--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমালোচনা তেওঁৰ জীৱনৰ দৈনন্দিন অংশ। বলীউডৰ অভিনেত্ৰী তাপসী পান্নুৱে নিজেও কেইবাটাও সাক্ষাৎকাৰত এই কথা স্বীকাৰ কৰি আহিছে । বলীউডৰ ‘হাছিন দিলৰুবা’ই এইবাৰ এটা ফেশ্বন শ্ব’ত খোজ কঢ়াৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ল। অভিনেত্ৰীগৰাকীৰ কাপোৰ-কানি আৰু গহনাৰ ষ্টাইল দেখি প্ৰায় পাগল হৈ পৰিল নেটিজেনসকল।

মুম্বাইত অনুষ্ঠিত এক নামী দামী ফেশ্বন শ্ব’ত ডিজাইনাৰ মনীষা জয়িংহৰ বাবে ৰেম্পত খোজ কাঢ়িলে বলীউডৰ অভিনেত্ৰী তাপসী পান্নুৱে। শ্ব’টোৰ বাবে  ৰঙা গাউন পিন্ধিছিল তাপসীয়ে। একোঁচা চুলি, ডিঙিত সোণৰ গধুৰ গহনা। সেই পোছাক পিন্ধি অভিনেত্ৰীগৰাকীয়ে চেঙেলীয়া হাঁহি এটা লৈও এখন ফটো তুলিছিল। ফটোখন ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতে আৰম্ভ হৈছে সমালোচনা।



বিতৰ্ক আৰম্ভ হৈছে তাপসীৰ নেকেলেচৰ পৰা। অভিনেত্ৰীগৰাকীয়ে পিন্ধা ৰঙা গাউনটো কান্ধৰ পৰা নাভিলৈকে খোলা। বুকুৰ মাজৰ দীঘল খাঁজটোত আছে চকাৰ গহনা। গহনাৰ ভিতৰত আছে এগৰাকী হিন্দু দেৱীৰ ছবি। যদিও স্পষ্টকৈ দেখা পোৱা নাযায়, দূৰৈৰ পৰা দেখা যায় যে ই লক্ষ্মী দেৱীৰ প্ৰতিমূৰ্তি।

নেটিজেনসকল সেই কথাতে বিৰক্ত হৈ পৰিছে। অভিনেত্ৰীগৰাকীয়ে এনে   কাপোৰ আৰু গহনা পিন্ধি অশ্লীলতাৰ সীমা অতিক্ৰম কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। বহুতে অভিযোগ কৰে যে তাপসীয়ে হিন্দু দেৱীক ‘অপবিত্ৰ’ পদ্ধতিৰে ব্যৱহাৰ কৰিছে।

ছ’চিয়েল মিডিয়াত সমালোচনাৰ ধুমুহা সৃষ্টি হোৱাৰ পাছতো তাপসী পান্নুৱে এই সন্দৰ্ভত এতিয়াও মুখ মেলা নাই। অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁ সমালোচনাৰ সন্মুখীন হোৱা ব্যক্তি নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী