--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত চলি থকা টি-২০ বিশ্বকাপত ভাৰতীয় দলটো সন্মুখীন হৈছে দুৰ্বল আতিথ্য সেৱাৰ। ৰোহিত শৰ্মাৰ নেতৃত্বত প্ৰথমখন মেচত জয়লাভ কৰি দ্বিতীয়খন মেচৰ বাবে ছিডনীত উপস্থিত হৈছে টীম ইণ্ডিয়া। ইয়াত তেওঁলোকে বৃহস্পতিবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে ছুপাৰ ১২ পৰ্যায়ৰ দ্বিতীয়খন গ্ৰুপ মেচ খেলিব লাগিব। কিন্তু ইয়াৰ মাজতে অনুশীলনৰ পাছত পৰিবেশন কৰা খাদ্যক লৈ টীম ইণ্ডিয়াই কৰিছে গুৰুতৰ অভিযোগ।

অভিযোগ অনুসৰি টীম ইণ্ডিয়াক পৰিৱেশন কৰা হৈছে একেবাৰে নিম্ন পৰ্যায়ৰ খাদ্য। খেলুৱৈসকলক মাত্ৰ এটা ছেণ্ডুইচ দিয়া হৈছিল আৰু সেইটোও ঠাণ্ডা আছিল। ভাৰতীয় দলটোৱে আই চি চিক জনায় যে ছিডনীত অনুশীলনৰ পাছত তেওঁলোকক খাবলৈ দিয়া খাদ্য একেবাৰে ভাল নহয়। 

খবৰ অনুসৰি তাত খাদ্যৰ ব্যৱস্থাত ইমানেই গাফিলতি কৰা হৈছে যে টীম ইণ্ডিয়াই দুপৰীয়াৰ আহাৰো নাপালে আৰু তাৰপাছত তেওঁলোক হোটেললৈ উভতি আহিহে খাদ্য খাবলৈ পায়। বিচিচিআইৰ সূত্ৰ অনুসৰি কঠোৰ অনুশীলনৰ পাছত খেলুৱৈসকলক ভালদৰে গৰম খাদ্য দিয়াটো প্ৰয়োজনীয়। ছিডনীত দেখা গ’ল যে অনুশীলনৰ পাছৰ খাদ্যত ফলমূলৰ সৈতে কাষ্টম ছেণ্ডুইচ আছিল। অনুশীলন শেষ হোৱাৰ লগে লগে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময় হ’ল আৰু খেলুৱৈসকলে আহাৰ গ্ৰহণৰ বাবে আগ্ৰহেৰে বাট চাই আছিল। এই বিষয়ে বিচিচিআইৰ এজন বিষয়াই কয় যে, “এয়া ভাল কথা হোৱা নাই। দুই-এজনে ফলমূল খাইছিল যদিও সকলোৱে দুপৰীয়াৰ আহাৰ খাব বিচাৰিছিল কিন্তু পোৱা নাছিল। সেয়েহে তেওঁলোকে হোটেললৈ উভতি আহি খাদ্য খাইছিল।”

মন কৰিবলগীয়া যে টি-২০ বিশ্বকাপৰ সময়ত খাদ্যৰ ব্যৱস্থা কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে(ICC)। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাছত গৰম খাদ্য যোগান ধৰা নাই আইচিচিয়ে। ইয়াৰ লগতে টিম ইণ্ডিয়াই দ্বিতীয়খন মেচৰ অনুশীলনত অংশ ল’ব পৰা নাই কাৰণ দলটোক হোটেলৰ পৰা প্ৰায় ৪৫ মিনিটৰ দূৰত্বত থকা ছিডনীৰ বহু দূৰৈত থকা ব্লেকটাউনলৈ স্থানান্তৰ কৰা হৈছে। 

উল্লেখ্য যে ভাৰতে প্ৰথমখন মেচত নিজৰ তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক চাৰিটা উইকেটত পৰাস্ত কৰি নিজৰ অভিযান আৰম্ভ কৰিছিল। মেলবৰ্ণত খেলা ৰোমাঞ্চকৰ মেচখনত বিৰাট কোহলীৰ অপৰাজিত ৮২ ৰান আৰু হাৰ্দিকৰ অল ৰাউণ্ড প্ৰদৰ্শনৰ ভিত্তিত পাকিস্তানৰ হৈ ১৬০ ৰানৰ লক্ষ্য বান্ধি লৈছিল টীম ইণ্ডিয়াই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক