--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কংগ্ৰেছৰ চিৰন্তন দুৰ্গ হিচাপে পৰিচিত উত্তৰ প্ৰদেশৰ আমেথি সমষ্টি পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছে।   নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি গান্ধী পৰিয়ালৰ ঘনিষ্ঠ কংগ্ৰেছ প্ৰাৰ্থী কিশোৰেলাল শৰ্মাই এই কেন্দ্ৰটোত ৪ লাখৰো অধিক ভোট লাভ কৰি আগবাঢ়ি আছে। আনহাতে, প্ৰায় ২ লাখ ৯৪ হাজাৰ ভোট লাভ কৰি পিছ পৰি আছে বিজেপিৰ স্মৃতি ইৰাণী। এয়া  বিজেপিৰ বাবে ডাঙৰ আঘাত  হিচাবে বিবেচিত হৈছে।


উত্তৰ প্ৰদেশৰ আমেথি আৰু ৰায়বৰেলী  ৰাজনীতিত গান্ধী পৰিয়ালৰ কেন্দ্ৰ হিচাপে পৰিচিত। ২০১৪ চনত স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক  ১ লাখৰো অধিক ভোটত পৰাস্ত কৰিছিল।  এই সফলতাৰ পুৰস্কাৰ হিচাপে তেওঁক কেন্দ্ৰীয় মন্ত্ৰালয়ৰ লগতে গুৰুত্বপূৰ্ণ দায়িত্ব  দিয়া হৈছিল। কিন্তু ৫ বছৰৰ ভিতৰত এই সমষ্টিটোত  পৰিৱৰ্তনৰ আভাস দেখা গ’ল। শেহতীয়া খবৰ অনুসৰি এই কেন্দ্ৰত কিশোৰেলাল শৰ্মা প্ৰায় ১ লাখ ২১ হাজাৰ ভোটত আগবাঢ়ি আছে। তেওঁ লাভ কৰিছে ৪ লাখ ১৫ হাজাৰ ৪৫০টা  ভোট। আনহাতে, এই পৰ্যন্ত স্মৃতিয়ে লাভ কৰিছে ২ লাখ ৯৪ হাজাৰ ৫৮১ টা ভোট। সেয়ে আমেথিত এতিয়া 'স্মৃতি' হ’বলৈ গৈ আছে ইৰাণী। 

ৰাজনৈতিক মহলে দাবী কৰিছে যে সাংসদ হোৱাৰ পিছত আমেথিত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছিল স্মৃতি ইৰাণী। ইৰাণীয়ে ২০১৯ চনতএইবুলি প্ৰতিশ্ৰুতি দিছিল যে যদি জয়ী হয় তেন্তে ৫০০ টকাৰ চিলিণ্ডাৰ, ১৩ টকীয়া চেনি আৰু বহু সুবিধা দিয়া হ’ব। তেওঁ সেয়া পূৰণ কৰা নাছিল, বৰঞ্চ নিৰ্বাচনৰ পূৰ্বে তেওঁ  উগ্ৰ হিন্দুত্ববাদক নিৰ্বাচনত জয়ৰ  আহিলা হিচাপে ব্যৱহাৰ কৰিছিল, যিটো আমেথিবাসীয়ে ভালদৰে গ্ৰহণ কৰা নাছিল। তদুপৰি আমেথিত কংগ্ৰেছৰ প্ৰত্যাৱৰ্তনৰ আঁৰত আন এক কাৰণ উন্মোচিত হৈছে। ৰাজনৈতিক মহলে দাবী কৰে যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এই আসনৰ বাবে বিএছপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। যাৰ বাবে ইয়াত দলিত ভোট বিভক্ত হৈছিল। ফলত  ৰাহুলে ৫০ হাজাৰৰো অধিক ভোট হেৰুৱাইছিল।  কিন্তু ২০২৪ চনত বিএছপিয়ে ইয়াত কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই। ফলত ইয়াত দলিত ভোট একচেটিয়াভাৱে কংগ্ৰেছৰ হাতলৈ যোৱা বুলি ধাৰণা কৰা হৈছে।   ফলস্বৰূপে 'গান্ধীপৰিয়ালৰ দূৰ্গ ' আমেথিত স্মৃতি ইৰাণী হৈ পৰিল এক স্মৃতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ