--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কুকি-মেইটেইৰ সংঘাতে বিপৰ্যস্ত কৰা মণিপুৰত আন এক আতংক৷ দেওবাৰে মণিপুৰৰ আকাশত দেখা গ’ল ইউ এফ অ’৷ ইউ এফ অ’ দেখা পোৱাৰ পাছৰে পৰা ইম্ফল বিমানবন্দৰক সতৰ্ক কৰি ৰখা হৈছিল। আৰু এই সতৰ্কতাৰ পাছৰে পৰা দুখন বিমানৰ পথ সলনি কৰা হৈছে আৰু তিনিখন বিমান বিলম্বিত হৈছে।

ইম্ফলৰ বীৰ টিকেন্দ্ৰজিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত ঘটনাৰ পাছত নিৰাপত্তা বিষয়াসকল সতৰ্ক হৈ পৰিছে। আনকি, একেটা কাৰণতে  বিমানবন্দৰটো আবেলি চাৰি ঘণ্টাৰ বাবে বন্ধ আছিল।

দেওবাৰে আবেলি ৩ বজাত ইম্ফল বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে এখন অতি সৰু ড্ৰোন দেখা পাইছিল। পাছত বিমানবন্দৰৰ আন সংস্থাসমূহক সতৰ্কবাণী জাৰি কৰা হৈছিল আৰু নিৰাপত্তাজনিত কাৰণত বিমানৰ উৰণ পিছুৱাই দিয়া হৈছিল। নিৰাপত্তাজনিত কাৰণতে প্ৰভাৱিত হৈছিল তিনিখন বিমানৰ সময়৷

বিমান পৰিচালনা সন্ধিয়া ৫.৩০ বজাত পুনৰ আৰম্ভ হয় বুলি জানিব পৰা গৈছে৷ ইম্ফল নিয়ন্ত্ৰিত আকাশসীমাৰ ভিতৰত ইউ এফ অ’ দেখা পোৱাৰ বাবে দুখন বিমানৰ পথ সলনি কৰা হৈছে আৰু তিনিখন প্ৰস্থানকাৰী বিমান বিলম্বিত হৈছে। 

ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সঞ্চালক চিপেম্মী কেইছিংয়ে এক বিবৃতিত কয়, কৰ্তৃপক্ষৰ পৰা অনুমোদন পোৱাৰ পাছত বিমান পৰিচালনা আৰম্ভ হয়।

চণ্ডীগড়লৈ যাত্ৰা কৰি থকা এম প্ৰমোদ নামৰ এজন যাত্ৰীয়ে কৈছিল যে তেওঁৰ বিমানখন পলম হৈছিল। উল্লেখযোগ্য যে  ইউ এফ অ’ প্ৰথমে এজন চিআইএছএফ কৰ্মীয়ে আবেলি দেখিছিল। ইয়াৰ ফলস্বৰূপে কেইখনমান বিমান পৰিচালনাত বাধা আৰোপ কৰা হৈছিল, যাৰ ফলত তিনিখন বহিৰ্মুখী বিমানৰ কেইবাজনো যাত্ৰী অসুবিধাত পৰিছিল৷ টাইমছ অব্ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, আগৰতলা, গুৱাহাটী আৰু কলকাতালৈ যোৱা প্ৰায় তিনিখন বিমান সন্ধিয়া ৬ বজালৈকে স্থগিত ৰখা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ