--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ এজন সাংবাদিকক তেওঁৰ নিজৰ  ঘৰতে  চিনেমাৰ কায়দাত  হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে চাৰিজন দুৰ্বৃত্তই হঠাতে সাংবাদিক বিমল যাদৱৰ ঘৰত উপস্থিত হয়। তেওঁলোকে তেওঁক বাহিৰৰ পৰা মাতে আৰু সাংবাদিক জনে ঘৰৰ বাহিৰলৈ ওলাই অহাৰ সময়তে  নিৰ্বিচাৰে  গুলীচালনা কৰি হত্যা কৰে। সাংবাদিকজনৰ  লগে লগে  মৃত্যু হয়। ঘটনাটোৱে বিহাৰৰ ৰাজনৈতিক চক্ৰত  আলোড়নৰ সৃষ্টি কৰিছে। চিৰাগ পাছোৱানে নীতিশ কুমাৰ চৰকাৰক আইন-শৃংখলা বজাই ৰখাত ব্যৰ্থ হোৱা বুলি  সমালোচনা কৰিছে।

ঘটনাটো শুক্ৰবাৰে সংঘটিত হয় । সাংবাদিক বিমল যাদৱ বিহাৰৰ আৰাছিয়া অঞ্চলৰ বাসিন্দা আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি  চাৰিজন দুৰ্বৃত্তই বিমল যাদৱৰ ঘৰলৈ আহিছিল। দৈনিক জাগৰণ কাকতৰ সাংবাদিক বিমলে কিছুদিন ধৰি মৃত্যুৰ ভাবুকি পাই অহা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। । গুলীয়ে  বিমলৰ বুকু ভেদ কৰি যায়। তেওঁক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ঘটনাটোত শোক প্ৰকাশ কৰিছে। শীৰ্ষ আৰক্ষী  বিষয়াসকলক ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ আৰু দোষীক আটক কৰিবলৈ মুখ্যমন্ত্ৰী কুমাৰে নিৰ্দেশ দিছে।উল্লেখ্য সাংবাদিকজনৰ ভায়েককো ২০১৯ চনত হত্যা কৰা হৈছিল । সেই সময়ত বিমল যাদৱ ঘটনাটোৰ অন্যতম মুখ্য সাক্ষী আছিল। এতিয়ালৈকে কোনো অপৰাধীক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস