--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰ্গ অক্ষত ৰাখিলে কংগ্ৰেছে।  ৭ ঘণ্টাৰ ভোট গণনাৰ অন্তত মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ আসনত ৪ লাখৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে। এই ভোটৰ সংখ্যা  ২০১৯ চনত  তেওঁৰ মাতৃ ছোনিয়া গান্ধীয়ে লাভ কৰা ভোটৰ সংখ্যাতকৈ প্ৰায়  দুগুণ।৬ লাখ ৭০ হাজাৰৰো অধিক ভোট লাভ কৰি  ৰাহুলে বিজয়ী হৈ ওলাই অহাৰ বিপৰীতে বিজেপিৰ দীনেশ প্ৰতাপ সিং দ্বিতীয় স্থানত আৰু বিএছপিৰ ঠাকুৰ প্ৰসাদ যাদৱ তৃতীয় স্থানত থাকে।২০১৯ চনত দীনেশ প্ৰতাপ সিঙক ১,৬৭,১৭৮ ভোটৰ ব্যৱধানত পৰাস্ত কৰি ছোনিয়াই অক্ষুণ্ণ ৰাখিছিল গান্ধী পৰিয়ালৰ  দুৰ্গ ৰায়বৰেলী আসনখন। 

লোকসভা ২০২৪ৰ নিৰ্বাচনত ২০ মে’ত ৰায়বৰেলীত  পঞ্চম পৰ্যায়তভোটগ্ৰহণ হৈছিল।ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত ছোনিয়া গান্ধীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লয়। সমষ্টিটোত গান্ধী পৰিয়ালৰ উত্তৰাধিকাৰী ৰূপে  ৰাহুলক  প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছিল।  ৰায়বৰেলীৰ জনতাক  ছোনিয়াই  ৩০ বছৰ সেৱা আগবঢ়াইছিল। 

১৯৫২ চনত প্ৰতিষ্ঠা হোৱা ৰায়বৰেলি লোকসভা সমষ্টি  উত্তৰ প্ৰদেশৰ এক উল্লেখযোগ্য সংসদীয় সমষ্টি । সমষ্টিটো পূৰ্বৰে পৰাই কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত।  ছোনিয়াৰ পূৰ্বে  প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তিনিবাৰ ৰায়বৰেলীৰ পৰা জয়ী হৈছিল। আসনখনৰ পৰা  ইন্দিৰাৰ স্বামী ফিৰোজ গান্ধীও দুবাৰকৈ নিৰ্বাচিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু