--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত খানা খাই ভালপোৱা নাই বিৰাট, ৰোহিত, অশ্বিনহঁতে। মঙলবাৰে টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰসকলে আইচিচিয়ে দুপৰীয়াৰ আহাৰত দিয়া খাদ্যবস্তুসমূহ ভক্ষণ নকৰিলে।

আইচিচিয়ে দিয়া খাদ্যবস্তুসমূহ ঠাণ্ডা আৰু নিম্ন মানদণ্ডৰ বুলি তেওঁলোকে অভিহিত কৰিছে। খাদ্যবস্তুসমূহ আছিল বিভিন্ন ফল-মূল, ফালাফেল আৰু চেণ্ডউইছ। কিন্তু বিৰাট-ৰোহিতহঁতে এইসমূহ ভাল নাপালে।

এই সম্পৰ্কত তেওঁলোকে চিডনী ক্ৰিকেট গ্ৰাউণ্ড কৰ্তৃপক্ষকো অৱগত কৰিছে। মঙলবাৰে অনুশীলন পৰ্বৰ পাছতে তেওঁলোকক এই খাদ্যসমূহ খাবলৈ দিয়া হৈছিল।

''খাদ্যসমূহ ভাল নহয়। এটা অনুশীলন পৰ্বৰ পাছত সাধাৰণতে আমি চেণ্ডউইছ নাখাওঁ।’’- তেওঁলোকে জনায়।

উল্লেখ্য যে অহা বৃহস্পতিবাৰে ভাৰতে নেদাৰলেণ্ডৰে মুখামুখি হ’ব। চিডনী ক্ৰিকেট গ্ৰাউণ্ডত হ’ব লগা মেচখনত সুন্দৰ প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে বিৰাট-ৰোহিতহঁতে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু