--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰ্গ অক্ষত ৰাখিলে কংগ্ৰেছে।  ৭ ঘণ্টাৰ ভোট গণনাৰ অন্তত মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ আসনত ৪ লাখৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে। এই ভোটৰ সংখ্যা  ২০১৯ চনত  তেওঁৰ মাতৃ ছোনিয়া গান্ধীয়ে লাভ কৰা ভোটৰ সংখ্যাতকৈ প্ৰায়  দুগুণ।৬ লাখ ৭০ হাজাৰৰো অধিক ভোট লাভ কৰি  ৰাহুলে বিজয়ী হৈ ওলাই অহাৰ বিপৰীতে বিজেপিৰ দীনেশ প্ৰতাপ সিং দ্বিতীয় স্থানত আৰু বিএছপিৰ ঠাকুৰ প্ৰসাদ যাদৱ তৃতীয় স্থানত থাকে।২০১৯ চনত দীনেশ প্ৰতাপ সিঙক ১,৬৭,১৭৮ ভোটৰ ব্যৱধানত পৰাস্ত কৰি ছোনিয়াই অক্ষুণ্ণ ৰাখিছিল গান্ধী পৰিয়ালৰ  দুৰ্গ ৰায়বৰেলী আসনখন। 

লোকসভা ২০২৪ৰ নিৰ্বাচনত ২০ মে’ত ৰায়বৰেলীত  পঞ্চম পৰ্যায়তভোটগ্ৰহণ হৈছিল।ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত ছোনিয়া গান্ধীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লয়। সমষ্টিটোত গান্ধী পৰিয়ালৰ উত্তৰাধিকাৰী ৰূপে  ৰাহুলক  প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছিল।  ৰায়বৰেলীৰ জনতাক  ছোনিয়াই  ৩০ বছৰ সেৱা আগবঢ়াইছিল। 

১৯৫২ চনত প্ৰতিষ্ঠা হোৱা ৰায়বৰেলি লোকসভা সমষ্টি  উত্তৰ প্ৰদেশৰ এক উল্লেখযোগ্য সংসদীয় সমষ্টি । সমষ্টিটো পূৰ্বৰে পৰাই কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত।  ছোনিয়াৰ পূৰ্বে  প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তিনিবাৰ ৰায়বৰেলীৰ পৰা জয়ী হৈছিল। আসনখনৰ পৰা  ইন্দিৰাৰ স্বামী ফিৰোজ গান্ধীও দুবাৰকৈ নিৰ্বাচিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ