--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কংগ্ৰেছৰ চিৰন্তন দুৰ্গ হিচাপে পৰিচিত উত্তৰ প্ৰদেশৰ আমেথি সমষ্টি পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছে।   নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি গান্ধী পৰিয়ালৰ ঘনিষ্ঠ কংগ্ৰেছ প্ৰাৰ্থী কিশোৰেলাল শৰ্মাই এই কেন্দ্ৰটোত ৪ লাখৰো অধিক ভোট লাভ কৰি আগবাঢ়ি আছে। আনহাতে, প্ৰায় ২ লাখ ৯৪ হাজাৰ ভোট লাভ কৰি পিছ পৰি আছে বিজেপিৰ স্মৃতি ইৰাণী। এয়া  বিজেপিৰ বাবে ডাঙৰ আঘাত  হিচাবে বিবেচিত হৈছে।


উত্তৰ প্ৰদেশৰ আমেথি আৰু ৰায়বৰেলী  ৰাজনীতিত গান্ধী পৰিয়ালৰ কেন্দ্ৰ হিচাপে পৰিচিত। ২০১৪ চনত স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক  ১ লাখৰো অধিক ভোটত পৰাস্ত কৰিছিল।  এই সফলতাৰ পুৰস্কাৰ হিচাপে তেওঁক কেন্দ্ৰীয় মন্ত্ৰালয়ৰ লগতে গুৰুত্বপূৰ্ণ দায়িত্ব  দিয়া হৈছিল। কিন্তু ৫ বছৰৰ ভিতৰত এই সমষ্টিটোত  পৰিৱৰ্তনৰ আভাস দেখা গ’ল। শেহতীয়া খবৰ অনুসৰি এই কেন্দ্ৰত কিশোৰেলাল শৰ্মা প্ৰায় ১ লাখ ২১ হাজাৰ ভোটত আগবাঢ়ি আছে। তেওঁ লাভ কৰিছে ৪ লাখ ১৫ হাজাৰ ৪৫০টা  ভোট। আনহাতে, এই পৰ্যন্ত স্মৃতিয়ে লাভ কৰিছে ২ লাখ ৯৪ হাজাৰ ৫৮১ টা ভোট। সেয়ে আমেথিত এতিয়া 'স্মৃতি' হ’বলৈ গৈ আছে ইৰাণী। 

ৰাজনৈতিক মহলে দাবী কৰিছে যে সাংসদ হোৱাৰ পিছত আমেথিত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছিল স্মৃতি ইৰাণী। ইৰাণীয়ে ২০১৯ চনতএইবুলি প্ৰতিশ্ৰুতি দিছিল যে যদি জয়ী হয় তেন্তে ৫০০ টকাৰ চিলিণ্ডাৰ, ১৩ টকীয়া চেনি আৰু বহু সুবিধা দিয়া হ’ব। তেওঁ সেয়া পূৰণ কৰা নাছিল, বৰঞ্চ নিৰ্বাচনৰ পূৰ্বে তেওঁ  উগ্ৰ হিন্দুত্ববাদক নিৰ্বাচনত জয়ৰ  আহিলা হিচাপে ব্যৱহাৰ কৰিছিল, যিটো আমেথিবাসীয়ে ভালদৰে গ্ৰহণ কৰা নাছিল। তদুপৰি আমেথিত কংগ্ৰেছৰ প্ৰত্যাৱৰ্তনৰ আঁৰত আন এক কাৰণ উন্মোচিত হৈছে। ৰাজনৈতিক মহলে দাবী কৰে যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এই আসনৰ বাবে বিএছপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। যাৰ বাবে ইয়াত দলিত ভোট বিভক্ত হৈছিল। ফলত  ৰাহুলে ৫০ হাজাৰৰো অধিক ভোট হেৰুৱাইছিল।  কিন্তু ২০২৪ চনত বিএছপিয়ে ইয়াত কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই। ফলত ইয়াত দলিত ভোট একচেটিয়াভাৱে কংগ্ৰেছৰ হাতলৈ যোৱা বুলি ধাৰণা কৰা হৈছে।   ফলস্বৰূপে 'গান্ধীপৰিয়ালৰ দূৰ্গ ' আমেথিত স্মৃতি ইৰাণী হৈ পৰিল এক স্মৃতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু