখ্য সাক্ষী আছিল। এতিয়ালৈকে কোনো অপৰাধীক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...