--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মোক ৰক্ষা কৰাৰ বাবে ধন্যবাদ! এইদৰে কৈছে দীনেশ কাৰ্তিকে। কিন্তু কাক এইদৰে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে ধন্যবাদ জনাইছে। কিয় ধন্যবাদ জনাইছে। কোনে কি বিপদৰ পৰা ৰক্ষা কৰিলে কাৰ্তিকক? 

তাৰবাবে আমি উভটি যাব লাগিব টি-২০ বিশ্বকাপত মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত হোৱা ভাৰত-পাকিস্তানৰ দেওবাৰৰ ক্ৰিকেট মেচখনলৈ। মেচখন শেষ হৈছিল এটা শ্বাহৰুদ্ধকৰ অভাৰেৰে।

পাকিস্তানী বলাৰ নাৱাজে দিয়া শেষৰ অভাৰটোত ভাৰতক জিকিবলৈ প্ৰয়োজন আছিল ১৬ ৰাণৰ। নন ষ্ট্ৰাইকাৰ ইণ্ডত কোহলী আৰু ষ্ট্ৰাইকিং ইণ্ডত হাৰ্দিক পাণ্ডিয়া। কিন্তু প্ৰথমটো বলতে হাৰ্ডিক পাণ্ডিয়া আউট হয়। ক্ৰিজলৈ আহে দীনেশ কাৰ্তিক।

মাৰমুখী বেটিঙেৰে ধুমুহাৰ সৃষ্টি কৰা দীনেশ কাৰ্তিকৰ ওপৰত ক্ৰিকেটপ্ৰেমীৰ প্ৰচণ্ড আশা আছিল যে তেও ফ’ৰ-ছিক্স কোবাই ভাৰতক বিজয়ৰ মুখ দেখাব।

কিন্তু দুটা বলত জিকিবলৈ দুই ৰাণ থকাৰ সময়তে কাৰ্তিক আউট হয়। শ্বাহৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয়। কাৰ্তিকৰ পাছত আহে ৰবীচন্দ্ৰন অশ্বিন।

প্ৰচণ্ড চতুৰতাৰে অশ্বিনে নৱাজৰ অভাৰৰ পঞ্চম বলটো ৱাইড বল কৰে। মেচখন ড্ৰ হয়। জিকিবলৈ এক ৰাণ লাগে অথবা চুপাৰ অভাৰ।

শেষৰ বলটোত অশ্বিনে মিড অফত খেলে আৰু এক ৰাণ লোৱাৰ লগে লগে ইতিহাসৰ সৃষ্টি হয়। ভাৰতে বিজয়সাব্যষ্ট কৰে।

বিচিচিআইয়ে টুইটাৰত দিয়া শেহতীয়া এটা ভিডিঅ’ত দেখা গৈছে যে কাৰ্তিকে অশ্বিনক চতুৰ বেটিং তথা মেচখন জিকোৱাৰ বাবে ধন্যবাদ জনাইছে।

''যোৱাকালি মোক বচোৱাৰ বাবে ধন্যবাদ।’’- অশ্বিনক উদ্যেশ্যি কাৰ্তিকে কয়।

ইয়াৰ দ্বাৰা কাৰ্তিকে ক’ব বিচাৰিছে যে ভাৰতে কেনেবাকৈ মেচখনত হৰা হ’লে ক্ৰিকেটপ্ৰেমীসকলে তেওঁকেই দোষাৰোপ কৰিলেহেঁতেন। কিন্তু অশ্বিনে সেয়া হ’ব নিদিলে।

উল্লেখ্য যে বৃহস্পতিবাৰে পুনৰ ভাৰতে খেলপথাৰত অৱতীৰ্ণ হ’ব। চিডনী ক্ৰিকেট গ্ৰাউণ্ডত ভাৰতে মুখামুখি হ’ব দুৰ্বল দল নেদাৰলেণ্ডৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু