--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কুকি-মেইটেইৰ সংঘাতে বিপৰ্যস্ত কৰা মণিপুৰত আন এক আতংক৷ দেওবাৰে মণিপুৰৰ আকাশত দেখা গ’ল ইউ এফ অ’৷ ইউ এফ অ’ দেখা পোৱাৰ পাছৰে পৰা ইম্ফল বিমানবন্দৰক সতৰ্ক কৰি ৰখা হৈছিল। আৰু এই সতৰ্কতাৰ পাছৰে পৰা দুখন বিমানৰ পথ সলনি কৰা হৈছে আৰু তিনিখন বিমান বিলম্বিত হৈছে।

ইম্ফলৰ বীৰ টিকেন্দ্ৰজিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত ঘটনাৰ পাছত নিৰাপত্তা বিষয়াসকল সতৰ্ক হৈ পৰিছে। আনকি, একেটা কাৰণতে  বিমানবন্দৰটো আবেলি চাৰি ঘণ্টাৰ বাবে বন্ধ আছিল।

দেওবাৰে আবেলি ৩ বজাত ইম্ফল বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে এখন অতি সৰু ড্ৰোন দেখা পাইছিল। পাছত বিমানবন্দৰৰ আন সংস্থাসমূহক সতৰ্কবাণী জাৰি কৰা হৈছিল আৰু নিৰাপত্তাজনিত কাৰণত বিমানৰ উৰণ পিছুৱাই দিয়া হৈছিল। নিৰাপত্তাজনিত কাৰণতে প্ৰভাৱিত হৈছিল তিনিখন বিমানৰ সময়৷

বিমান পৰিচালনা সন্ধিয়া ৫.৩০ বজাত পুনৰ আৰম্ভ হয় বুলি জানিব পৰা গৈছে৷ ইম্ফল নিয়ন্ত্ৰিত আকাশসীমাৰ ভিতৰত ইউ এফ অ’ দেখা পোৱাৰ বাবে দুখন বিমানৰ পথ সলনি কৰা হৈছে আৰু তিনিখন প্ৰস্থানকাৰী বিমান বিলম্বিত হৈছে। 

ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সঞ্চালক চিপেম্মী কেইছিংয়ে এক বিবৃতিত কয়, কৰ্তৃপক্ষৰ পৰা অনুমোদন পোৱাৰ পাছত বিমান পৰিচালনা আৰম্ভ হয়।

চণ্ডীগড়লৈ যাত্ৰা কৰি থকা এম প্ৰমোদ নামৰ এজন যাত্ৰীয়ে কৈছিল যে তেওঁৰ বিমানখন পলম হৈছিল। উল্লেখযোগ্য যে  ইউ এফ অ’ প্ৰথমে এজন চিআইএছএফ কৰ্মীয়ে আবেলি দেখিছিল। ইয়াৰ ফলস্বৰূপে কেইখনমান বিমান পৰিচালনাত বাধা আৰোপ কৰা হৈছিল, যাৰ ফলত তিনিখন বহিৰ্মুখী বিমানৰ কেইবাজনো যাত্ৰী অসুবিধাত পৰিছিল৷ টাইমছ অব্ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, আগৰতলা, গুৱাহাটী আৰু কলকাতালৈ যোৱা প্ৰায় তিনিখন বিমান সন্ধিয়া ৬ বজালৈকে স্থগিত ৰখা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক