--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ ভয়ানক ষড়যন্ত্ৰ ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে।  উৰিৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ পৰিবহনৰ সৈতে জড়িত লস্কৰ-ই-তৈবাৰ এটা চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে সেনাই।  সেনাই  আঠজন পাকিস্তানী সন্ত্ৰাসবাদীক ধৰিবলৈ সক্ষম হোৱাৰ লগতে  বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰিছে। 

 বাৰামুলাৰ আৰক্ষী অধীক্ষক  আমোদ নাগপুৰীয়ে কয়  যে উৰিৰ চুৰুন্দা অঞ্চলত টহল দিয়াৰ সময়ত বাৰামুলা আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দলে অঞ্চলটোত এজন সন্দেহযুক্ত ব্যক্তিক ঘূৰি ফুৰা দেখিছিল। ব্যক্তিজনে টহলদাৰী দলটোক দেখি  পলাই যাবলৈ চেষ্টা কৰিছিল কিন্তু নিৰাপত্তা বাহিনীয়ে কৌশলেৰে তেওঁক আটক কৰিবলৈ সক্ষম হয়।

সন্দেহজনক ব্যক্তিজনৰ তালাচীৰ সময়ত তেওঁৰ পৰা দুটা গ্ৰেনেড উদ্ধাৰ কৰা হয় । লোক জনক  চুৰুন্দা উৰিৰ চৌকত  আলী আৱান বুলি চিনাক্ত কৰা হৈছে।

অধিক সোধা-পোছাৰ সময়ত চৌকতে  তেওঁৰ সহযোগীসকলৰ নাম প্ৰকাশ কৰে। সেনাই অনুসন্ধান কৰি লগে লগে আন লোকসকলকো আটক কৰে।  তেওঁলোকৰ পৰা  ২ টা গ্ৰেনেড, ১ টা চীনা পিষ্টল, ১টা মেগজিন আৰু ৪ ৰাউণ্ড  গুলী উদ্ধাৰ কৰা হয়।

একেদৰে, আন এটা অভিযানত উৰিৰ পাৱাৰিয়ান থাজাল এলেকাত বাৰামুলা আৰক্ষী আৰু সেনাৰ যুটীয়া বাহিনীয়ে এখন বাহনত  ৪ টা হেণ্ড গ্ৰেনেড, ২টা  পিষ্টল, ২ টা মেগজিন, ১০  ৰাউণ্ড গুলী আৰু ৫০ হাজাৰ  টকা উদ্ধাৰ কৰে। 

বিএছএফৰ চোৰাংচোৱা বিভাগৰ নিৰ্দিষ্ট তথ্যৰ ওপৰত আধাৰিত আন এক গুৰুত্বপূৰ্ণ অভিযানত কুপৱাৰা উত্তৰ কাশ্মীৰৰ  মাচিল খণ্ডৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস