--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ সতে মুখামুখি হব বিচাৰে পাকিস্তান৷ টি২০ বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাৰ পাছতে এই বক্তব্য প্ৰকাশ কৰিছে দলটোৰ উপদেষ্চটা মেথিউ হেডেনে৷

 

বিশ্বকাপৰ প্ৰথমখন চেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে বিজয়সাব্যষ্ট কৰাৰ পাছতে হেডেনে এই ভাষ্য প্ৰদান কৰিছে৷ তেওঁ কয় যে দুয়োখন দেশৰ সমৰ্থকসকলৰ কথা ভাবিয়ে তেওঁ এইদৰে কৈছে৷

 

উল্লেখ্য যে বিশ্বকাপৰ আৰম্ভণিতে পাকিস্তানে সুন্দৰ প্ৰদৰ্শন আগবঢ়াব পৰা নাছিল৷ কিন্তু পাছৰ পৰ্যায়ত দুৰ্দান্ত প্ৰদৰ্শন কৰি অৱশেষত ফাইনেলত উপনীত হৈছে৷

 

‘‘মই ভাবো আমি এতিয়াও শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব পৰা নাই৷ আশা কৰো ফাইনেলত সেইয়া দেখাব পাৰিম৷’’- হেডেনে কয়৷

 

‘‘আমি এটা বিপজ্জনক দল৷ পাকিস্তানৰ ক্ৰিকেটাৰসকলৰ খং উঠিলে দাঁত-নখ বাহিৰ কৰিলে বাকীসকল বিপদত পৰিব যাব৷’’- হেডেনে কয়৷

 

উল্লেখ্য যে কাইলৈ এডিলেইডত অনুষ্ঠিত হব লগা দ্বিতীয়খন ফাইনেলত ভাৰতে ইংলেণ্ডৰ সথে মুখামুখি হব৷ তাৰ আগমূহৰ্তত পাকিস্তানৰ তৰফৰ পৰা এই ভাষ্য প্ৰদান কৰাটো লক্ষ্যণীয় হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুলীয়াজানৰ তৈলখাদত লোহাৰ পাইপ খহি গাত পৰাত শ্ৰমিক কিৰণ গগৈৰ কৰুণ মৃত্যু
মাজবাটত একাংশ মুছলিমৰ কাণ্ডই লাজত পেলাইছে মুছলমান সমাজক! এনে ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ অনুষ্ঠিত সজাগতা সভা
ফলমূল,শাক-পাছলি, মাছৰ পৰা মৌলৈকে কি নাই! বোকাখাতত কৃষি বিপ্লৱৰ চমক প্ৰাক্তন নৌ সেনাৰ ডুবাৰু চম্পক ডেকাৰ
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ