--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মোক ৰক্ষা কৰাৰ বাবে ধন্যবাদ! এইদৰে কৈছে দীনেশ কাৰ্তিকে। কিন্তু কাক এইদৰে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে ধন্যবাদ জনাইছে। কিয় ধন্যবাদ জনাইছে। কোনে কি বিপদৰ পৰা ৰক্ষা কৰিলে কাৰ্তিকক? 

তাৰবাবে আমি উভটি যাব লাগিব টি-২০ বিশ্বকাপত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত হোৱা ভাৰত-পাকিস্তানৰ দেওবাৰৰ ক্ৰিকেট মেচখনলৈ। মেচখন শেষ হৈছিল এটা শ্বাহৰুদ্ধকৰ অভাৰেৰে।

পাকিস্তানী বলাৰ নাৱাজে দিয়া শেষৰ অভাৰটোত ভাৰতক জিকিবলৈ প্ৰয়োজন আছিল ১৬ ৰাণৰ। নন ষ্ট্ৰাইকাৰ ইণ্ডত কোহলী আৰু ষ্ট্ৰাইকিং ইণ্ডত হাৰ্দিক পাণ্ডিয়া। কিন্তু প্ৰথমটো বলতে হাৰ্ডিক পাণ্ডিয়া আউট হয়। ক্ৰিজলৈ আহে দীনেশ কাৰ্তিক।

মাৰমুখী বেটিঙেৰে ধুমুহাৰ সৃষ্টি কৰা দীনেশ কাৰ্তিকৰ ওপৰত ক্ৰিকেটপ্ৰেমীৰ প্ৰচণ্ড আশা আছিল যে তেও ফৰ-ছিক্স কোবাই ভাৰতক বিজয়ৰ মুখ দেখাব।

কিন্তু দুটা বলত জিকিবলৈ দুই ৰাণ থকাৰ সময়তে কাৰ্তিক আউট হয়। শ্বাহৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয়। কাৰ্তিকৰ পাছত আহে ৰবীচন্দ্ৰন অশ্বিন।

প্ৰচণ্ড চতুৰতাৰে অশ্বিনে নৱাজৰ অভাৰৰ পঞ্চম বলটো ৱাইড বল কৰে। মেচখন ড্ৰ হয়। জিকিবলৈ এক ৰাণ লাগে অথবা চুপাৰ অভাৰ।

শেষৰ বলটোত অশ্বিনে মিড অফত খেলে আৰু এক ৰাণ লোৱাৰ লগে লগে ইতিহাসৰ সৃষ্টি হয়। ভাৰতে বিজয়সাব্যষ্ট কৰে।

বিচিচিআইয়ে টুইটাৰত দিয়া শেহতীয়া এটা ভিডিঅত দেখা গৈছে যে কাৰ্তিকে অশ্বিনক চতুৰ বেটিং তথা মেচখন জিকোৱাৰ বাবে ধন্যবাদ জনাইছে।

''যোৱাকালি মোক বচোৱাৰ বাবে ধন্যবাদ।’’- অশ্বিনক উদ্যেশ্যি কাৰ্তিকে কয়।

ইয়াৰ দ্বাৰা কাৰ্তিকে কব বিচাৰিছে যে ভাৰতে কেনেবাকৈ মেচখনত হৰা হলে ক্ৰিকেটপ্ৰেমীসকলে তেওঁকেই দোষাৰোপ কৰিলেহেঁতেন। কিন্তু অশ্বিনে সেয়া হব নিদিলে।

উল্লেখ্য যে বৃহস্পতিবাৰে পুনৰ ভাৰতে খেলপথাৰত অৱতীৰ্ণ হব। চিডনী ক্ৰিকেট গ্ৰাউণ্ডত ভাৰতে মুখামুখি হব দুৰ্বল দল নেদাৰলেণ্ডৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক