--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতে অষ্ট্ৰেলিয়াৰ হাতত বিশ্বকাপৰ ফাইনেলত পৰাজিত হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত ককে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে টীম ইণ্ডিয়াই অতি উৎসাহেৰে খেলিছে আৰু দেশলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখ্য এদিনীয়া বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক ছয় উইকেটত পৰাস্ত কৰে আৰু ষষ্ঠবাৰলৈ খিতাপ অৰ্জন কৰে।

মোদীয়ে লিখিছে, প্ৰিয় টীম ইণ্ডিয়া, বিশ্বকাপৰ জৰিয়তে আপোনালোকৰ প্ৰতিভা আৰু সংকল্প লক্ষণীয় আছিল। আপোনালোকে অতি উৎসাহেৰে খেলিছে আৰু দেশলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। আমি আজি আৰু সদায় আপোনালোকৰ সৈতে থিয় হৈ ৰ’ম৷

তেওঁ লগতে অষ্ট্ৰেলিয়াৰ দলটোক তেওঁলোকৰ আকৰ্ষণীয় জয়ৰ বাবে অভিনন্দন জনাই কয়, বিশ্বকাপৰ এক সুন্দৰ বিজয়ৰ বাবে অষ্ট্ৰেলিয়াক অভিনন্দন! প্ৰতিযোগিতাখনত তেওঁলোকৰ প্ৰশংসনীয় প্ৰদৰ্শন আছিল, যাৰ ফলত এক সুন্দৰ বিজয় হৈছিল।

প্ৰধানমন্ত্ৰী মোদী আৰু অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছে দেওবাৰে সন্ধিয়া নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা আইচিচি ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেলখন চাবলৈ আহমেদাবাদত উপস্থিত হয়। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু গুজৰাট বিজেপিৰ মুৰব্বী চি আৰ পাটিলে বিমানবন্দৰত নেতাসকলক উষ্ম আদৰণি জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ