--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমালোচনা তেওঁৰ জীৱনৰ দৈনন্দিন অংশ। বলীউডৰ অভিনেত্ৰী তাপসী পান্নুৱে নিজেও কেইবাটাও সাক্ষাৎকাৰত এই কথা স্বীকাৰ কৰি আহিছে । বলীউডৰ ‘হাছিন দিলৰুবা’ই এইবাৰ এটা ফেশ্বন শ্ব’ত খোজ কঢ়াৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ল। অভিনেত্ৰীগৰাকীৰ কাপোৰ-কানি আৰু গহনাৰ ষ্টাইল দেখি প্ৰায় পাগল হৈ পৰিল নেটিজেনসকল।

মুম্বাইত অনুষ্ঠিত এক নামী দামী ফেশ্বন শ্ব’ত ডিজাইনাৰ মনীষা জয়িংহৰ বাবে ৰেম্পত খোজ কাঢ়িলে বলীউডৰ অভিনেত্ৰী তাপসী পান্নুৱে। শ্ব’টোৰ বাবে  ৰঙা গাউন পিন্ধিছিল তাপসীয়ে। একোঁচা চুলি, ডিঙিত সোণৰ গধুৰ গহনা। সেই পোছাক পিন্ধি অভিনেত্ৰীগৰাকীয়ে চেঙেলীয়া হাঁহি এটা লৈও এখন ফটো তুলিছিল। ফটোখন ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতে আৰম্ভ হৈছে সমালোচনা।



বিতৰ্ক আৰম্ভ হৈছে তাপসীৰ নেকেলেচৰ পৰা। অভিনেত্ৰীগৰাকীয়ে পিন্ধা ৰঙা গাউনটো কান্ধৰ পৰা নাভিলৈকে খোলা। বুকুৰ মাজৰ দীঘল খাঁজটোত আছে চকাৰ গহনা। গহনাৰ ভিতৰত আছে এগৰাকী হিন্দু দেৱীৰ ছবি। যদিও স্পষ্টকৈ দেখা পোৱা নাযায়, দূৰৈৰ পৰা দেখা যায় যে ই লক্ষ্মী দেৱীৰ প্ৰতিমূৰ্তি।

নেটিজেনসকল সেই কথাতে বিৰক্ত হৈ পৰিছে। অভিনেত্ৰীগৰাকীয়ে এনে   কাপোৰ আৰু গহনা পিন্ধি অশ্লীলতাৰ সীমা অতিক্ৰম কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। বহুতে অভিযোগ কৰে যে তাপসীয়ে হিন্দু দেৱীক ‘অপবিত্ৰ’ পদ্ধতিৰে ব্যৱহাৰ কৰিছে।

ছ’চিয়েল মিডিয়াত সমালোচনাৰ ধুমুহা সৃষ্টি হোৱাৰ পাছতো তাপসী পান্নুৱে এই সন্দৰ্ভত এতিয়াও মুখ মেলা নাই। অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁ সমালোচনাৰ সন্মুখীন হোৱা ব্যক্তি নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ