--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত চলি থকা টি-২০ বিশ্বকাপত ভাৰতীয় দলটো সন্মুখীন হৈছে দুৰ্বল আতিথ্য সেৱাৰ। ৰোহিত শৰ্মাৰ নেতৃত্বত প্ৰথমখন মেচত জয়লাভ কৰি দ্বিতীয়খন মেচৰ বাবে ছিডনীত উপস্থিত হৈছে টীম ইণ্ডিয়া। ইয়াত তেওঁলোকে বৃহস্পতিবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে ছুপাৰ ১২ পৰ্যায়ৰ দ্বিতীয়খন গ্ৰুপ মেচ খেলিব লাগিব। কিন্তু ইয়াৰ মাজতে অনুশীলনৰ পাছত পৰিবেশন কৰা খাদ্যক লৈ টীম ইণ্ডিয়াই কৰিছে গুৰুতৰ অভিযোগ।

অভিযোগ অনুসৰি টীম ইণ্ডিয়াক পৰিৱেশন কৰা হৈছে একেবাৰে নিম্ন পৰ্যায়ৰ খাদ্য। খেলুৱৈসকলক মাত্ৰ এটা ছেণ্ডুইচ দিয়া হৈছিল আৰু সেইটোও ঠাণ্ডা আছিল। ভাৰতীয় দলটোৱে আই চি চিক জনায় যে ছিডনীত অনুশীলনৰ পাছত তেওঁলোকক খাবলৈ দিয়া খাদ্য একেবাৰে ভাল নহয়। 

খবৰ অনুসৰি তাত খাদ্যৰ ব্যৱস্থাত ইমানেই গাফিলতি কৰা হৈছে যে টীম ইণ্ডিয়াই দুপৰীয়াৰ আহাৰো নাপালে আৰু তাৰপাছত তেওঁলোক হোটেললৈ উভতি আহিহে খাদ্য খাবলৈ পায়। বিচিচিআইৰ সূত্ৰ অনুসৰি কঠোৰ অনুশীলনৰ পাছত খেলুৱৈসকলক ভালদৰে গৰম খাদ্য দিয়াটো প্ৰয়োজনীয়। ছিডনীত দেখা গ’ল যে অনুশীলনৰ পাছৰ খাদ্যত ফলমূলৰ সৈতে কাষ্টম ছেণ্ডুইচ আছিল। অনুশীলন শেষ হোৱাৰ লগে লগে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময় হ’ল আৰু খেলুৱৈসকলে আহাৰ গ্ৰহণৰ বাবে আগ্ৰহেৰে বাট চাই আছিল। এই বিষয়ে বিচিচিআইৰ এজন বিষয়াই কয় যে, “এয়া ভাল কথা হোৱা নাই। দুই-এজনে ফলমূল খাইছিল যদিও সকলোৱে দুপৰীয়াৰ আহাৰ খাব বিচাৰিছিল কিন্তু পোৱা নাছিল। সেয়েহে তেওঁলোকে হোটেললৈ উভতি আহি খাদ্য খাইছিল।”

মন কৰিবলগীয়া যে টি-২০ বিশ্বকাপৰ সময়ত খাদ্যৰ ব্যৱস্থা কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে(ICC)। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাছত গৰম খাদ্য যোগান ধৰা নাই আইচিচিয়ে। ইয়াৰ লগতে টিম ইণ্ডিয়াই দ্বিতীয়খন মেচৰ অনুশীলনত অংশ ল’ব পৰা নাই কাৰণ দলটোক হোটেলৰ পৰা প্ৰায় ৪৫ মিনিটৰ দূৰত্বত থকা ছিডনীৰ বহু দূৰৈত থকা ব্লেকটাউনলৈ স্থানান্তৰ কৰা হৈছে। 

উল্লেখ্য যে ভাৰতে প্ৰথমখন মেচত নিজৰ তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক চাৰিটা উইকেটত পৰাস্ত কৰি নিজৰ অভিযান আৰম্ভ কৰিছিল। মেলবৰ্ণত খেলা ৰোমাঞ্চকৰ মেচখনত বিৰাট কোহলীৰ অপৰাজিত ৮২ ৰান আৰু হাৰ্দিকৰ অল ৰাউণ্ড প্ৰদৰ্শনৰ ভিত্তিত পাকিস্তানৰ হৈ ১৬০ ৰানৰ লক্ষ্য বান্ধি লৈছিল টীম ইণ্ডিয়াই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু