--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ ভয়ানক ষড়যন্ত্ৰ ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে।  উৰিৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ পৰিবহনৰ সৈতে জড়িত লস্কৰ-ই-তৈবাৰ এটা চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে সেনাই।  সেনাই  আঠজন পাকিস্তানী সন্ত্ৰাসবাদীক ধৰিবলৈ সক্ষম হোৱাৰ লগতে  বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰিছে। 

 বাৰামুলাৰ আৰক্ষী অধীক্ষক  আমোদ নাগপুৰীয়ে কয়  যে উৰিৰ চুৰুন্দা অঞ্চলত টহল দিয়াৰ সময়ত বাৰামুলা আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দলে অঞ্চলটোত এজন সন্দেহযুক্ত ব্যক্তিক ঘূৰি ফুৰা দেখিছিল। ব্যক্তিজনে টহলদাৰী দলটোক দেখি  পলাই যাবলৈ চেষ্টা কৰিছিল কিন্তু নিৰাপত্তা বাহিনীয়ে কৌশলেৰে তেওঁক আটক কৰিবলৈ সক্ষম হয়।

সন্দেহজনক ব্যক্তিজনৰ তালাচীৰ সময়ত তেওঁৰ পৰা দুটা গ্ৰেনেড উদ্ধাৰ কৰা হয় । লোক জনক  চুৰুন্দা উৰিৰ চৌকত  আলী আৱান বুলি চিনাক্ত কৰা হৈছে।

অধিক সোধা-পোছাৰ সময়ত চৌকতে  তেওঁৰ সহযোগীসকলৰ নাম প্ৰকাশ কৰে। সেনাই অনুসন্ধান কৰি লগে লগে আন লোকসকলকো আটক কৰে।  তেওঁলোকৰ পৰা  ২ টা গ্ৰেনেড, ১ টা চীনা পিষ্টল, ১টা মেগজিন আৰু ৪ ৰাউণ্ড  গুলী উদ্ধাৰ কৰা হয়।

একেদৰে, আন এটা অভিযানত উৰিৰ পাৱাৰিয়ান থাজাল এলেকাত বাৰামুলা আৰক্ষী আৰু সেনাৰ যুটীয়া বাহিনীয়ে এখন বাহনত  ৪ টা হেণ্ড গ্ৰেনেড, ২টা  পিষ্টল, ২ টা মেগজিন, ১০  ৰাউণ্ড গুলী আৰু ৫০ হাজাৰ  টকা উদ্ধাৰ কৰে। 

বিএছএফৰ চোৰাংচোৱা বিভাগৰ নিৰ্দিষ্ট তথ্যৰ ওপৰত আধাৰিত আন এক গুৰুত্বপূৰ্ণ অভিযানত কুপৱাৰা উত্তৰ কাশ্মীৰৰ  মাচিল খণ্ডৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন