--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতে অষ্ট্ৰেলিয়াৰ হাতত বিশ্বকাপৰ ফাইনেলত পৰাজিত হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত ককে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে টীম ইণ্ডিয়াই অতি উৎসাহেৰে খেলিছে আৰু দেশলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখ্য এদিনীয়া বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক ছয় উইকেটত পৰাস্ত কৰে আৰু ষষ্ঠবাৰলৈ খিতাপ অৰ্জন কৰে।

মোদীয়ে লিখিছে, প্ৰিয় টীম ইণ্ডিয়া, বিশ্বকাপৰ জৰিয়তে আপোনালোকৰ প্ৰতিভা আৰু সংকল্প লক্ষণীয় আছিল। আপোনালোকে অতি উৎসাহেৰে খেলিছে আৰু দেশলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। আমি আজি আৰু সদায় আপোনালোকৰ সৈতে থিয় হৈ ৰ’ম৷

তেওঁ লগতে অষ্ট্ৰেলিয়াৰ দলটোক তেওঁলোকৰ আকৰ্ষণীয় জয়ৰ বাবে অভিনন্দন জনাই কয়, বিশ্বকাপৰ এক সুন্দৰ বিজয়ৰ বাবে অষ্ট্ৰেলিয়াক অভিনন্দন! প্ৰতিযোগিতাখনত তেওঁলোকৰ প্ৰশংসনীয় প্ৰদৰ্শন আছিল, যাৰ ফলত এক সুন্দৰ বিজয় হৈছিল।

প্ৰধানমন্ত্ৰী মোদী আৰু অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছে দেওবাৰে সন্ধিয়া নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা আইচিচি ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেলখন চাবলৈ আহমেদাবাদত উপস্থিত হয়। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু গুজৰাট বিজেপিৰ মুৰব্বী চি আৰ পাটিলে বিমানবন্দৰত নেতাসকলক উষ্ম আদৰণি জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক